Logo
image

বিজেপিময় হ’ব উজনি অসম: মুখ্যমন্ত্ৰীৰ দাবী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ এপ্ৰিল : লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট কাৰ পক্ষত তাক লৈ শাসক-বিৰোধীৰ মাজত কাৰ্যতঃ টনা আজোৰা লাগিছে৷ শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হোৱা কেউটা সমষ্টিতে জয়লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী পক্ষৰ দাবী যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত জয়লাভ কৰিব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী৷ পাঁচ লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–প্ৰথম পৰ্যায়ৰ পাঁচোটা সমষ্টিতে জিকিব বিজেপিয়ে৷ বিজেপিয়ে পাঁচোটা সমষ্টিতে ক্লীনছুইপ কৰিব৷ বিজেপিময় হ’ব উজনি অসম৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কৰিমগঞ্জ আৰু নগাঁও সমষ্টিত হ’ব কঠিন যুদ্ধ৷ জয়ী বিজেপি মিত্ৰজোঁটৰে হ’ব৷ বাকী তিনিটা সমষ্টিত বিজেপিয়ে অনায়াসে জয়লাভ কৰিব৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰো দাবী ৫ সমষ্টিতে জয়লাভ কৰিব বিজেপি৷ বিজেপিক সমৰ্থন জনোৱা বাবে তেওঁ পাঁচ সমষ্টিৰ ভোটাৰক ধন্যবাদ জনায়৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো পাঁচ সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰে৷ ইয়াৰ বিপৰীতে যোৰহাটত বিপুল সমৰ্থন জনোৱা বাবে সৰ্বস্তৰৰ ভোটাৰক ধন্যবাদ জনায় যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰব গগৈয়ে৷ তেওঁ যোৰহাট সমষ্টিবাসীক উদ্দেশ্যি কয়–আপোনালোকে কালি যি মৰম আৰু আশীৰ্বাদ জনালে সঁচাকৈ এয়া মোৰ কাৰণে স্মৰণীয় হৈ ৰ’ব৷ বিশেষভাৱে মই নৱ প্ৰজন্মক ধন্যবাদ জনাইছো যিসকলে দূৰ দূৰণিৰ পৰা আহি নিজৰ মূল্যবান ভোট প্ৰদান কৰিলে৷ বহু মানুহে কেৱল ভোট দিবৰ বাবে অসমৰ বাহিৰৰ পৰা আহিল আৰু ভোট দি গুছি গ’ল৷ এজনে ডুবাইৰ পৰা আহি মোক ভোট দিলে৷ ফলাফল ৪ জুনত গম পাম৷ কিন্তু যোৰহাটবাসীয়ে এটা শক্তিশালী বাৰ্তা দিছে৷ ডিব্ৰুগড়ত বিপুল সমৰ্থন জনোৱা বাবে ডিব্ৰুগড়বাসীক ধন্যবাদ জনাইছে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ কয়–ডিব্ৰুগড়বাসীয়ে জাতিৰ স্বাৰ্থত মাত মাতিব বিচৰা লোকক ভোট দিছে৷ জাতিক প্ৰতাৰণা কৰা লোকক প্ৰত্যাখ্যান কৰিছে ডিব্ৰুগড়বাসীয়ে৷ ইফালে বিৰোধী ঐক্যমঞ্চৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচ সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–এইবাৰ উজনিৰ ভোটাৰে জাতীয় স্বাৰ্থত ভোট দিছে৷ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ দাবী যোৰহাট আৰু ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয়ী হ’লেই৷ আন সমষ্টিতো বিৰোধী ঐক্যমঞ্চই ভাল ফল দেখুৱাব৷

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি : ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাঁচখন আসনত বিজেপি প্ৰাৰ্থী জয়ী হ’ব৷ ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ, শোণিতপুৰ এই পাঁচখন আসনত বিজেপি প্ৰাৰ্থী জয়ী হ’ব৷ শিলচৰ আসনৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ’ব৷ কৰিমগঞ্জত আৰম্ভণিতে অলপ কঠিন আছিল যদিও লাহে লাহে কৃপানাথ মালাহৰ বিজয় হোৱাৰ পথ মসৃণ হৈছে৷ শনিবাৰে বৰখলা বিধান সভা সমষ্টিৰ শিলকুৰিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়–শিলচৰ লোকসভাৰ জনগণ মন-প্ৰাণ এতিয়া মোদীময়৷ ইয়াৰ বাবে শিলচৰবাসীয়ে দেশত পুনৰ মোদী চৰকাৰ বিচাৰে৷ ছমাহৰ ভিতৰত সমাধান হ’ব আধাৰ কাৰ্ডৰ সমস্যাৰ লগতে, ডি ভোটাৰ, ডিটেনচন কেম্প, বাঙালী হিন্দুৰ নাগৰিকত্বৰ কোনো সমস্যা নেথাকিব৷  সকলো সমাধান হ’ব৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ’ টেগ দিয়া হ’ব এছ এইচ জৰ মহিলাক৷  পঞ্চায়ত প্ৰতিনিধি নহয়, জিঅ’ টেগ কৰিব, মহিলা সমিতিৰ সদস্যাই৷ তদুপৰি নিৰ্বাচনৰ পিছত সকলোৰে ঘৰলৈ আহিব অৰুণোদয়৷ চাহ বাগিচাত খোৱাপানী, ৰাস্তা, চাউল, আয়ুস্মান কাৰ্ড, বাসগৃহৰ ব্যৱস্থা কৰা হৈছে৷  যিসকল বাকী আছে, তেওঁলোকক নতুন কৈ দিয়া হ’ব৷  কিছুদিন আগতে মমতা বেনাৰ্জী আহিছিল৷  তেওঁ বহুত কথা ক’লে৷  কিন্তু অহা ছমাহৰ ভিতৰত ডি ভোটাৰ, ডিটেনচন কেম্প, আধাৰ কাৰ্ড, বাঙালী হিন্দুৰ নাগৰিকত্বৰ কোনো সমস্যা নেথাকিব৷ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা প্ৰতিগৰাকী মহিলা ছাত্ৰীৰ বেংক একাউণ্টত দহ হাজাৰ টকা,  স্নাতক পৰ্যায়ত নামভৰ্তি কৰা ছাত্ৰীৰ একাউণ্টত ছাৰে বাৰো হাজাৰ টকা আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীৰ একাউণ্টত প্ৰতি বছৰে ২৫ হাজাৰ টকা দিয়া হ’ব৷ ইয়াৰ উপৰি ২০২৬ চনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰত মিনি সচিবালয় ভৱন উদ্বোধন আৰু মহাচড়কৰ কাম সম্পূৰ্ণ কৰাৰ কথাও ঘোষণা কৰে৷  আজিৰ বৃহৎ নিৰ্বাচনী সভাত বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় –এয়া মোডীৰ গেৰাণ্টী আৰু মামাৰ ৱাৰেণ্টী৷ সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে শিলচৰ লোকসভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক ভোট দিবলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী হিমন্তই কয় যে, শিলচৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই তিনি লাখৰো অধিক ভোট লাভ কৰি জয়ী হ’ব৷  নিৰ্বাচনৰ পূৰ্বে তৃতীয়বাৰৰ বাবে বৰাকত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ পিছত লাখপতি বাইদেউৰ বেংক একাউণ্টত দহ হাজাৰ টকা দিয়া হ’ব৷  ইয়াৰ উপৰিও নিবনুৱাক স্বাৱলম্বী কৰিবলৈ ব্যৱসায় আৰু ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণৰ বাবে কোনো ধৰণৰ বন্ধক নিদিয়াকৈ ২ লাখ টকাৰ ঋণ প্ৰদান কৰা হ’ব৷ শিলকুৰিৰ  বৰমবাবাৰ মন্দিৰ নিৰ্মাণ কৰা হ’ব৷ সভাখনত বৰখলা সমষ্টিৰ প্ৰভাৰী অমিতাভ ৰয়, বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জিলা সভাপতি বিমলেন্দু ৰয়ে ভাষণ প্ৰদান কৰে৷  আজি বৰাক উপত্যকাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ শিলচৰ লোকসভা সমষ্টিৰ ধলাই আৰু শিলকুৰি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ পাথাৰকান্দি আৰু উত্তৰ কৰিমগঞ্জত বিজয় সংকল্প সমাবেশত অংশ গ্ৰহণ কৰে৷ তদুপৰি বিয়লি হাইলাকান্দি চহৰত ৰ’ড শ্বোত অংশ গ্ৰহণ কৰে৷ এইদিনা প্ৰথম মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ধলাইৰ বিএনএমপি বিদ্যালয় খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷