Logo
image

আই পি এলত ২৫০সংখ্যক খেলত একাধিক ৰেকৰ্ড ৰোহিত শৰ্মাৰ

মুল্লানপুৰ, ২০ এপ্ৰিল : আই পি এলৰ চলিত ছীজনৰ ৩৩সংখ্যক খেলত বৃহস্পতিবাৰে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে পঞ্জাব কিংছক ৯ ৰানত পৰাস্ত কৰি তৃতীয় জয় সাব্যস্ত কৰে৷ প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে সাত উইকেটত ১৯২ ৰান সংগ্ৰহ কৰাৰ পাছত পঞ্জাব কিংছে ১৮.ৰ অভাৰত ১৮৩ ৰানত সকলো উইকেট হেৰুৱাইছিল৷ বৃহস্পতিবাৰৰ খেলখন আছিল মুম্বাই ইণ্ডিায়নছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ আই পি এলৰ ২৫০সংখ্যক খেল আৰু সেই খেলখনতে তেওঁ একাধিক ৰেকৰ্ডৰ অধিকাৰী হয়৷ উল্লেখ্য, আই পি এলৰ ২৫০ বা ততোধিক খেল খেলা ৰোহিত শৰ্মা হৈছে দ্বিতীয়জন ক্ৰিকেটাৰ৷ তেওঁৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী হৈছিল চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি৷ আই পি এলৰ চলিত ছীজনতে আৰু দুজন ক্ৰিকেটাৰে ২৫০সংখ্যক খেল সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে৷ তেওঁলোক হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দীনেশ কাৰ্তিক [২৪৯] আৰু বিৰাট কোহলি [২৪৪]৷ পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত ২৫টা বলত তিনিটা ‘ছিক্স’ আৰু দুটা ‘চাৰি’ৰে ৩৬ ৰান সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই৷ এইদৰে তেওঁ আই পি এলত ৬,৫০০ ৰানো সম্পূৰ্ণ কৰে৷ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত ৰোহিত শৰ্মা [৬৫০৮] আছে চতুৰ্থ স্থানত৷ প্ৰথম তিনিটা স্থানত আছে ক্ৰমে বিৰাট কোহলি [৭৬২৪], শিখৰ ধৱন [৬৭৬৯] আৰু ডেভিড ৱাৰ্নাৰ [৬৫৬৩]৷

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ছিক্সাৰ মৰাৰ ৰেকৰ্ডৰো অধিকাৰী হৈছে ৰোহিত শৰ্মা৷ বৃহস্পতিবাৰৰ খেলখন আছিল মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত ৰোহিত শৰ্মাৰ ২০৫সংখ্যক খেল৷ খেলখনত কোবোৱা তিনিটা ছিক্সাৰেৰে মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত প্ৰাক্তন অধিনায়কজনৰ মুঠ ছিক্সাৰৰ সংখ্যা হয়গৈ ২২৪টা৷ এইদৰে তেওঁ কাইৰন পোলাৰ্ডক অতিক্ৰমী যায়৷ মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমানৰ বেটিং প্ৰশিক্ষক পোলাৰ্ডে দলটোৰ হৈ  আই পি এলত কোবাইছিল ২২৩টা ছিক্সাৰ৷ পোলাৰ্ডৰ পাছত আছে ক্ৰমে হাৰ্দিক পাণ্ডিয়া [১০৪টা], ঈশান কিষাণ [১০৩টা] আৰু সূৰ্যকুমাৰ যাদৱ [৯৭টা]৷ উল্লেখ্য, আই পি এলত মুঠ ছিক্সাৰৰ কথা উল্লেখ কৰা হ’লে  দেখা যায় যে ৰোহিত শৰ্মাৰ নামত আছে ২৭৫টা ছিক্সাৰ৷ ক্ৰিকেটাৰজনে আই পি এলৰ প্ৰথম তিনিটা ছীজনত খেলিছিল ডেক্কান চাজাৰ্ছৰ হৈ৷ আই পি এলত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটাৰৰ তালিকাত ৰোহিত শৰ্মা আছে দ্বিতীয় স্থানত৷ শীৰ্ষস্থানত আছে ক্ৰিছ গেইল [২৫৭টা]৷