Logo
image

দল সলনি কৰিব বিচাৰে ৰাহুলে

লক্ষ্ণৌ, ২০ এপ্ৰিলঃ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক লোকেশ ৰাহুল৷ কিন্তু এই দলটোত খেলি তেওঁ সন্তুষ্ট নহয়৷ আই পি এলৰ চলিত ছীজন চলি থকা সময়তে নিজৰ পছন্দৰ ফ্ৰেঞ্চাইজীৰ নাম জনালে ক্ৰিকেটাৰজনে৷ ৰাজস্থান ৰয়েলছৰ স্পিনাৰ ৰবিচন্দ্ৰ অশ্বিনক নিজৰ মনৰ কথা জনালে ৰাহুলে৷ অশ্বিনৰ ইউটিউব চেনেলত এটা অনুষ্ঠানত ভাগ লৈ নিজৰ পছন্দৰ ফ্ৰেঞ্চাইজীৰ নাম উল্লেখ কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়কজনে৷ উল্লেখ্য, আই পি এলৰ মিনি অকশ্বনৰ পাছত গুজৰাট টাইটানছ এৰি পূৰ্বৰ ফ্ৰেঞ্চাইজী মুম্বাই ইণ্ডিয়ানছত যোগ দিছিল হাৰ্দিক পাণ্ডিয়াই৷ পাণ্ডিয়াই দৰেই ৰাহুলেও এতিয়া লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ এৰি তেওঁৰ পূৰ্ব ফ্ৰেঞ্চাইজী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ উভতি যাব বিচাৰে৷ আই পি এলৰ দলবোৰৰ অধিনায়কসকলৰ ভিতৰত সবাতোকৈ অধিক পাৰিশ্ৰমিক পায় ৰাহুলে৷ তথাপি ছুপাৰ জায়েণ্টছত খেলি সন্তুষ্ট নহয় উইকেটকীপাৰ-বেটাৰজন৷ নিজৰ মনৰ কথা ব্যক্ত কৰি অশ্বিনৰ ইউটিউব চেনেলত ক্ৰিকেটাৰজনে কয়–‘সত্য কেতিয়াও সলনি কৰা সম্ভৱ নহয়৷ মই কৰ্ণাটকৰ ক্ৰিকেটাৰ৷ মোৰ গৃহ চহৰ হৈছে বেংগালুৰু৷ সকলোৱে বিচাৰে নিজ ৰাজ্য অথবা চহৰৰ হৈ খেলিবলৈ৷ যিহেতু বেংগালুৰু মোৰ গৃহ ৰাজ্য, সেয়েহে সেই ঠাইৰ দলত খেলাটো মোৰ পক্ষে সঠিক হ’ব৷’ উল্লেখ্য, ২০২২ চনৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে ক্ৰয় কৰিছিল ৰাহুলক৷ তেতিয়াৰ পৰা তেৱেঁই দলটোৰ অধিনায়ক হৈ আছে৷ ২০১৩ আৰু ২০১৬ চনত তেওঁ খেলিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ৷ ৰাহুলে অৱশ্যে স্বীকাৰ কৰে যে আই পি এলত আন ৰাজ্যৰ দলত খেলাৰ উদাহৰণ কেৱল তেৱেঁই নহয়৷ এইক্ষেত্ৰত তেওঁ বিৰাট কোহলি আৰু মহেন্দ্ৰ সিং ধোনিৰ উদাহৰণ দিয়ে৷ দিল্লীৰ বাসিন্দা কোহলিয়ে খেলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ৷ তেনেদৰে ৰাঁচীৰ বাসিন্দা ধোনিয়ে খেলে চেন্নাই ছুপাৰ কিংছত৷ উল্লেখ্য, ২০১৬ বৰ্ষত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ৩৯৭ ৰান সংগ্ৰহ কৰিছিল ৰাহুলে, য’ত আছিল চাৰিটা অৰ্ধশতক৷ কিন্তু পৰৱৰ্তী ছীজনত তেওঁক ৰয়েল চেলেঞ্জাৰ্ছত ৰখা হোৱা নাছিল৷ এতিয়াও সেই আক্ষেপ মনত থকা বুলি উল্লেখ কৰে ক্ৰিকেটাৰজনে৷