Logo
image

১.৫ কেজিৰ পৰা ৫ কেজিলৈ... স্কুলবেগৰ সৰ্বাধিক ওজন নিৰ্ধাৰণ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ এপ্ৰিল : ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক কিতাপ তথা স্কুল বেগৰ বোজাই কোঙা কৰি পেলোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ কণ কণ শিক্ষাৰ্থীসকলক একাংশ বিদ্যালয় তথা শিক্ষকে অযথা কিতাপৰ বোজা বহন কৰিবলৈ বাধ্য কৰোৱাই আহিছে৷ ফলত অনিচ্ছা স্বত্বেও স্কুল বেগত জাপ জাপ কিতাপ-বহীলৈ কেঁকো-জেকোঁকৈ হ’লেও কণ কণ শিশুসকলে প্ৰতিদিনেই স্কুললৈ আহিবলগীয়া হৈছে৷ অভিভাৱকৰ আপত্তিৰ পাছতো একাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় কতৃৰ্পক্ষই ছাত্ৰ-ছাত্ৰীৰ ওপৰত এনেদৰে মানসিক-শাৰিৰীক হাৰাশাস্তি চলাই আহিছে৷ ১.৫ কেজিৰ পৰা ৫ কেজিলৈ... কিন্তু এতিয়াৰে পৰা কণ কণ ছাত্ৰ-ছাত্ৰীক কিতাপ-বহীৰ গধুৰ স্কুল বেগৰ বোজা জাপি দিব নোৱাৰিব কোনো বিদ্যালয়ে৷ স্কুলবেগত সৰ্বাধিক কিমান ওজনৰ কিতাপ, বহী বা আন শৈক্ষিক সামগ্ৰীৰ বোজা বহন কৰিব লাগিব তাক নিৰ্ধাৰণ কৰি দিছে শিক্ষা বিভাগে৷ শিক্ষা বিভাগে প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিদৰ্শকসকলক স্কুল বেগৰ ওজন নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ বিগত পহিলা এপ্ৰিলত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়াই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজনত গুৰুত্ব দিবলৈ কোৱা দেখা গৈছে৷ শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী অনুসৰি স্কুল বেগৰ সৰ্বাধিক ওজন ডেৰ কেজিৰ পৰা ৫ কেজিলৈ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ সৰ্বাধিক ওজন হ’ব লাগিব ১.৫ কেজিৰ ভিতৰত৷ একেদৰে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন হ’ব লাগিব ২-৩ কেজি৷ ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন ৪ কেজি, অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন সৰ্বাধিক ৪.৫ কেজি আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সৰ্বাধিক ওজন ৫ কেজি নিৰ্ধাৰণ কৰিছে৷ কোনো কাৰণতে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীক নিৰ্ধাৰিত ওজনতকৈ অধিক ওজনৰ কিতাপ, বহী তথা শৈক্ষিক সামগ্ৰী ভৰ্তি স্কুল বেগৰ বোজা ভৰিবলৈ বাধ্য কৰোৱাব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে৷ এই ক্ষেত্ৰত স্কুল বেগৰ বোজাৰ ওজন যিমান পাৰে সিমান হ্ৰাস কৰিবলৈ কোৱাৰ লগতে বিদ্যালয় পৰিদৰ্শকসকলক নিজেই ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি নিৰ্দেশনা উলংঘনকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে শিক্ষা বিভাগে ৬ বছৰৰ তলৰ কোনো শিশুকে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰোৱাব নোৱাৰিব বুলিও বিদ্যালয়সমূহলৈ নিৰ্দেশ দিছিল৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, একাংশ চৰকাৰী বিদ্যালয়ে নামভৰ্তি হাৰ বৃদ্ধিৰ নামত কম বয়সীয়া শিশুক প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাৰ লগতে আন একাংশ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰি অধিক লাভৰ আশাত ৪-৫ বছৰ বয়সৰ শিশুকো প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাৰ অভিযোগ আছে৷ ইয়াৰোপৰি ফুলকুমলীয়া শিশুসকলৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰি গধুৰ গধুৰ কিতাপ-বহী ভৰ্তি স্কুল বেগ পিঠিত লৈ ফুৰিবলৈ বাধ্য কৰোৱাইছে৷ যাৰ বাবে একাংশ অভিভাৱকে বাধ্যত পৰি সন্তানক পিঠিত লোৱা স্কুল বেগৰ পৰিৱৰ্তে ট্ৰলী বেগ কিনি দিয়াও দেখা গৈছে৷ এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক চৰকাৰে নাকী লগাব পাৰিবনে, সেয়া এতিয়া কোটিটকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে?