Logo
image

মেট্ৰিকত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ বিশ্বনাথৰ ঝৰ্ণা শইকীয়াৰঃ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন

'আমাৰ অসম', বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক ২০এপ্ৰিলঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথলৈ গৌৰব কঢ়িয়াই আনিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই। ৰাজ্যৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ ঝৰ্ণাৰ৷ মুঠ ৫৯০ নম্বৰ লাভ  কৰিছে ঝৰ্ণা শইকীয়াই। মেধাৱী ছাত্ৰী ঝৰ্ণাই অসমীয়াত ৯৮, ইংৰাজীত ১০০, গণিতত ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে।

আজি ফলাফল ঘোষণা কৰাৰ পিছতে ঝৰ্ণা শইকীয়াৰ গড়েহাগীৰ জগতপুৰৰ বাসগৃহত আৰু বিশ্বনাথ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ উঠে। মেধাৱী ছাত্ৰীগৰাকীক ওপজা গাঁওখনত বিভিন্নজনে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয় চৌহদত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীক বিদ্যা নিকেতনত ঢোলে-দগৰে আদৰণি জনোৱাৰ লগতে বিদ্যালয়খনতো বিহু গীত-মাতেৰে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ জোৱাৰ উঠে।

উল্লেখ যে গড়েহাগী গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী সুৰেন্দ্ৰ শইকীয়া আৰু মাতৃ অংগনাবাড়ী কৰ্মী জোণালী শইকীয়াৰ কন্যা ঝৰ্ণাৰ এই অভূত পূৰ্ব সাফল্যৰ বাতৰিৰ পিছতে শংকৰদেৱ শিশু বিদ্যা নিকেতনত উপস্তিত হয় বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ আছুৰ নেতৃবৰ্গ, বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ প্ৰেছ ক্লাব, অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু গণ্যমান্য ব্যক্তি। বিশ্বনাথৰ বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত হৈ ঝৰ্ণা শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে ঝৰ্ণা শইকীয়াই সাংবাদিকক জনোৱা মতে তেওঁ দৈনিক দহ ঘন্টাকৈ অধ্যয়ন কৰাৰ লগতে ঘৰুৱা টিউচনৰ সহায় লৈছিল। ভাল ফলাফল কৰিব বুলি আশা কৰিছিল যদিও দ্বিতীয় স্থান দখল কৰাত আনন্দত আত্মহাৰা হয় ছাত্ৰীগৰাকী। ছবি আঁকি ভাল পোৱা ঝৰ্ণা শইকীয়াই  উচ্চতৰ মাধ্যমিক বৰ্ষৰ অধ্যয়ন বিশ্বনাথতে কৰি ভবিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা প্ৰকাশ কৰিছে। আনহাতে, ছাত্ৰীগৰাকীক ভৱিষ্যত দিনত উচ্চ শিক্ষা গ্ৰহণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে পঞ্চাছ হাজাৰ টকা আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা বিশ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।