Logo
image

গৰমত সকাহৰ উপৰিও ৰক্তচালন নিয়ন্ত্ৰণ কৰে ডাবৰ পানীয়ে

ব’হাগ মাহ সোমোৱাৰ লগে লগে পথৰ কাষত বিক্ৰেতাই ডাব নাৰিকল লৈ গ্ৰাহকৰ বাবে অপেক্ষা কৰা দেখা যায়৷ উৎকট গৰমত মানুহে ডাবৰ পানী পান কৰি তৃষ্ণা নিবাৰণ কৰে৷ ডাবৰ পানীয়ে তৃষ্ণা দূৰ কৰাই নহয় শৰীৰৰো বিশেষ উপকাৰ সাধে৷ আহকচোন ডাবৰ পানীয় মানৱ শৰীৰৰ কি কি উপকাস সাধে তাৰেই উমান লওঁ৷
- ডাব নাৰিকলৰ পানীত থাকে পটাছিয়াম, ছডিয়াম, মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ৷ অতিৰিক্ত পৰিশ্ৰমৰ পাছত ক্লান্ত শৰীৰক সক্ৰিয় কৰাত অত্যন্ত প্ৰয়োজনীয় ডাবৰ পানী৷ ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এইবিধ পানীয় খুব উপকাৰী৷ ডাবৰ পানীয়ে পেট ঠাণ্ডা কৰি ৰাখে৷
- ডাবৰ পানীত কোনো ফেটজাতীয় পদাৰ্থ নাই৷ ফলত ওজন বৃদ্ধিৰ ক্ষেত্ৰত কোনো চিন্তা নাই৷ যি শৰীৰৰ ওজনক লৈ খুব চিন্তিত তেওঁলোকে ডাব নাৰিকলৰ পানী খাব পাৰে৷ 
- ডাবৰ পানীয়ে হাৰ্ট ভালেৰখাত বিশেষভাৱে সহায় কৰে৷ হাৰ্টৰ কোনো সমস্যা থাকিলে এইবিধ পানীয় খালে সুফল পাব৷
- ডাবৰ পানীত কেলছিয়াম থাকে৷ যি হাড়ৰ কাৰণে  অতি প্ৰয়োজনীয় উপাদান৷ ডাবৰ পানীত থকা মেগনেছিয়ামে হাড় ভালে ৰখাত সহায় কৰে৷
- ডায়েটত থকাসকলেও গ্ৰহণ কৰিব পাৰে ডাবৰ পানী৷ এইবিধ পানীয়ই শৰীৰৰ ক্লান্তি দূৰ কৰাৰ লগতে নানান সমস্যা দূৰ কৰাত সহায় কৰে৷