Logo
image

ঠায়ে ঠায়ে ইভিএম বিসংগতি, বিক্ষিপ্ত হিংসা

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ এপ্ৰিল: সীমাহীন বিসংগতি, ক্ৰুটি-বিচ্যুতি আৰু বিক্ষিপ্ত ঘটনাৰ মাজেৰে শুকুৰবাৰে ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন হয়৷ বহুকেইটা ভোটকেন্দ্ৰত ই ভি এম বিসংগতিৰ বাবে বহু পলমকৈ হয় ভোটগ্ৰহণ৷ টেঙাঘাত ই ভি এম মেছিন বিকল হোৱা বাবে এঘণ্টা পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়৷ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অমৰপুৰৰ এটা ভোটকেন্দ্ৰত ই ভি এম বিসংগতি আঁতৰ কৰিবলৈ যোৱা এটা কুইক ৰেচপনছ টীমৰ গাড়ী দেওপানী নৈৰ বাঢ়নী পানীত বুৰ যায়৷ জানিব পৰা মতে এই ভোট গ্ৰহণ কেন্দ্ৰৰ ইভিএম মেচিনৰ বিসংগতিৰ খবৰ পাই শদিয়াৰ পৰা এএছ-২৩ এএ-৯৪৩৩ নম্বৰৰ এখন বলেৰ’ গাড়ীৰে অমৰপুৰলৈ চালকসহ কুইক ৰেচপন টিমৰ এজন বিষয়াই যাত্ৰা কৰাৰ সময়ত দিবাং ঘাটৰ সমীপৰ দেওপানী নৈ পাৰ হোৱা অৱস্থাত হঠাতে বাঢ়ি অহা পানীত ডুব যোৱা বলেৰ’খন নৈ সোঁতে উটুৱাই নিয়ে৷ বাহনৰ পৰা চালকসহ বিষয়াজন কোনো মতে ওলাই আহিবলৈ সক্ষম হয়৷ অৱশ্যে কিছু সময় পাছতে এছডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জোনাইৰ কেইবাটাও ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাক লৈ ৰাইজৰ মাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়৷ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীত দুটা ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাক লৈ বহু সময় ধৰি বন্ধ ৰখা হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ সৰুপথাৰৰ এটা ভোটকেন্দ্ৰত এটাও ভোট নপৰিল৷ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১৯নং ভোটকেন্দ্ৰত ভোট দিবলৈ গৈ এগৰাকী মহিলাই দেখিলে যে তেওঁৰ নামত অজ্ঞাত লোকে দিছে পোষ্টেল ভোট৷

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: নগাঁৱত এগৰাকী মহিলাই নজনাকৈয়ে তেওঁৰ নামত ডাক যোগে ভোট দিয়া বুলি দেখুওৱাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷ আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ ৫৯ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ১৯ নম্বৰ ভোটকেন্দ্ৰত এই অভিযোগক লৈ খেলিমেলিৰ সৃষ্টি হয়৷ উল্লেখযোগ্য যে নমিতা দেৱী নামৰ এগৰাকী মহিলাই ভোটকেন্দ্ৰটোত পুৱাৰ ভাগত ভোট দিবলৈ গৈ দেখে যে তেওঁৰ নামৰ বিপৰীতে পোষ্টেল বেলট যোগে ভোট দিয়া দেখুওৱা আছে৷ ভোটাৰ শ্লিপত তেওঁৰ নামৰ বিপৰীতে PB চিহ্নটো আছে৷ মহিলাগৰাকীয়ে এইবিষয়ে ভোটকেন্দ্ৰটোৰ দ্বায়িত্বত থকা নিৰ্বাচনী বিষয়াজনক অৱগত কৰাত ইতিমধ্যে ভোট দিয়া নামৰ বিপৰীতে ভোট দিব নোৱাৰিব বুলি জনায়৷ এইবিষয়ে মহিলা গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ পাছত জিলা জনসংযোগ বিভাগৰ পৰা নমিতা দেৱীক যোগাযোগ কৰে৷ পৰবৰ্তী পৰ্যায়ত পোষ্টেল বেলটৰ দ্বায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়া মনোৰমা মৰাঙক যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে৷ জানিব পৰা মতে নমিতা দেৱী নামৰ মহিলাগৰাকীক কোনো নিৰ্বাচনী দ্বায়িত্ব প্ৰদান কৰা হোৱা নাছিল আৰু তেওঁ কোনো ধৰণৰ পোষ্টেল বেলটৰ বাবে প্ৰপত্ৰও পূৰণ কৰা নাছিল৷ পিছত মহিলা গৰাকীৰ নামত ভুলক্ৰমে ভোট দিয়া দেখুওৱাটো প্ৰমাণিত হয় আৰু মহিলা গৰাকীক ভোট প্ৰদান কৰিবলৈ দিয়া হয়৷ 

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদক : দহ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বুঢ়মপুৰ বিধান সভা সমষ্টিৰ ১২২ নং পটীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ত ভোটকেন্দ্ৰত প্ৰায় একাংশই ভোটদান কৰিব নোৱাৰাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰে৷  নিজৰ ভোটাধিকাৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি ক্ষোভিত হৈ পৰে এই অঞ্চলৰ একাংশ ভোটাৰ৷ ক্ষোভিত একাংশ ৰাইজৰ ভোটকেন্দ্ৰটোৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ ভোটগ্ৰহণ কৰিবলৈ অহা বিষয়াৰ লেহেমীয়া কামৰ বাবেই ভোট দিয়াৰ পৰা বঞ্চিত হোৱা বুলি একাংশ ভোটাৰ ৰাইজৰ অভিযোগ৷ ইফালে সন্ধ্যা পাঁচ বজাৰ লগে লগে ভোটাৰ শ্লীপ প্ৰদান কৰা লোকক নিৰাপত্তা ৰক্ষীয়ে ভোট কেন্দ্ৰত প্ৰবেশ কৰিবলৈ নিদিয়াৰ বাবে এই উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়৷ পুৱা ইভিএমৰ বিসংগতিৰ বাবেই প্ৰায় দুঘণ্টামান পলমকৈ এই কেন্দ্ৰটোত ভোট গ্ৰহণ আৰম্ভ হৈছিল৷ সাম্প্ৰতি ভোটাৰ শাৰীত তিনি শতাধিক লোক ভোটদান কৰিবলৈ থিয় হৈ আছে৷  ঘটনাস্থলীত আৰক্ষী প্ৰশাষণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ পূৰ্বৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত অতি স্পৰ্শকাতৰ বুলি চিনাক্ত এই ভোটকেন্দ্ৰটোত মুঠ ১২১৫জন ভোটাৰ আছে৷ ভোট কেন্দ্ৰটোত নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৱেৱ কাষ্টিংৰ ব্যৱস্থা কৰা হৈছে৷ 

 ‘আমাৰ অসমৰ ডবকাৰ প্ৰতিবেদক : কেইবা ঠাইত ইডিএম বিকল হৈ দহ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত হোজাই জিলাৰ তিনি বিধান সভা ক্ৰমে বিন্নাকান্দি, হোজাই আৰু লামডিংত পুৱা সাত বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়৷ ভোট গ্ৰহণৰ আৰম্ভণিতে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিন্নাকান্দি বিধানসভাৰ ৯৯ নং পূৱজাৰুণী এম ই স্কুল কেন্দ্ৰ আৰু নিজ ডবকা এল পি স্কুলৰ ৪০নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিত্ৰম মেচিন বিকল হোৱাত কিছু পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়৷ ঠিক তেনেদৰে হোজাই বিধান সভা সমষ্টিৰ ৫৯, ৬৮ আৰু এশ নম্বৰ ভোট কেন্দ্ৰৰ ইভিএম বিকল হোৱাত কিছু সময়ৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰভাষা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ এশ নম্বৰ ভোট কেন্দ্ৰত হোজাইৰ বিধায়ক ৰাম কৃষ্ণ ঘোষে ভোটদান কৰাৰ আগে আগে ই ভি এম মেছিন বিকল হৈ পৰিছিল৷ 

‘আমাৰ অসম’ৰ জামুগুৰিহাটৰ প্ৰতিবেদক : শোণিতপুৰ লোক সভাৰ নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত পাঁচমাইলৰ মকুৱা প্ৰাথমিক বিদ্যালয়ৰ ২১৬ নং বিহিয়া গাওঁ ভোটকেন্দ্ৰত আজি এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হয়৷ ভোটকেন্দ্ৰটোত কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰি থকা দুজন ব্যক্তিক লৈ সৃষ্টি হয় হূলস্থূলীয়া পৰিৱেশ৷ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া৷ পাচত ভোটাৰ ৰাইজৰ অভিযোগৰ ভিত্তিত ভোটকেন্দ্ৰটোত নিয়োজিত মুচকান বেগম আৰু ছাইফুল ইছলাম নামৰ দুয়োজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ঘটনাৰ বিৱৰণী অনুযায়ী ভোটকেন্দ্ৰটোত মুচকান বেগম আৰু ছাইফুল ইছলাম নামৰ ব্যক্তি দুগৰাকীয়ে ভোটকেন্দ্ৰত সোমাই ভোটাৰ ৰাইজক কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰি থাকোঁতেই একাংশ ৰাইজ উত্তেজিত হৈ পৰে৷ ব্যক্তি দুগৰাকীয়ে সহজ সৰল ভোটাৰ সকলক হাতৰ চিনত ভোট দিবলৈ প্ৰৰোচিত কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰি একাংশ ৰাইজ উত্তেজিত পৰে৷ পাচত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে৷

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ [আমাৰ অসম] : বতৰৰ সেমেকা আৰু ডাৱৰীয়া পৰিৱেশত আজি পুৱা জ্জ বজাৰ পৰা শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰ সমূহত ভোট গ্ৰহণ আৰম্ভ হয়৷ আজি পুৱা সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলে ভোট গ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে৷ পুৱাৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী দেখা যায়৷ পুৱাৰ ভাগত ভোট দানৰ হাৰ কম আছিল যদিও বিয়লি ভাগলৈ ভোট দানৰ হাৰ বৃদ্ধি পায়৷ শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত ভোট গ্ৰহণ কেন্দ্ৰ সমূহত স্থানীয় ৰাইজে নিৰ্বাচন বিভাগক পূৰ্ণ সহযোগিতা কৰা দেখা যায়৷ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল হোৱা আৰু কংগ্ৰেছ দলৰ সমৰ্থকক বিজেপি দলৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ পোৱা গৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি, শিৱসাগৰ বিধান সভা সমষ্টিৰ ১৫৬ নং ধাই আলি মধ্য ইংৰাজী বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত প্ৰায় ৰ ঘণ্টা ২০ মিনিট সময় ই ভি এম মেচিন বিকল হৈ পৰে৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিকল হৈ থকাৰ বাবে ভালেসংখ্যক ভোটাৰ বহু সময় ধৰি থিয় হৈ থাকিব নোৱাৰাৰ বাবে ভোটদান নকৰাকৈয়ে বিমুখ মনেৰে ঘৰলৈ উভতি যাবলগীয়া হ’ল৷  আনহাতে, শিৱসাগৰ নগৰৰ বি জি ৰোডৰ টেকনিকেল স্কুল ভোট গ্ৰহণ কেন্দ্ৰ প্ৰাঙ্গনত এজন কংগ্ৰেছ কৰ্মীক এজন বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে৷ এই ঘটনাক লৈ আঘাত প্ৰাপ্ত কংগ্ৰেছ কৰ্মী জনে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আন এক অভিযোগ অনুসৰি, শিৱসাগৰৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত মৃত ব্যক্তিৰ নামত আন ব্যক্তিয়ে ভোটদান কৰিছে৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰি বাহিৰলৈ ওলাই অহা ভোটাৰক বিষয়াই পুনৰ ভোটদান কৰিবলৈ ভিতৰলৈ মাতি নিয়া কাৰ্যক লৈও ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ ভোট গ্ৰহণ কেন্দ্ৰ টোত সন্দেহ জনক পুৰুষ মহিলাৰ উপস্থিতিক লৈও ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ 

‘আমাৰ অসম’ৰ মৰাণৰ প্ৰতিবেদক : ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধান সভা সমষ্টিৰ মৰাণৰ নিকটৱৰ্তী ডোমৰদলং মজলীয়া বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত এজন ভোটাৰে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হোৱাত কেন্দ্ৰটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ডোমৰ দলং নিবাসী লিকিন কুৰ্মী নামৰ লোকজনে ভোটদান কৰিবলৈ আহি ভোটাৰ তালিকাত নিজৰ নাম নেদেখি হতবাক হৈ পৰে৷ এই ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াই লিকিন কুৰ্মী নামৰ ব্যক্তিজন মৃত বুলি কোৱাত উপায়হীন হৈ পৰে৷ ভোটাৰ ৰাইজে উক্ত ঘটনাক তীব্ৰ সমালোচনা কৰিছে 

‘আমাৰ অসম’ৰ নামতিদলৰ প্ৰতিবেদক : আজি সম্পন্ন হোৱা লোকসভা নিৰ্বাচন নামতিত শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈ যায়৷ ইভিএমৰ সৰু সুৰা বিজুতিৰ বাদে ইয়াৰ কোনো এটা ভোট কেন্দ্ৰত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই৷ ২০৭ নং লোণপুৰীয়া প্ৰাথমিক বিদ্যালয় কেন্দ্ৰৰ ইভিএম মেচিন বিকল হৈ পৰাত ডেৰ ঘণ্টা পলমকৈ ভোট গ্ৰহণ কাৰ্য আৰম্ভ কৰিব লগা হয়৷ ইফালে শিৱসাগৰ বিধান সভা সমষ্টিৰ ২৪৭ নং বেলিমুখীয়া এম ই স্কুল ভোট গ্ৰহণ কেন্দ্ৰৰ ইভিএম মেচিন বিকল হোৱাৰ কাৰণে এক ঘণ্টা পলমকৈ ভোট গ্ৰহণ কৰিব লগা হয়৷ এই কেন্দ্ৰটোত মক প’ল কাৰ্যতো বিসঙ্গতি হোৱাত পৰিস্থিতি কিছু উত্তেজনা পূৰ্ণ হয় যদিও পাছত শাম কাতে৷ কৰুণাকান্ত গগৈ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত নিয়োজিত বিষয়াসকলৰ অজ্ঞতাৰ বাবে ইভিএম মেচিন সক্ৰিয় কৰিব নোৱাৰাত ভোট গ্ৰহণ এক ঘণ্টা পলমকৈ ল’ব লগা হয়৷ ইফালে ২৪৫ নং খৰাগড় প্ৰাথমিক বিদ্যিলয় কেন্দ্ৰত সন্ধিয়া ৮ বজালৈ ভোট গ্ৰহণ কাৰ্য সমাপ্ত হয়৷ 

‘আমাৰ অসম’ৰ সৰুপথাৰৰ বিশেষ প্ৰতিবেদক : ৰাজ্যৰ কেবাটাও লোকসভা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধান সভা সমষ্টিতো আজি পুৱা ৭ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয়৷ অৱশ্যে সমষ্টিটোৰ কেইটামান ভোট গ্ৰহণ কেন্দ্ৰত ভোটিং মেচিনৰ বিজুতি হোৱাত কিছু পলমকৈ ভোট গ্ৰহণ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে৷ সৰুপথাৰ বিধান সভা সমষ্টিত এইবাৰ মুঠ ভোটাৰ সংখ্যা হ’লৰ, ৯৩, ৭০০ গৰাকী৷ ইয়াৰে ৯৭, ১৭০ গৰাকী পুৰুষ আৰু ৯৬৫২৭ গৰাকী মহিলা৷ সমষ্টিটোৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ এ’ ছেক্টৰত অৱস্থিত ইহেখু মেম’ৰিয়েল স্কুলৰ ২০৫ নং ভোট গ্ৰহণ কেন্দ্ৰত আজি এটাও ভোট নপৰিল৷ জানিব পৰা মতে সৰ্বমুঠ ২৫ গৰাকী ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰটোত বিগত সময়বোৰত অনুষ্ঠিত বিধান সভা আৰু লোকসভা নিৰ্বাচন সমূহতো এটাও ভোট পৰা নাই৷ বিগত বহু বছৰ ধৰি বৰ্তমানলৈকে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত ২৫ গৰাকী ভোটাৰে সীমাবদ্ধ হৈ আছে৷ কেন্দ্ৰটোত সৰ্বমুঠ ২৫ গৰাকী ভোটাৰ থকা পিছতো কিহৰ কাৰণে ভোটাৰ সকলে ভোটদান সাব্যস্ত নকৰে তাক আজিও জানিব পৰা হোৱা নাই৷ 

বৰহাটৰ হালোৱাত ই ভি এম বিকল

‘আমাৰ অসম’ৰ সাপেখাতীৰ প্ৰতিবেদক : যোৰহাট লোকসভা সমষ্টিৰ বাবে আজি হোৱা নিৰ্বাচনত বৰহাটৰ হালোৱা প্ৰাথমিক বিদ্যালয়ত ৩৬ নং ভোট কেন্দ্ৰৰ ই ভি এম কিছু সময়ৰ বাবে বিকল হয়৷ পিছত ই ভি এম এম ঠিক কৰা হয়৷ 

‘আমাৰ অসম’ৰ জোনাই আৰু চিমেন চাপৰিৰ প্ৰতিবেদক : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই সমষ্টিত আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চিলাপথাৰ অঞ্চলৰ কেইবাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাত ভোটাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ডিমৌ বালি জনজাতি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ নং ১৮০ত পুৱা ২৪১জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছৰে পৰা ইভিএম বিকল হোৱাত প্ৰায় দুঘণ্টা সময় ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হয় ভোটাৰ ৰাইজ৷ আনহাতে চেঙাজান বালি এল পি স্কুল কেন্দ্ৰ নং ১৫৩তো ডেৰঘণ্টা ধৰি বিকল হয় ইভিএম৷ ইফালে ৮নং বাহিৰ চিলে ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাত প্ৰায় এঘণ্টা পলমকৈ, ৪৪নং কাৰ্দচুক প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত তিনি ঘণ্টা, ৬৭নং অমৰপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ডেৰঘণ্টা আৰু ৩৪নং ৰায়াং কুলি প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰত প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ হয় ভোটদান কাৰ্য৷ পাছত প্ৰশাসনৰ তৎপৰতাত ভোটিং মেচিনসমূহ মেৰামতি কৰা হয়৷

আমাৰ অসম’ৰ কামপুৰৰ প্ৰতিবেদক : নগাঁও জিলাৰ ১০ নং কাজিৰঙা সমষ্টিৰ অন্তৰ্গত কঠীয়াতলি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হয়, ফলত প্ৰায় ২ ঘণ্টা সময় ধৰি বন্ধ হৈ পৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া৷ নতুন ই ভি এম যোগান ধৰাৰ পাছত পুনৰ আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া৷ শাৰী পাতি ৰৈ থাকে ভোটাৰ ৰাইজ৷ আনহাতে নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৩৪ নং ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ই ভি এম বিকল হৈ পৰে৷ প্ৰায় ১-৩০ ঘণ্টা সময় ধৰি বন্ধ হৈ পৰে ভোট গ্ৰহণ৷ নতুন ই ভি এম যোগান ধৰাৰ পাচত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়৷