Logo
image

বিজেপিৰ দিনত তিনি গুণতকৈও অধিক বৃদ্ধি আজমলৰ সম্পত্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ এপ্ৰিলঃ ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ বিগত ১০ বছৰৰ কাৰ্যকালত বাস্তৱত ‘আচ্ছে দিন’ আহিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমললৈ৷ শুনিলে আচৰিত যেন লাগিলেও বিজেপি চৰকাৰৰ দিনত মৌলানা বদৰুদ্দিন আজমলৰ সম্পত্তি বৃদ্ধি পালে তিনি গুণতকৈ অধিক৷ ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কৰাৰ সময়ত বদৰুদ্দিন আজমলৰ মুঠ সম্পত্তি আছিল ৪৩ কোটি টকা৷ কিন্তু এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাংসদ বদৰুদ্দিন আজমলে বুধবাৰে নিৰ্বাচন আয়োগক দাখিল কৰা শতপনামাত বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ ১৫৫ কোটি টকা বুলি প্ৰকাশ কৰিছে৷ অৰ্থাৎ বিগত ১০ বছৰত আজমলৰ সম্পত্তি বৃদ্ধি পালে ১১২ কোটি টকা৷ মোদী চৰকাৰৰ বিগত ১০ বছৰত এআইইউডিএফৰ মুৰব্বীজনৰ সম্পত্তি বৃদ্ধিৰ হাৰ হৈছে তিনি গুণতকৈ অধিক৷ লক্ষণীয়ভাৱে ডুবাইৰ আগৰ ব্যৱসায়ৰ সৈতে জড়িত বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পাছতেই তেওঁৰ ব্যৱসায়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা সহযোগিতা লাভ কৰা বুলি মুকলিকৈ প্ৰকাশ কৰিছিল৷ পূৰ্বৰ দৰে আগৰ ব্যৱসায়ত থকা চৰকাৰৰ বাধা-নিষেধাজ্ঞা বিজেপি চৰকাৰে বহুখিনি শিথিল কৰি দিয়া বুলিও মন্তব্য কৰিছিল সাংসদজনে৷ বদৰুদ্দিন আজমলৰ সেই ভাষ্যৰ সত্যতা যেন প্ৰকাশ পাইছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত৷ আজমলে শপতনামাত প্ৰকাশ কৰা অনুসৰি তেওঁৰ মুঠ সম্পত্তি প্ৰায় ডেৰশ কোটি টকাৰ অধিক হ’লেও হাতত জমা থকা নগদ মাত্ৰ ২ লাখ ১৫ হাজাৰ টকা লৈয়ে এইবাৰৰ নিৰ্বাচনত নামিছে৷ আজমলৰ বেংকত জমা আছে ৪৮.২৩ লাখ টকা, বণ্ড তথা শ্বেয়াৰত বিনিয়োগ আছে প্ৰায় ১১ কোটি টকা, কোম্পানী আৰু ন্যাসত বিনিয়োগ আছে ১৫ কোটি টকা৷ ৯০ লাখ টকা মূল্যৰ ৯খন বিলাসী বাহনৰ মুৰব্বী আজমলৰ ১২ লাখ টকাৰ আ-অলংকাৰ আছে যদিও আশ্চৰ্যজনকভাৱে আজমলৰ পত্নীৰ নাই কোনো আ-অলংকাৰ৷ শপতনামাত প্ৰকাশ কৰা মতে আজমলৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৮.৩৪ কোটি টকা আৰু পত্নী ৰিজৱানা বদৰুদ্দিন আজমলৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫৪ লাখ টকা৷ একেদৰে বদৰুদ্দিন আজমলৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২৩ কোটি৷ আজমলৰ পত্নীৰ নামতো আছে ২.৪১ কোটি টকাৰ স্থাৱৰ সম্পত্তি৷ ইয়াৰ ভিতৰত আজমলৰ ৪২ লাখ টকা মূল্যৰ কৃষিভূমি ৬৬ কোটি টকা মূল্যৰ অ-কৃষিভূমি আৰু ৫৮ কোটিকা মূল্যৰ আৱাসিক অট্টালিকা আছে৷ লক্ষণীয়ভাৱে ২০০৯ চনত সাংসদ হিচাপে জয় লাভ কৰাৰ সময়ত বদৰুদ্দিন আজমলৰ সম্পত্তি আছিল ৩০ কোটি টকা আৰু ২০১৯ চনত সম্পত্তি আছিল ৭৮.৮০ কোটি টকা৷ ২০১৪ চনত কেন্দ্ৰত মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠনৰ পাছতেই সাংসদ বদৰুদ্দিন  আজমলৰ অস্বাভাৱিক হাৰত সম্পত্তি বৃদ্ধি পাব ধৰে৷ নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিগত ১০ বছৰীয়া কাৰ্যকালত আজমলৰ মুঠ সম্পত্তি ১১২ কোটি টকা বৃদ্ধি পালে যদিও বিগত ৫ বছৰতে সৰ্বাধিক ৭৬.২৭ কোটিটকা মূল্যৰ সম্পত্তি বৃদ্ধি পাইছে৷ অৱশ্যে আজমলৰ বিৰুদ্ধে ধৰ্মীয় বিষবাষ্প বিয়পোৱাৰ অভিযোগত কৰিমগঞ্জ থানাত এটা গোচৰ ৰুজু হৈ আছে৷  ইফালে, এইবাৰৰ নিৰ্বাচনত আজমলৰ পাছতেই দ্বিতীয়জন ধনী প্ৰাৰ্থী হিচাপে চিহ্নিত হৈছে এআইইউডিএফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰী৷ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চাহাবুল ইছলাম চৌধুৰীৰ মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তি হৈছে ৮৩ কোটি টকা৷