Logo
image

ৰকিবুল হুছেইনক 'শিয়াল' আখ্যা আজমলৰ

'আমাৰ অসম'ৰ চামগুৰিৰ প্ৰতিবেদক, ১৮ এপ্ৰিলঃ  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মোৱামাৰীত বৃহস্পতিবাৰে নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে৷ চামগুৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত এইবাৰ ব্যতিক্ৰমী ৰূপত জাত-পাতৰ ৰাজনীতি কৰা পৰিলক্ষিত হয় এ আই ইউ ডি এফক। নগাঁও লোকসভা সমষ্টিৰ ১২ লাখ মুছলমান ভোটাৰক বদৰুদ্দিন আজমলে আমিনুল ইছলামক ভোট দিবলৈ মুকলিকৈ আহ্বান জনায়৷ 

নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামে কয় যে বেলেগ দলক মিঞা ভোট লাগে, কিন্তু মিঞা নেতা নালাগে। কিন্তু আজমল চাহাবে মিঞা ৰাইজৰ বাবে কেৱল মিঞা নেতা বিচাৰে। যিয়ে মিঞাসকলৰ সকলো সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব পাৰে৷ প্ৰদ্যুৎ বৰদলৈ আৰু  সুৰেশ বৰাৰ  প্ৰসংগ উত্থাপন কৰি আমিনুল ইছলামে আৰু কয় যে তেওঁলোকে এতিয়া টুপী পিন্ধি ৰাইজক দেখুৱাইছে৷ কিন্তু দুয়ো মিলি যিমান ভোট পাব, আমাৰ আচল টুপীৱালাই অকলে সিমান ভোট দি আমাক জয়যুক্ত কৰাব৷ এইবাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীক মিঞাই ভোট দি জয়যুক্ত কৰাব যে ই নিশ্চিত।

আনহাতে  বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনক কটাক্ষ কৰি কয়, "ৰকিবুল হুছেইন হৈছে এটা শিয়াল আৰু আমিনুল ইছলাম হৈছে এটা বাঘ৷ মই হৈছো বৰ বাঘ।" আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত এ আই ইউ ডি এফৰ বহু কেইজন নেতা উপস্থিত থাকে।