Logo
image

মধুমেহ ৰোগীৰ বাবে তেজপাত কিয় উপকাৰী

আমাৰ অসম বিশেষঃ অনিয়ন্ত্ৰিত খাদ্যাভ্যাস, মানসিক তথা কামৰ হেঁচাৰ বাবে বহুলোক মধুমেহ ৰোগত আক্ৰান্ত হয়৷ এই ৰোগত আক্ৰান্তসকলৰ হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা অধিক৷ তদুপৰি মধুমেহৰ বাবে বৃক্কৰ সমস্যা আৰু চকুৰ ৰেটিনাৰ ক্ষতি হয়৷ ফলত এটা সময়ত এনে লোক দৃষ্টিহীনতাত ভোগাৰ লগতে আনকি মৃত্যুমুখত পৰাৰ আশংকা থাকে৷ মধুমেহত আক্ৰান্ত হোৱাসকল এই ৰোগৰ পৰা কেতিয়াও আৰোগ্য নহয়৷ কিন্তু এইবিধ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে কুশলে থাকিব পৰা যায়৷ ডায়েবেটিছ বা মধুমেহত আক্ৰান্ত হ’লে আতংকিত হ’ব নালাগে৷ জানি আচৰিত হ’ব যে তেজপাতে মধুমেহ নিয়ন্ত্ৰণ কৰে৷ ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা এইবিধ পাত মধুমেহৰ বাবে খুবেই উপকাৰী৷ তদুপৰি তেজপাতত থাকে বিভিন্ন গুণ৷

[১] তেজপাতে তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে৷

[২] ই হজম শক্তি বঢ়ায়৷

[৩] দেহৰ পৰা টক্সিন উলিয়াই দিয়াত তেজপাতে সহায় কৰে৷

[৪] তেজপাতত থাকে ৰুটিন তথা কেফেক এচিড, যি এচিডে হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে৷

[৫] পানী উতলাই তাত কিছু সময় তেজপাত সিজাই সেই পানী সদায় পান কৰিব পাৰিলে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পৰা যায়৷