Logo
image

কংগ্ৰেছ এতিয়া দুটকীয়া অচল নোট, ৯০ শতাংশ নেতাই বিজেপিত যোগদান কৰিবলৈ সাজুঃ ভৱেশ কলিতা

'আমাৰ অসম'ৰ, কমলপুৰৰ প্ৰতিবেদক, ২০ জুলাইঃ অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ ৫টা সমষ্টি৷ এই সমষ্টি কেইটাৰ ভিতৰত আছে দৰং-ওদালগুৰি সমষ্টি৷ এই লৈ সমষ্টিটোত এতিয়া মাৰাথান নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। 

শনিবাৰে বিয়লি ভাগত সভাপতি ভৱেশ কলিতাই বৰুৱাজানীৰ হাইস্কুল ফিল্ডত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাগ লয়। নিৰ্বাচনী সভাত সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ দলটোক দুটকীয়া অচল নোট বুলি কটাক্ষ কৰে। ইফালে এইবেলি নিৰ্বাচনত বিৰোধী দল থানবান হোৱাটো গণতন্ত্ৰৰ বাবে অশুভ সংকেত বুলিও ভাষণত কলিতাই উল্লেখ কৰে। কংগ্ৰেছ দলৰ ৯০ শতাংশ নেতাই বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈ আছে বুলিও কয় ভৱেশ কলিতাই। 

আনহাতে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি ভৱেশ কলিতাই কয় যে ভূপেন বৰা হৈছে নাও ডুবিলেও টিনৰ পৰা ননমা নেতা। ভূপেন বৰাৰ বাবে এতিয়া কংগ্ৰেছ দলটো তাচ-পাতৰ দৰে খহি পৰা বুলিও তীৰ্যক মন্তব্য কৰে৷ এই সভাতে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। নিৰ্বাচনী সভাখনত সভাপতিত্বত কৰে অগপ দলৰ নেতা প্ৰমোদ নৰায়ন কোঁৱৰে। এই সভাতে অগপৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক শুভৰাম দাস, বিজেপি নেতা কিশোৰ ভট্টাচাৰ্য দিলীপ শইকীয়াৰ সমৰ্থনত নিৰ্বাচনী ভাষণ দিয়ে৷