Logo
image

উক্তি-বক্ৰোক্তি

# কংগ্ৰেছৰ শ্বাহজাদাই ৱেইনাড়তো সংকটৰ সন্মুখীন হোৱা দেখা গৈছে৷ শ্বাহজাদা আৰু তেওঁৰ সাংগো-পাংগোৱে  অহা ২৬ এপ্ৰিলত হ’বলগীয়া ভোটলৈ তালি-টোপোলা বান্ধি অপেক্ষা কৰি আছে৷ যিদৰে তেওঁ আমেঠিৰ পৰা পলাবলগীয়া হৈছিল, সেইদৰে ৱেইনাড়ৰ পৰাও পলাবলগীয়া হ’ব৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


# মমতা বেনাৰ্জী দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷ কেৱল এখন ৰাজ্যৰ ৰাজনৈতিক ব্যৱস্থাত সোমাই পৰা মমতা বেনাৰ্জীয়ে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰাজনৈতিক কথাৰ একো ভূ নাপায়৷ 

– মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা


#  টেছলাৰ এৰিব নোৱৰা কামৰ বাবে মই অহা ২১ এপ্ৰিলৰ ভাৰত ভ্ৰমণ বাতিল কৰিলোঁ৷ ভৱিষ্যতে মই দেশখনলৈ যাম৷ এটা নিশ্চিতি দিবলৈ বিচাৰোঁ, মই এতিয়া ভাৰতলৈ নগ’লেও অচিৰেই টেছলা ভাৰতলৈ যাব৷ 

– টেছলা আৰু ‘এক্স’ৰ স্বত্বাধিকাৰী এলন মাস্ক


#  কংগ্ৰেছ এতিয়া আইচিইউত আছে৷ ২০২৫ ত বিজেপিলৈ আহিব ভূপেন বৰা৷ কেৱল ভূপেন বৰাই নহয়, বাকীসকল কংগ্ৰেছ নেতাও বিজেপিলৈ আহিব৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


#  কংগ্ৰেছে যি ঠাইতে প্ৰতিদ্বন্দ্বিতা কৰিছে, ভালকৈ কৰক৷ আমি তেওঁলোকক সম্পূৰ্ণ সহায় কৰিম৷ কিন্তু কংগ্ৰেছে যাতে তৃণমূলৰ ভোট কাটিবলৈ নাহে৷ 

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী


#  এইবাৰ অসমৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতি বিসৰ্জন দিছে৷ বিজেপি দলৰ অসমৰ আন প্ৰান্তত চিহ্ন হৈছে পদুম ফুল৷ একেটা দলৰে ধুবুৰীত প্ৰতীক চিহ্ন হৈছে তলা-চাবি৷

– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


#  ইণ্ডিয়া জোঁটে বিজেপিৰ সংবিধান ধবংস কৰিবলৈ লোৱা পদক্ষেপ ৰোধ কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি দুৰ্নীতিৰ স্কুল খুলিছে৷ কেনেকৈ তালাচী চলাই কোম্পানীৰ পৰা দান হিচাপে ধন আনিব পাৰি সেয়া তেওঁ দলটোক শিকাই আছে৷ আমি মোদীৰ এই দুৰ্নীতিৰ স্কুল বন্ধ কৰিম৷ 

– কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী

#  অসমত কংগ্ৰেছ শেষেই হৈছে৷ এইবাৰ বিৰোধীহীন নিৰ্বাচন হ’ব৷ কংগ্ৰেছৰ হৈ যিয়েই বেছি কথা কয় তেৱেঁই পিছদিনা বিজেপিত যোগদান কৰে৷  কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰিবলৈ সাজু হৈ আছে৷  বহুতেই মন্ত্ৰী পদো বিচাৰি আছে৷ 

– বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা


#  তেওঁ বহুত ‘বাচ্ছা’ জন্ম দিলে৷ ইমান সতি-সন্ততি জন্ম দিয়াৰ কি দৰকাৰ আছিল? প্ৰথমে তেওঁ পত্নী ৰাবৰি দেৱীক মুখ্যমন্ত্ৰী পাতিলে৷ তাৰ পাছত পুতেকবোৰক ৰাজনীতিত নমালে৷ এতিয়া জীয়েকবোৰকো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাই আছে৷ এই উদ্দেশ্যেই তেওঁ ‘বাচ্ছা’ জন্ম দিছিল নেকি? 

– বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ


#  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি বিজয়ী হ’ব৷ উজনিৰ আটাইকেইটা সমষ্টিয়েই আমাৰ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমত বিজেপি আৰু মিত্ৰজোঁট ১০ টা সমষ্টিত বিজয়ী হোৱাটো খাটাং৷

– মন্ত্ৰী পীয়ূষ হাজৰিকা