Logo
image

নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো নিশ্চিতঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

'আমাৰ অসম’ৰ ৰূপহীহাটৰ প্ৰতিবেদক, ১৮ এপ্ৰিলঃ "নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত। নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ কোনোধৰণৰ গণভিত্তি নাই আৰু তেওঁ নগাঁৱৰ স্থায়ী প্ৰাৰ্থী নহয়।"- বৃহস্পতিবাৰে ৰূপহীহাটৰ গড়াজান খেলপথাৰত আয়োজন কৰা বিজেপিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰী পীয়ূষ হাজৰিকাই এইদৰে মন্তব্য কৰে। 

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই বুলি দাবী কৰে যে এইবেলি সংখ্যালঘু ভোটাৰৰ এক বৃহৎ অংশই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ অপ্ৰচাৰক নেওচি বিজেপিক সমৰ্থন দিব। কেন্দ্ৰৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি দোহাৰি পীয়ূষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিছে। বিজেপি চৰকাৰৰ কাৰ্যকালত সংখ্যালঘু ভোটাৰে ৰেচন কাৰ্ড, অৰুণোদয়কে ধৰি প্ৰতিটো কল্যাণকামী আঁচনিৰ জৰিয়তে উপকৃত হোৱা দাবী কৰে মন্ত্ৰী হাজৰিকাই৷ লগতে তেওঁ কয় যে পৰ্যায়ক্ৰমে চৰ-চাপৰিৰ ৰাইজেও মাটিৰ পট্টা লাভ কৰিব। 

মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত সংখ্যালঘু সম্প্ৰদায়ক তোষামোদৰ উপৰিও ভয়-ভাবুকি দেখুৱাই ভীতিগ্ৰস্ত কৰি ভোট বেংক সজাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মন্ত্ৰীজনে কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হ'ব আৰু বিৰোধীয়ে যিমানেই মৰ্চা গঠন নকৰক কিয়, কোনেও মোদীৰ বিজয় যাত্ৰাক বাধা দিবলৈ সাধ্য নাই। তেওঁ সভাত ভাষণ প্ৰসংগত উল্লেখ কৰে যে অসম উন্নয়নৰ পথত আগবাঢ়িবলৈ হ'লে ৰূপহীহাট, চামগুৰি , ধিং আৰু লাহৰীঘাটৰ উন্নয়ন হ'বই লাগিব। উক্ত সংকল্প সভাত বিধায়কদ্বয় জিতু গোস্বামী, নোমল মমিন, বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, পৰাজিত বিজেপি প্ৰাৰ্থী নাজিৰ হোছেইন, বিজেপিৰ আগশাৰীৰ নেতা আনোৱাৰ হোছেইন ওৰফে ডন, নগাঁও জিলা বিজেপিৰ সম্পাদক বিপ্লৱ কুমাৰ তৰফদাৰ উপস্থিত আছিল। ইপিনে আজি ৰূপহী ভকত গাঁও খেলপথাৰ আৰু গেৰুৱাটীত আয়োজিত সংকল্প সভাতো মন্ত্ৰী হাজৰিকাই ভাষণ দি সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায়।