Logo
image

সঘনাই দুৰ্বল অনুভৱ কৰিলে এই খাদ্য খাওক

খাদ্যাভ্যাসেই হওক বা আন কোনো কাৰণতেই হওক আজিকালি প্ৰায় বিভিন্নজনৰ মুখত শাৰীৰিক সমস্যাৰ বিষয়ে শুনা যায়৷ পৰ্যাপ্ত পুষ্টিৰ অভাৱ হ’লে এনেকুৱা হয়৷ পিছে এনে সমস্যাত কি কি খাদ্য খাব লাগে সেই বিষয়ে আমি বহুতেই নাজানো৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সঠিক খাদ্য খালে মানসিক চাপ কমে৷ ফলত শৰীৰ আৰু মন দুয়োটায়ে ভালে থাকে৷ সেয়ে বিশেষজ্ঞসকলে শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা আঁতৰি থাকিবলৈ সঠিক খাদ্য খাবলৈ পৰামৰ্শ দিয়ে৷ আপুনি যদি অনবৰতে দুৰ্বল অনুভৱ কৰি থাকে তেন্তে এইবোৰ খাদ্য খাব পাৰে–

সামুদ্ৰিক মাছ: সাগৰীয় মাছ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ শাৰীৰিক দুৰ্বলতা দূৰ কৰিবলৈ সাগৰীয় মাছ খোৱা উচিত৷ তদুপৰি ওমেগা-৩ ফেটী এচিডযুক্ত নিয়মীয়াকৈ খাব পাৰে৷ মাছৰ তেলে মানসিক চাপ কমোৱাত সহায় কৰে৷ সাগৰীয় মাছ খালে হ’ৰম’নৰ ক্ষৰণৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ তদুপৰি হজম শক্তি বাঢ়ে৷

ফাৰ্মেণ্টেড খাদ্য: স্বাস্থ্য বিশেষজ্ঞসকলে অতি বেছি দুৰ্বল লাগি থাকিলে ফাৰ্মেণ্টেড খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে৷ লগতে প্ৰো-বায়’টিক খাদ্য খোৱাৰ উপদেশ দিয়ে৷ বিশেষকৈ দৈনিক দুপৰীয়াৰ খাদ্যৰ সৈতে এবাতি টেঙা দৈ খালে শৰীৰৰ দুৰ্বল ভাৱৰ পৰা সকাহ পোৱা যায়৷

এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যযুক্ত খাদ্য: দেহটোক প্ৰদাহৰ পৰা মুক্ত কৰিবলৈ এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যযুক্ত খাদ্য খোৱাটো অতি জৰুৰী৷ এই ক্ষেত্ৰত কেঁচা হালধি আৰু ডাৱৰ পানী নিয়মীয়াকৈ খালে উপকাৰ পোৱা যায়৷

ফাইবাৰযুক্ত খাদ্য: শৰীৰটো অনবৰতে দুৰ্বল লাগি থাকিলে ফাইবাৰযুক্ত খাদ্য বেছিকৈ খাব লাগে৷ কিয়নো ফাইবাৰে স্নায়ু সতেজ কৰে আৰু মানসিক কাৰ্যক্ষমতা বঢ়ায়৷ বিভিন্ন ধৰণৰ শাক-পাচলি আৰু শস্যজাতীয় খাদ্য নিয়মীয়াকৈ খোৱা কৰক৷ ইয়াৰ ফলত শৰীৰটোও ভালে থাকিব আৰু দুৰ্বলতা আঁতৰ হ’ব৷

মাল্টি ভিটামিন: দেহ আৰু মন ভালে ৰাখিবলৈ উচ্ছ ক্ষমতাসম্পন্ন মাল্টি ভিটামিনৰ প্ৰয়োজন৷ মাল্টি  ভিটামিনে মানসিক উদ্বেগ আৰু অস্থিৰতা আঁতৰ কৰাত সহায় কৰে৷