Logo
image

ঢৌহীন নিৰ্বাচন– শান্ত, নিস্পৃহ জনতা-গণতন্ত্ৰ

বিজেপি দল আৰু চৰকাৰৰ দাবী– পৃথিৱীত ভাৰতৰ সন্মান, প্ৰতিপত্তি বাঢ়িছে৷ ভাৰত বিশ্বগুৰুত পৰিণত হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে ভাৰতক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এই সন্মানজনক স্থানত বহুৱাইছে৷ আন্তঃৰাষ্ট্ৰীয় দপ্‌দপনিৰ বাবে গৌৰৱত বুকু ফুলি উঠা ভাৰতীয়ই এতিয়া আন্তঃৰাষ্ট্ৰীয় ফুটনি মাৰিব পাৰে৷ এই গৌৰৱেৰে গৰ্বিত ভাৰতীয়ই এতিয়া পুনৰ এবাৰ বিজেপিক ভোট দিব লাগে যাতে ভাৰতৰ নাগৰিকে তেনে আন্তঃৰাষ্ট্ৰীয় ফুটনি মাৰি থাকিব পাৰে৷ কোনবোৰ তথ্যৰ ভিত্তিত বিজেপি দল আৰু চৰকাৰে দাবী কৰিছে যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মান-সন্মান বাঢ়িছে? আচলতে কোনো তথ্যপাতিৰ প্ৰয়োজন নাই৷ ৰাজনীতি প্ৰধানকৈ ‘ধাৰণা’ গঢ়াৰ খেল আৰু এই ধাৰণাবোৰ একোটা ‘গল্প’, যিটো গল্প বা ধাৰণা বহুসংখ্যক মানুহে বিশ্বাস কৰিলে সি বাস্তৱত বা সত্যত পৰিণত হয়৷ এই গল্প বা ধাৰণাবোৰে বহু মানুহৰ সামূহিক কল্পিত বাস্তৱ গঢ়ি তোলে আৰু সি বাস্তৱৰ সমানেই শক্তিশালী হৈ পৰে৷ যদি ভাৰতৰ কোটি কোটি মানুহে ভাবে যে বিজেপি চৰকাৰৰ দিনত পৃথিৱীত ভাৰতৰ প্ৰতিপত্তি বাঢ়িছে, তেনেহ’লে সেই ধাৰণাটো বা গল্পটো তেনে কোটি কোটি মানুহৰ মনত বাস্তৱ আৰু সত্যত পৰিণত হয়৷ বিজেপি দল আৰু চৰকাৰে যোৱা দহ বছৰত এনেধৰণৰ ধাৰণা বা গল্পবোৰত বহু মানুহৰ বাবে বাস্তৱ সত্যত পৰিণত কৰা কাৰবাৰটোক যথেষ্ট সফলতাৰে কৰিছে৷ আৰু এইক্ষেত্ৰত ৰজাঘৰীয়া হৈ পৰা সংবাদ মাধ্যমে বিশেষ ভূমিকা পালন কৰিছে৷  বিজেপি দল, আৰ এছ এছ, ভাৰতৰ চৰকাৰ আৰু সংবাদ মাধ্যমৰ যুটিয়া প্ৰচেষ্টাত এই ধাৰণা বা গল্পসমূহ অন্ততঃ কিছু ভাৰতীয়ৰ বাবে বাস্তৱত পৰিণত হৈছে৷

বিজেপি দল আৰু চৰকাৰে  দাবী কৰা ধাৰণা বা গল্পবোৰক প্ৰত্যাহ্বান জনাই প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাছিল৷ কিন্তু সেই প্ৰশ্নসমূহ বিজেপিৰ গল্পসমূহৰ সমানে জনতাৰ ওচৰলৈ গৈ পোৱা নাছিল৷ ইয়াৰ ফলত বিজেপিৰ ধাৰণাৰ বিকল্প ধাৰণাবোৰ গঢ়ি উঠা নাছিল৷ কিন্তু শেহতীয়াকৈ হোৱা সমীক্ষাত দেখা গৈছে যে এই নিৰ্বাচনত ভাৰতৰ জনতাৰ বাবে আটাইতকৈ ডাঙৰ ইছ্যু হ’ল নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি৷ এফালে নতুন প্ৰজন্মৰ হাতত কাম নাই, আনফালে তেওঁলোকৰ ঘৰবোৰ মূল্যবৃদ্ধিৰে জুৰুলা৷ মাত্ৰ ২ শতাংশ মানুহৰ বাবেহে বিদেশত ভাৰতৰ প্ৰতিপত্তি বঢ়াটো এটা নিৰ্বাচনী ইছ্যু৷ অৰ্থাৎ সকলো প্ৰচেষ্টাৰ পাছতো বিজেপি দল আৰু চৰকাৰে তেওঁলোকে প্ৰতিষ্ঠা কৰা গল্পটোকে সকলো নাগৰিকৰ মনত বাস্তৱ বুলি প্ৰতিপন্ন কৰিব পৰা নাই৷ ভাৰতৰ অৱস্থা প্ৰকৃততে ‘বাহিৰত বৰ চুৰীয়াৰ ফেৰ, ভিতৰত ধকুৱাৰ বেৰ’ৰ দৰে এই ধাৰণাটোও এতিয়া যথেষ্ট শক্তিশালী৷ ইয়াৰ লগতে এইবাৰৰ নিৰ্বাচনত ভাৰত লাহে লাহে এখন স্বৈৰতান্ত্ৰিক দেশ হ’বলৈ আগবাঢ়িছে নেকি সেই প্ৰশ্নটোও গুৰুত্বসহকাৰে উত্থাপন হৈছে আৰু বহু নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ যি সময়ত বিজেপি দল আৰু চৰকাৰে ভাৰত বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হোৱা বুলি দাবী কৰিছে, সেই সময়ত পশ্চিমীয়া গণতান্ত্ৰিক দেশবোৰত এই কথা বহুলভাৱে আলোচনা হৈছে যে ভাৰত ইতিমধ্যে ইলেক্টৰেল অট’ক্ৰেচীত অৰ্থাৎ নিৰ্বাচিত স্বৈৰতন্ত্ৰত পৰিণত হৈছে৷

এইবাৰৰ নিৰ্বাচনটো আপাত দৃষ্টিত শান্ত৷ জনতাই বিশেষ উৎসাহ প্ৰদৰ্শন কৰা নাই৷ মোদী ঢৌ, হিন্দুত্বৰ ঢৌ, ৰাষ্ট্ৰবাদী ঢৌ নাই, বিজেপিৰ সপক্ষে ঢৌ নাই, কিন্তু একেদৰে বিজেপিৰ বিপক্ষে বা বিৰোধী দলৰ সপক্ষেও ঢৌ নাই৷ আপাত দৃষ্টিত জনতা শান্ত,  নিষ্পৃহ, উদাসীন৷ এই আপাত দৃষ্টিত শান্ত, নিষ্পৃহ, উদাসীন হৈ থকা জনতাই কাক ভোট দিব? তেওঁলোকৰ মনত কি ভাবে ক্ৰিয়া কৰি আছে? ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটদান হৈ গ’ল, উদাসীন হৈ থকা ভোটাৰৰ মনোভাবৰ একাংশ ইভিএম মেচিনত ইতিমধ্যে বন্দী হ’ল৷

কোনোধৰণৰ ঢৌ নথকা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে ভৱিষ্যদ্বাণী দূৰৰ কথা, ধাৰণা কৰাটোও দুৰুহ৷ জনসাধাৰণে নিজৰ মনোভাব প্ৰকাশ হ’বলৈ দিয়া নাই৷ তেওঁলোকে নীৰৱে ইভিএম মেচিনৰ বুটাম টিপি নিজৰ মনোভাব প্ৰকাশ কৰিছে৷ ভাৰতৰ নাগৰিকে স্বৈৰতান্ত্ৰিক প্ৰৱণতা পছন্দ কৰে নে নকৰে? ভাৰতৰ নাগৰিক সংস্থাপনৰ অভাৱ, মূল্যবৃদ্ধিৰ বাবে জুৰুলা হৈছে নেকি? নে ভাৰতৰ নাগৰিকৰ ভাত-কাপোৰৰ সমস্যা সমাধান হৈছে আৰু তেওঁলোক ভাৰত বিশ্বগুৰু হোৱাৰ গৌৰৱত বুকু ফুলাই আছে? প্ৰশ্নবোৰৰ উত্তৰ নাগৰিকে নিজৰ ভোটেৰে ইভিএম মেচিনত বন্দী কৰিবলৈ আৰম্ভ কৰিছে৷ 

এই ঢৌহীন নিৰ্বাচনটোৱেও গণতন্ত্ৰৰেই জয়গান গাইছে৷ যিমানেই ত্ৰুটীপূৰ্ণ নহওক কিয় গণতন্ত্ৰৰ যেতিয়ালৈ শান্তিপূৰ্ণ উপায়েৰে শাসক সলনি কৰাৰ ক্ষমতা থাকে, তেতিয়ালৈ ই আটাইতকৈ মানৱীয় শাসন ব্যৱস্থা হৈ থাকিব৷ গণতন্ত্ৰত কিছুমান মানুহক চিৰদিনলৈ মূৰ্খ সজাই ৰাখিব পাৰি, সকলো মানুহকে কিছুদিনলৈ মূৰ্খ সজাই ৰাখিব পাৰি, কিন্তু সকলো মানুহকে চিৰদিনলৈ মূৰ্খ সজাই ৰাখিব নোৱাৰি৷