Logo
image

শাৰীৰিক বাধা নেওচি ভোট দিলে বহুজনে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ এপ্ৰিল : ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত শাৰীৰিক বাধা নেওচি ভোট দিবলৈ ওলাই আহিল বহুজন৷ ডিব্ৰুগড় আৰু যোৰহাটত পেং লৈ, হুইল চেয়াৰত আহি কেইবাজনো ভোটাৰে ভোটদান কৰে৷ বহু ভোটকেন্দ্ৰত শতায়ুগৰকা ভোটাৰেও সাব্যস্ত কৰে ভোটাধিকাৰ৷ তেজপুৰৰ প্ৰয়াত জনপ্ৰিয় শিল্পী পংকজ বৰদলৈৰ ১০৩ বছৰীয়া পিতৃ হৰেন্দ্ৰ নাথ বৰদলৈয়ে নিজ বাসগৃহত ভোটদান কৰিবলৈ অমান্তি হৈ আজি স্থানীয় বৰুৱা চুবুৰী প্ৰাথমিক বিদ্যালয়লৈ নিজে গৈ ভোটাধিকাৰ সাৱস্ত্য কৰে৷ জিলাখনৰ ১১টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰেৰে নিৰ্মিত তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰীৰ শ্বহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটিৰ দৃষ্টিনন্দন দৃশ্যয়ো আজি ভোটাৰৰ লগতে অনান্য ৰাইজকো আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈৰ তত্ত্বাৱধানত স্থানীয় শিল্পীয়ে তাঁতশিল্পৰ পৰা স্বাধীনতা আন্দোলনৰ বিশেষ দৃশ্যাংশৰে আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটিয়েও আজি বিশেষ মাত্ৰা গ্ৰহণ কৰে৷ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নসত্ৰ প্ৰাথমিক বিদ্যালয়ত ৯০ বছৰীয়া বৃদ্ধ হীৰেন্দ্ৰ নাথ বৰুৱাই হাতত লাখুটি লৈ আহি ভোটদান কৰে৷ উল্লেখ্য, নিৰ্বাচন আয়োগে বৃদ্ধ, শাৰীৰিক বাধাগ্ৰস্তসকলৰ ভোটদানত সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷