Logo
image

মেট্ৰিকৰ ফলাফল প্ৰকাশ, শিক্ষামন্ত্ৰী ফেইল

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ এপ্ৰিল: পৰীক্ষা শেষ হোৱাৰ ৪৬ দিনৰ দিনা শনিবাৰে ঘোষণা কৰা হ’ল ২০২৪ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ [মেট্ৰিক] ফলাফল৷ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ৪,২৫,৯৬৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৱেদন জনাইছিল যদিও ইয়াৰে ৬,৮৮৮গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ নহ’ল৷ ৬১গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ ৩৬১গৰাকী পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা স্থগিত ৰখা হৈছে৷ এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হোৱা ৪,১৯,০৭৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৰ,৮৭,৯০৪জন ছাত্ৰ আৰু ২,৩১,১৬৪গৰাকী ছাত্ৰী৷ তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১০৷ সামগ্ৰিকভাৱে ৭৫.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ হোৱাৰ বিপৰীতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ৷ এইবাৰ পৰীক্ষাত ৬,৩৯২গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ পোৱাৰ বিপৰীতে ষ্টাৰ নম্বৰ পাইছে ২০,৫৫২গৰাকীয়ে৷ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩গৰাকী, দ্বিতীয় বিভাগত ১,৫০,৭৬৪গৰাকী আৰু তৃতীয় বিভাগত ৬০,৬৮০গৰাকী পৰীক্ষাৰ্থী৷ এইবাৰৰ পৰা ‘ষ্টেণ্ড’ ব্যৱস্থা বিলোপ কৰা হৈছে৷ নম্বৰৰ ভিত্তিত এইবাৰ মেট্ৰিকত শীৰ্ষস্থান লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ দলৈয়ে৷ তেওঁ ৬০০ৰ ভিতৰত ৫৯৩ নম্বৰ লাভ কৰিছে৷ দ্বিতীয় স্থানত আছে বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়া৷ তেওঁ লাভ কৰিছে ৫৯০ নম্বৰ৷ আনহাতে ৫৮৮ নম্বৰেৰে তৃতীয় স্থানত আছে তিনিগৰাকী পৰীক্ষাৰ্থী– মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়া, বৰপেটাৰ সৰুপেটাৰ এছ এম স্কুলৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱশ্ৰী কাশ্যপ৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে মেট্ৰিকৰ ফলাফল ২০-২১ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব৷ শুকুৰবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম সম্বলিত এটা টুইটত উল্লেখ কৰা হয় যে শনিবাৰে পুৱা মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব৷ লক্ষণীয়ভাৱে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই টুইটটো ভুৱা আৰু এয়া কোনো দুৰ্বৃত্তৰ অপপ্ৰচাৰ বুলি টুইট কৰে শুকুৰবাৰে নিশা৷ শিক্ষামন্ত্ৰীৰ টুইটটোত এই কথা স্পষ্ট হৈ পৰিছিল যে শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব বুলি ওলোৱা কথাটো সত্য নহয়৷ লক্ষণীয়ভাৱে শনিবাৰে পুৱা ছেবাই জনায় যে শনিবাৰে পুৱা ১০.৩০ বজাত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব৷ ছেবাৰ ঘোষণাৰ কিছুসময় পাছত শিক্ষামন্ত্ৰীয়ে টুইটযোগে ঘোষণা কৰে অনুৰূপ কথা৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক বিভ্ৰান্ত কৰে৷ সেইবাবেই ছেবাই পৰীক্ষাৰ ৪৬ দিনৰ দিনা মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ‘ফেইল’ কৰা বুলি ৰাইজৰ মাজত চৰ্চা হৈছে আৰু তেওঁৰ পদত্যাগৰ দাবীও উঠিছে৷ উল্লেখ্য, শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেধাৱী ছাত্ৰ অনুৰাগ দলৈয়ে৷ তেওঁ পূব যোৰহাটৰ কাছগড়াল সোণাৰি গাঁও নিৱাসী, ব্যৱসায়ী সুৰেশ দলৈ আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ গণিতৰ অধ্যাপিক অৰ্পণা শইকীয়াৰ কনিষ্ঠ পুত্ৰ৷ উল্লেখ্য, ২০০৭ চনত যোৰহাট বাঘচোঙৰ ডনবস্ক’ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ফাৰহানা অঞ্জুম হাছান নামৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল কৰাৰ ১৭ বছৰৰ পাছত অনুৰাগে ৬০০১ ভিতৰত ৫৯৩নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখলেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে৷ নিজৰ পাঠ্যপুথিৰ উপৰিও বিশিষ্ট ব্যক্তিৰ আত্মজীৱনী, উপন্যাস, গল্প আদি পঢ়া অনুৰাগক জীৱন গঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল ড॰ ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ নামৰ বহু পথিত গ্ৰন্থখনৰ লগতে প্ৰাক্তন ৰাষ্ট˜পতি ড॰ এ পি জে আব্দুল কালামৰ ‘অগ্নিৰ ডেউকা’ গ্ৰন্থই৷ অনুৰাগে ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ ভিতৰতে তেওঁ প্ৰথম হ’ব বুলি ভবা নাছিল যদিও এটা ভাল ফলাফল আশা কৰিছিল৷ তেওঁ দিনটোত ৮-১২ ঘণ্টা পৰ্যন্ত পঢ়িছিল যদিও একেৰাহে পঢ়া নাছিল৷ পঢ়াৰ মাজে মাজে তেওঁ কিছু সময় জিৰণি লৈছিল আৰু সেই সময়ত মাজে মাজে গান শুনিছিল৷ অনুৰাগে তবলা বজায়, আনহাতে তেওঁ মাৰ্চিয়েল আৰ্ট, কেৰাটেৰো এজন প্ৰশিক্ষাৰ্থী৷ পৰীক্ষাৰ সফলতাৰ বাবে তেওঁ মাক-দেউতাক, ককা-আইতাকে ধৰি ঘৰখনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ওচৰ চুবুৰীয়া, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষী সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ প্ৰজ্ঞা একাডেমীতে উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰিবলগীয়া অনুৰাগে আই আই টি বা এন আই টিত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত অধ্যয়ন কৰি ভৱিষ্যতে এজন ছফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ হেঁপাহ আছে৷ এজন ভাল নাগৰিক হৈ ভৱিষ্যতে ৰাজ্যখনৰ বাবে সেৱা আগবঢ়োৱাটো তেওঁৰ লক্ষ্য বুলিও তেওঁ কয়৷ অনুৰাগে অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাটৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় জোনাকী সংঘ বিদ্যালয়ত৷ তাতে চৰিত্ৰ গঠনৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা আৰু ককাক-আইতাকৰ মৰমৰ মাজত গঢ়ি উঠা অনুৰাগে মাক-দেউতাকৰ শাসন আৰু মৰমৰ মাজত ডাঙৰ দীঘল হৈ জীৱনটোৰ উজ্জ্বল কৰি তোলাৰ সংকল্প গ্ৰহণ কৰি পঢ়া-শুনাত মনোযোগ দিছিল আৰু তাৰেই ফলশ্ৰুতিত এই সফলতা লাভ কৰিছে৷ জ্যেষ্ঠ ভগ্নী শ্বাশ্বতীয়েও সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি তেওঁক অনুপ্ৰাণিত কৰিছিল৷ হোমেন বৰগোহাঞিৰ গ্ৰন্থ, লক্ষ্মীনাথ বেজবৰুৱা আদি তেওঁৰ আদৰ্শ লিখক বুলি মন্তব্য কৰে অনুৰাগে৷ তেওঁৰ এই ফলাফলৰ বাবে অসম সেনাৰ মুখ্য আহ৩ায়ক বিজয় শংকৰ বৰদলৈ, যোৰহাট জিলা ক্ৰীড়া সন্থা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷ আজি ফলাফল পোৱাৰ পিছতে কাছগড়াল সোণাৰি গাঁৱৰ ৰাইজে অনুৰাগক ঢোলে-ডগৰে প্ৰজ্ঞা একাডেমীৰ পৰা আদৰি নিয়ে৷ তেওঁক অভিনন্দন জনাবলৈ ঘৰত বহু শুভাকাংক্ষীৰ সমাবেশ ঘটে৷

প্ৰজ্ঞা একাডেমীৰ এশ শতাংশ পৰীক্ষাৰ্থীৰ ডিষ্টিংশ্যন: যোৰহাটৰ আগশাৰীৰ জুনিয়ৰ কলেজ হিচাপে সুপৰিচিত হোৱা প্ৰজ্ঞা একাডেমীৰ পৰা এইবাৰ প্ৰথমটো বেটছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশই ডিষ্টিংশ্যনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৮জন পৰীক্ষাৰ্থীৰ আটায়েই ডিষ্টিংশ্যন লাভ কৰাত শিক্ষানুষ্ঠানখনত আজি উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ এই ফলাফল সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ সঞ্চালত গৌতম শৰ্মাই কয় যে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰাৰ বাবে এই ফলাফল লাভ কৰিবলৈ সক্ষম হয়৷ শিক্ষানুষ্ঠানখনত নিদিষ্ট পাঠ্যক্ৰমৰ উপৰিও গণিত অলিম্পিয়াড আৰু বিজ্ঞান অলিম্পিয়াডৰ বাবে প্ৰশিক্ষণ দিয়াটোও এই ফলাফলৰ ক্ষেত্ৰত সহায়ক হয় বুলি তেওঁ জানিবলৈ দিয়ে৷

দ্বিতীয় সৰ্বাধিক নম্বৰেৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে ঝৰ্ণাই

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক : হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভেৰে বিশ্বনাথলৈ গৌৰব কঢ়িয়াই আনিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই৷  মুঠ ৫৯০ নম্বৰ লাভ  কৰা  ঝৰ্ণাই অসমীয়াত ৯৮, ইংৰাজীত ১০০, গণিতত  ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে৷ শনিবাৰে ফলাফল ঘোষণাৰ পাছতে ঝৰ্ণা শইকীয়াৰ গড়েহাগীৰ জগতপুৰস্থিত বাসগৃহৰ লগতে ¸ বিশ্বনাথ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আনন্দৰ জোৱাৰ উঠে৷ মেধাৱী ছাত্ৰীগৰাকীক বিভিন্ন জনে অভিনন্দন জনোৱাৰ লগতে বিদ্যালয় চৌহদত এক আনন্দময় পৰিবেশ দেখা যায়৷ ছাত্ৰগৰাকীক বিদ্যা নিকেতনত ঢোলে-দগৰে আদৰণী জনোৱাৰ লগতে  বিহু গীত- নৃত্যৰে পৰিৱেশটো আনন্দময় কৰি তোলা হয়৷ উল্লেখ্য, গড়েহাগী গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী সুৰেন্দ্ৰ শইকীয়া আৰু মাতৃ অংগনাবাড়ী কৰ্মী জোণালী শইকীয়াৰ কন্যা ঝৰ্ণাৰ এই সাফল্যৰ বাতৰিৰ পাছতে শংকৰদেৱ  বিদ্যা নিকেতনত উপস্থিত হয় বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ আছুৰ নেতৃবৰ্গ, বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ব্যক্তি-সংগঠন৷ সকলোৱে ঝৰ্ণা শইকীয়াক সম্বৰ্ধনা জনায়৷৷ ইফালে ঝৰ্ণা শইকীয়াই সাংবাদিকক জনোৱা মতে পৰীক্ষাৰ বাবে তেওঁ দৈনিক দহ ঘণ্টাকৈ অধ্যয়ন কৰাৰ লগতে ঘৰুৱা টিউছনৰ সহায় লৈছিল৷ ভাল ফলাফলৰ  আশা আছিল যদিও দ্বিতীয় স্থান দখল কৰাত আনন্দত আত্মহাৰা হৈ পৰে ছাত্ৰীগৰাকী৷  ছবি আঁকি ভাল পোৱা ঝৰ্ণা শইকীয়াই উচ্ছতৰ মাধ্যমিকৰ  অধ্যায়ন বিশ্বনাথতে কৰি ভবিষ্যতত দিনত এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য বুলি জানিবলৈ দিয়ে৷ অসমীয়া মাধ্যম যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে, তাৰো প্ৰমাণ দিয়ে ঝৰ্ণা শইকীয়াই৷ ইপিনে, ছাত্ৰী গৰাকীক উচ্ছ শিক্ষা গ্ৰহণৰ বাবে বিধায়ক প্ৰমোদ বৰঠাকুৰে পঞ্চাশ হাজাৰ টকা আৰু শংকৰদেৱ  বিদ্যা নিকেতনৰ তৰফৰ পৰা বিশ হাজাৰ টাকাৰ আৰ্থিক সাহায্য আগবঢ়ায়৷

তৃতীয় সৰ্বাধিক নম্বৰ পোৱা দেৱাশ্ৰী কাশ্যপ নগাঁৱৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শনিবাৰে ঘোষিত ফলাফলত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যাপে ৰাজ্যৰ ভিতৰত তৃতীয়স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দেৱাশ্ৰী নগাঁও চহৰৰ শিৱনগৰ জ্জ নং উপ-পথৰ নিবাসী, পৰিবহণ বিভাগৰ কৰ্মচাৰী জয়ন্ত তামুলী আৰু জুনমনি বৰাৰ কন্যা৷ দেৱশ্ৰী কাশ্যাপৰ সাফল্যত তেওঁ অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ লগতে পৰিয়াল আৰু নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে৷ এই সাফল্যত আনন্দ প্ৰকাশ কৰি ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়–‘ফলাফল ভাল হ’ব বুলি আশা কৰিছিলো যদিও স্থান লাভ কৰিম বুলি ভবা নাছিলো৷ এতিয়া স্থান লাভ কৰি অতি আনন্দিত হৈছোঁ৷ খুব ভাল লাগিছে৷’ কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিয়মিতভাৱে অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ এই সাফল্যৰ আঁৰত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নিজৰ পিতৃ-মাতৃৰ সৰ্বাধিক অৰিহণা আছে বুলি তেওঁ উল্লেখ কৰে৷ মাতৃ জুনমনি বৰাই ছাত্ৰীগৰাকীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি ৰাখিছিল৷ পঢ়া-শুনাৰ সমান্তৰালভাৱে সংগীতৰ চৰ্চা কৰি ভাল পোৱা দেৱাশ্ৰীয়ে সুন্দৰ গীত গাব পাৰে৷ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি শিক্ষা জীৱন আগুৱাই নিব বিচাৰে ছাত্ৰীগৰাকীয়ে৷ ভৱিষ্যতত এগৰাকী সু-নাগৰিক হোৱাৰ মন ছাত্ৰী গৰাকীৰ৷  মুঠ ৫৮৮ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰা ছাত্ৰী গৰাকীয়ে অসমীয়াত ৯৯, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ১০০ আৰু উচ্ছ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত  বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়৷

শ্বহীদ পৰিয়ালৰ সন্তান বেদান্তই পালে তৃতীয় সৰ্বাধিক নম্বৰ

‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদক : ছবছৰীয়া অসমৰ অস্তিত্ব ৰক্ষা তথা বিদেশী বহিষ্কাৰ আন্দোলনত মৃত্যুবৰণ কৰি শ্বহীদ হৈছিল ভৱানীপুৰৰ হৰিপুৰ গাঁৱৰ কৃতী শিক্ষক হৰেন্দ্ৰনাথ চৌধুৰী [বৰ্তমান প্ৰয়াত] আৰু গিৰিজা চৌধুৰীৰ পুত্ৰ ব্ৰজেন চৌধুৰী৷ স্বদেশ-স্বজাতিৰ বাবে যুঁজ দি গৌৰৱান্বিত হোৱা শ্বহীদ ব্ৰজেন চৌধুৰীয়ে এৰি যোৱা পৰিয়ালটোৰ লগতে ভৱানীপুৰলৈ শনিবাৰে আন এক গৌৰৱ তথা সুনাম কঢ়িয়াই আনিলে শ্বহীদজনৰ কনিষ্ঠ ভাতৃ, বৰ্তমান বন বিভাগৰ উপ বন সংপালক কুলেন চৌধুৰী আৰু ঝৰ্ণা দাস চৌধুৰীৰ কনিষ্ঠ পুত্ৰ বেদান্ত চৌধুৰীয়ে৷  হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰে বেদান্তই৷ উল্লেখ্য যে শনিবাৰে  ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা সৰুপেটাৰ কহৰাৰ ষ্টেলা মেৰীজ স্কুলৰ ছাত্ৰ বেদান্ত চৌধুৰীয়ে  সৰ্বমুঠ ৫৮জ্জ্ব নম্বৰেৰে ৯৮ক্ম নম্বৰ লাভ কৰিছে৷ অতি মেধাৱী ছাত্ৰ বেদান্তই ইংৰাজীত ১০০, উচ্ছ গণিতত ১০০, সাধাৰণ গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৯ আৰু অসমীয়াত ৯৪ নম্বৰ লাভ কৰিছে৷ বেদান্ত চৌধুৰীৰ  সাফল্যত স্বাভাৱিকতে পৰিয়ালটোৰ লগতে কহৰাৰ ষ্টেলা মেৰীজ স্কুল,  বৃহত্তৰ ভৱানীপুৰ - সৰুপেটা অঞ্চলত ৰাইজৰ মাজত আনন্দৰ বন্যা বয়৷ লগতে বেদান্তৰ বাসগৃহত অগণন লোক উপস্থিত হৈ তেওঁক অভিনন্দন জনায়৷ উল্লেখ্য, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, প্ৰাক্তন বিধায়ক ড॰ মনোৰঞ্জন দাস, বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা, সৰুপেটা ৰাজহ চক্ৰ বিষয়া সন্তুষ কুমাৰ নাথ, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিশিষ্ট সমাজকৰ্মী দুলু আহমেদ, ভৱানীপুৰ সাহিত্য সভাৰ সভাপতি ৰবীন দাস আৰু সম্পাদক হিতেন্দ্ৰ নাথ ডেকা, ভৱানীপুৰ জাতীয় বিদ্যালয়ৰ পৰিচালন সঞ্চালক কিশোৰ কুমাৰ ডেকা, ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া, ষ্টেলা মেৰীজ স্কুল কতৃৰ্পক্ষৰ লগতে বহু সংখ্যক ব্যক্তি-সংগঠনৰ ফালৰ পৰা বেদান্ত চৌধুৰীক সম্বৰ্ধনা জনোৱা হয়৷ আনহাতে সমাজকৰ্মী দুলু আহমেদে বেদান্তক  সম্বৰ্ধনা জনোৱাৰ লগতে এখন স্কুটি উপহাৰ দিব বুলিও ঘোষণা কৰে৷ তদুপৰি কহৰাৰ ষ্টেলা মেৰীজ স্কুল কতৃৰ্পক্ষই আজি বেদান্ত চৌধুৰীক ভৱানীপুৰৰ পৰিপুৰ গাঁৱৰ বাসগৃহৰ পৰা আদৰি লৈ যায় নিজে পঢ়া বিদ্যালয়খনলৈ৷ ষ্টেলা মেৰীজ স্কুলতো বেদান্ত চৌধুৰীক বিদ্যালয় কতৃৰ্পক্ষই সম্বৰ্ধনা জনায়৷ উল্লেখ্য, বেদান্ত চৌধুৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিটো পৰীক্ষাতেই প্ৰথম স্থান লাভ কৰিছিল৷  সাংবাদিকৰ আগত তেওঁ কয় –‘হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিবা এটা বিশেষ স্থান লাভ কৰিম বুলি আশা কৰিছিলোঁ৷ বিশেষকৈ এই আশা জাগিছিল নৱম শ্ৰেণীৰ পৰা৷  মই তৃতীয় স্থান পাই সন্তুষ্ট৷ এই সাফল্যৰ বাবে মোৰ শিক্ষাগুৰুসকলৰ সগতে অভিভাৱকৰ ওচৰত মই কৃতজ্ঞ৷’  ভৱিষ্যতত এজন সফল অভিযন্তা হোৱাৰ ইচ্ছুক বুলি ব্যক্ত কৰে ছত্ৰজনে৷  প্ৰতিদিনে বিয়লি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি বিয়লিৰ পৰাই নিশা প্ৰায় এঘাৰযবাৰ বজালৈ পঢ়া শুনা কৰিছিল তেওঁ৷  গণিত, উচ্ছ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী বিষয়ত তেওঁ টিউছন লৈছিল৷

মাজুলীৰ আইলেণ্ড একাডেমিৰ ছাত্ৰ মানস প্ৰতীমো তৃতীয়

‘আমাৰ অসম’ৰ কমলাবাৰী প্ৰতিবেদক : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাজুলীৰ কমলাবাৰীস্থিত আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস প্ৰতীম শইকীয়াই নম্বৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰাত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ ছাত্ৰজনে ভৱিষ্যতে উচ্ছতৰ মাধ্যমিকৰ সমান্তৰালকৈ ছফ্‌টৱেৰ ইঞ্জিনীয়াৰিং কৰি নিজকে এজন সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ ইচ্ছা থকাৰ বিষয়ে প্ৰকাশ কৰি কয়– মোৰ এই সফলতাৰ আঁৰত মোৰ বিদ্যালয় আইলেণ্ড একাডেমীৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ আৰু মোৰ ওচৰ চুবুৰীয়াসকলৰ যথেষ্ট অৰিহনা আছে৷ এইসকলৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছিলো সেয়া মোৰ বাবে আশীৰ্বাদ৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষাদানৰ প্ৰণালী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত যি সম্পৰ্ক সেয়া অতুলনীয়৷ পঢ়াৰ ক্ষেত্ৰত মোৰ কোনো নিদিষ্ট সময় নাছিল৷ গড় হিচাপে দৈনিক পাঁচ ঘণ্টামান পঢ়িছিলোঁ৷ কিন্তু কিবা এটা বুজি নাপালে সেইটো বুজি নোপোৱা পৰ্যন্ত সুখী হোৱা নাছিলো৷ স্থান লাভ কৰিম বুলি আশা আছিল কিন্তু ভবা নাছিলো যে প্ৰথম পাঁচটা স্থানত থাকিবলৈ সক্ষম হ’ম৷ ইফালে পৰীক্ষাত স্থান নাথাকিব বুলিও কেইমাহমান পূৰ্বে ঘোষণা কৰা হৈছিল৷ সেয়ে মই আশা বাদ দি ফলাফলৰ ওপৰত গুৰুত্ব নিদিয়াকৈ মোৰ নিজৰ কাম কৰি গৈছিলো৷ ছাত্ৰজনে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ ক্ষেত্ৰত কয় বৰ্তমান সময়ত নতুন শিক্ষানীতি সম্পূৰ্ণৰূপে এক আদৰণীয় ব্যৱস্থা৷ কাৰণ বৰ্তমানৰ যুগটো কম্পিউটাৰ আৰু টেক্‌নলজীৰ যুগ৷ এইক্ষেত্ৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে দক্ষতাবৃদ্ধিৰ বিষয়সমূহ অতিকে প্ৰয়োজনীয়৷ এই ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক মুখস্থ বিদ্যাৰ পৰা আঁতৰাই ব্যৱহাৰিক শিক্ষাত মনোনিৱেশ কৰাব বুলি ভাবো৷ নতুন শিক্ষানীতিৰ আধাৰত প্ৰস্তুত কৰা প্ৰশ্নকাকতক লৈ সন্তুষ্ট বুলি তেওঁ মন্তব্য কৰে৷ মাজুলীৰ ম’হকিনা গাঁৱৰ নৰেন শইকীয়া আৰু ৰূপা শইকীয়াৰ পুত্ৰ মানস প্ৰতীমে অসমীয়াত ৯৪, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰেৰে মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে৷ আইলেণ্ড একাডেমীৰ অধ্যক্ষ পূৰ্বজ্যোতি বৰাই কয় নতুন ব্যৱস্থাপনাৰে এইবাৰ পাঁচজন ছাত্ৰ-ছাত্ৰীক স্থান দিছে৷ এই পাঁচটা স্থানৰ ভিতৰতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ মানস প্ৰতীম শইকীয়াই তৃতীয় স্থান পাবলৈ সক্ষম হোৱাটো আমাৰ বাবে অতিকে গৌৰৱৰ বিষয়৷ মানসে স্থান পাব বুলি আমি পূৰ্বৰেপৰা আশা কৰিছিলো৷ বিদ্যালয়খনৰ ছাত্ৰজনে এনে আশানুৰূপ সাফল্য কঢ়িয়াই অনাৰ বাবে অধ্যক্ষ বৰাই ভগৱানৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে আইলেণ্ড একাডেমীৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, মানসৰ পিতৃ-মাতৃ আৰু মানসৰ নিজা প্ৰচেষ্টাক কৃতজ্ঞতা জনায়৷  মানস প্ৰতীমক লৈ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলো বিদ্যালয়ৰ পৰা গাড়ীৰে ৰেলী কৰি প্ৰথমে ছাত্ৰজনৰ গৃহগাঁও ম’হকিনাত উপস্থিত হৈ গড়মূৰ, ফুলনি, জেংৰাই, বনগাঁও হৈ পুনৰ বিদ্যালয়ত উপস্থিত হয়৷ ছাত্ৰ-ছাত্ৰীসকলে ঢোল-পেঁপাৰে বিহু গাই-নাচি আনন্দ উল্লাস কৰে৷