Logo
image

ডিব্ৰুগড়-যোৰহাটত হিলদ’ল ভাঙি ভোট দিলে যুৱপ্ৰজন্ময়ো

আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্ৰিল : ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসমত সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হয়৷ প্ৰথম পৰ্যায়ত আজি উজনি অসমৰ যোৰহাট, ডিব্ৰুগড় আৰু কাজিৰঙা লোকসভা সমষ্টিত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাদে ভোটগ্ৰহণ পৰ্বত বিশেষ সমস্যাৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা নাই৷ ইফালে আজি পুৱাৰে পৰা বতৰ সেমেকা হৈ থকাত ৰাইজে উৎসাহ-উদ্দীপনাৰে ভোটদান কৰিবলৈ ওলাই আহে৷ বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত যুৱ প্ৰজন্ম হিলদ’ল ভাঙি ভোট দিবলৈ ওলাই অহা দেখা যায়৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে, ডিব্ৰুগড় লোকসভা সমষ্টিত ৭১.০৫শতাংশ, যোৰহাট লোকসভা সমষ্টিত ৭৭.৯৬শতাংশ আৰু কাজিৰঙা লোকসভা সমষ্টিত ৭১.৫০শতাংশ ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে৷ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টা আগৰে পৰা অৰ্থাৎ পুৱা ৬ বজাৰ পৰাই ভোটাৰে দীঘলীয়া শাৰী পাতে৷ সমষ্টিটোৰ গ্ৰামাঞ্চলৰ লগতে নগৰ আৰু চাহ বাগিছাৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰসমূহতো আজি দিনটো ভোটাৰৰ উৎসাহ পৰিলক্ষিত হয়৷ যোৰহাট, টীয়ক, মৰিয়নি, নাজিৰা, শিৱসাগৰ বিধানসভা সমষ্টি পৰ্যবেক্ষণ কৰি সকলো সমষ্টিতে ভোটাৰৰ উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়৷ আনকি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬৩নং ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়া ৮ বজা পৰ্যন্ত ভোটদান প্ৰক্ৰিয়া অব্যাহত থকাৰ বাতৰি পোৱা গৈছে৷ কাজেই এইবাৰ যোৰহাট লোকসভা সমষ্টিত পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ বৃদ্ধি পায়৷ সপ্তদশ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত ৭৭.৫৭ শতাংশ ভোটদানৰ বিপৰীতে এইবাৰ বাতৰি লিখা পৰ্যন্ত ৭৭.৯৬ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে৷ এই বাতৰি লিখা পৰ্যন্ত যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত যোৰহাট বিধানসভা সমষ্টিত ৭৩.৩৯শতাংশ আৰু টীয়ক বিধানসভা সমষ্টিত ৭৬.০৯ শতাংশ ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে৷ তেনেদৰে তিতাবৰ বিধানসভা সমষ্টি এলেকাত সৰ্বাধিক ৮১.১৬শতাংশ আৰু আৰু মাজুলী বিধানসভা সমষ্টিত ৮১.০১ শতাংশ ভোটদানৰ বাতৰি পোৱা গৈছে৷ আনহাতে, মৰিয়নি বিধানসভা সমষ্টিত ৭৭.৬৮শতাংশ, শিৱসাগৰ বিধানসভা সমষ্টিত ৭৯.১২শতাংশ, ডিমৌত ৮০.৯২শতাংশ, মাহমৰাত ৭৭.৮৬শতাংশ, সোণাৰিত ৭৫.২৭শতাংশ আৰু নাজিৰাত ৭৩.৫০শতাংশ ভোটদানৰ তথ্য পোৱা গৈছে৷ অৱশ্যে এই হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি নিৰ্বাচন বিভাগৰ সূত্ৰসমূহে সদৰী কৰিছে৷

বৰভেটা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিসংগতি

যোৰহাট বিধানসভা অন্তৰ্গত বৰভেটা প্ৰাথমিক বিদ্যালয়ত অৱস্থিত ১৩নং ভোটগ্ৰহণ কেন্দ্ৰত আজি বিয়লি ইভিএমৰ বিজুটি হোৱাত ছজন ভোটাৰে পৃথক ইভিএমত ভোটদান কৰিবলগীয়া হয়৷ জানিব পৰা মতে কেন্দ্ৰটোত ৭৫৮জন ভোটাৰে ভোটদান কৰাৰ পাছত ইভিএমটো অকামিলা হৈ পৰে৷ তেতিয়ালৈ কেন্দ্ৰটোৰ ছজন ভোটাৰে ভোট দিবলৈ শাৰী পাতি আছিল৷ এনে অৱস্থাত কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াই পৃথক এটা ইভিএম-ৰ ব্যৱস্থা কৰি অৱশিষ্ট ভোটাৰকেইজনক ভোটদান কৰোৱায়৷ ইফালে বৰভেটা হাইস্কুলত অৱস্থিত ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱাৰ ভাগত ভোটগ্ৰহণ কেন্দ্ৰটোত এগৰাকী মহিলাই বৃদ্ধ-বৃদ্ধা ভোটাৰক ভোটদিবলৈ সহায় কৰাৰ ছলেৰে বিজেপিৰ প্ৰতীক চিহ্নত আঙুলি লগাই ভোটদান কৰোৱাৰ অভিযোগ উঠিছে৷ অৱশ্যে, এই সম্পৰ্কত কংগ্ৰেছ দলৰ পৰা কোনো অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা নাই৷

ডিব্ৰুগড়ত আগৰবাৰতকৈ ভোটদান কম হোৱাৰ সম্ভাৱনা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ব্যাপক বিসংগতিৰ মাজেৰে ডিব্ৰুগড়ত সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ ই ভি এম মেচিনৰ বিসংগতি তথা লেহেমীয়া গতিৰ বাবে ডিব্ৰুগড় সংসদীয় সমষ্টিত হ্ৰাস পালে ভোটদানৰ হাৰ৷ এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ ৭১.০৫ শতাংশ৷ অন্যহাতে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৭.২৮ শতাংশ৷ উল্লেখ্য, এইবাৰ ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত ভোটদানৰ ক্ষেত্ৰত যুৱপ্ৰজন্মৰ বিশেষ উছাহ পৰিলক্ষিত হয়৷ প্ৰথমবাৰৰ কাৰণে ভোট দিয়াৰ সুযোগ পোৱা আৰু ৩৫ বছৰৰ তলৰ বহু ভোটাৰ হিলদ’ল ভাঙি ভোট দিবলৈ আহিল ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰলৈ৷ আজি পুৱাৰ ভাগত ডিব্ৰুগড়ৰ ছটা বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈ পৰে৷ খোৱাং সমষ্টিৰ লেজাই পানীমিৰী গাঁৱৰ ভোটকেন্দ্ৰটোত প্ৰায় ৰ ঘণ্টা সময় ধৰি বিকল হৈ পৰে ই ভি এম৷ সেইদৰে ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টি ঔষধালয় ভোটগ্ৰহণ কেন্দ্ৰত আজি দুবাৰকৈ ই ভি এম বিকল হৈ পৰাত ভোটাৰসকলৰ মাজত হাহাকাৰ লাগে৷ ঘণ্টা সময় ধৰি শাৰী পাতিবলগীয়া হয় ভোটাৰসকলে৷ ইফালে সন্ধিয়া প্ৰায় ৫ বজালৈকে ই ভি এমৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত লেহেমীয়া হোৱাৰ বাবে চৌকিডিংগি ইনড’ৰ ষ্টেডিয়ামৰ ভোটগ্ৰহণ কেন্দ্ৰত তিনিশৰো অধিক ভোটাৰে শাৰী পাতিবলগীয়া হয়৷ ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিত সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ চাবুৱা-লাহোৱাল সমষ্টিত ৭৪.৮০ শতাংশ, ডিব্ৰুগড়ত ৭১.৫০ শতাংশ, ডিগবৈত ৬৮.৭৩ শতাংশ, দুলীয়াজানত ৬৯.১২ শতাংশ, খোৱাঙত ৭১.১০ শতাংশ, মাকুমত ৬৯.৫২ শতাংশ, মাৰ্ঘেৰিটাত ৭৩.০৮ শতাংশ, নাহৰকটীয়াত ৭২.৫০ শতাংশ, টিংখাঙত ৭২.৫০ শতাংশ আৰু তিনিচুকীয়াত ভোটদানৰ হাৰ হ’ল ৬৭.২৯ শতাংশ৷ ই ভি এমৰ বিসংগতি হ’লেও সমষ্টিটোত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হয়৷ ডিব্ৰুগড় জিলাত আজি ১২১ৰটা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ ইয়াৰে চাবুৱা-লাহোৱাল সমষ্টিত ২০৫টা, ডিব্ৰুগড়ত ২২০টা, খোৱাঙত ১৮৮টা, দুলীয়াজানত ২০১টা, টিংখাঙত ২০৬টা আৰু নাহৰকটীয়াত ১৯১টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ ইফালে চাবুৱা-লাহোৱাল সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ নং ১৩০ চাবুৱা ডি ডি আৰ মহাবিদ্যালয় কেন্দ্ৰ নং ২ [উত্তৰ], ডিব্ৰুগড়ত ভোটগ্ৰহণ কেন্দ্ৰ নং ৮৪ কানৈ মহাবিদ্যালয় [উত্তৰ], খোৱাং বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ নং ১৮ গান্ধীজী বিদ্যামন্দিৰ, দুলীয়াজান বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ নং ৯ টেঙাখাট উচ্ছ মাধ্যমিক বিদ্যালয় [উত্তৰ], টিংখাং বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ নং ১৪৭ ৰাজগড় উচ্ছ মাধ্যমিক বিদ্যালয় [মধ্য] আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ নং ৯৩ নাহৰকটীয়া নিউ হাইস্কুল চেণ্টাৰ নং ৩ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে৷ আনহাতে, ডিব্ৰুগড় নিৰ্বাচনী জিলাত আটাইতকৈ কম ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৯০নং দুলীয়াজান বিধানসভা সমষ্টিৰ ৪নং চৰাইচুঙী নবোদয় নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ৷ এই কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা হৈছে ১৫৯জন৷ আটাইতকৈ বেছি ভোটাৰ থকা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ৫৫ নং জালান নগৰ ৰিফিউজী নিম্ন প্ৰাথমিক বিদ্যালয় [মধ্য]৷ এই ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪১৯ জন৷ ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছিল৷

ডিব্ৰুগড়ত সোণোৱাল-ধানোৱাৰৰ ভোটদান

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : লোকসভা নিৰ্বাচনক লৈ অধিক আত্মবিশ্বাসী কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিছে৷ ডিব্ৰুগড় চহৰৰ চৌকিডিঙিৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী সোণোৱালে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১৫ বছৰৰ পিছত সাধাৰণ নিৰ্বাচনত নিজকে ভোট দিবলৈ পাই অতিকৈ সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰে৷ একেদৰে গণতন্ত্ৰৰ উৎসৱত ৰাইজৰ উৎসাহে অধিক আত্মবিশ্বাসী কৰি তোলা বুলি মন্তব্য কৰিছে তেওঁ৷ ইফালে পূৰ্বতকৈ বিজেপিৰ ফলাফল অধিক আশাদায়ক হ’ব বুলি মন্তব্য কৰিছে সোণোৱালে৷ অন্যহাতে আজি দাইনিজান প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিলে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে৷ সপত্নীক বাসগৃহৰ সমীপৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি ধানোৱাৰে ডিব্ৰুগড়ত আপৰ জয় নিশ্চিত বুলি উল্লেখ কৰি ডিব্ৰুগড়ৰ ৰাইজে এইবাৰ উন্নয়নৰ বাবে আপক ভোট দিব বুলিও উল্লেখ কৰে৷ আজি তিনিচুকীয়াৰ লাইপুলি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৩১ নং ভোটগ্ৰহণ কেন্দ্ৰত লুৰীণজ্যোতি গগৈ, দুলীয়াজানৰ তিপলিংঘাট হাইস্কুলৰ ১৭৮ নং ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, খনীয়া গাঁৱৰ সোণালী সংঘৰ ১৫০নং ভোটকেন্দ্ৰত বিধায়ক প্ৰশান্ত ফুকন, মৰাণ কলেজৰ ৪৫নং ভোটকেন্দ্ৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷