Logo
image

দিল্লী-গুৰুগ্ৰামত এয়াৰ টেক্সি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ এপ্ৰিল : ২৭ কিলোমিটাৰ পথ৷ পুৱাৰ পৰা মাজনিশালৈ অনৰ্গল যান-জঁট৷ সেই দূৰত্ব ৭ মিনিটত অতিক্ৰম কৰিব পাৰিব দিল্লী-গুৰুগ্ৰামৰ যাত্ৰীয়ে৷ শুনিবলৈ অবিশ্বাস্য যেন লাগিব পাৰে, কিন্তু এয়া সম্ভৱ হ’ব অচিৰেই৷ কেনেকৈ ৭ মিনিটত অতিক্ৰম কৰিব পাৰিব বুলি প্ৰশ্ন কৰিলে উত্তৰ আহিব–উৰি যাব লাগিব৷ সঁচাই, দিল্লী গুৰুগ্ৰামৰ এই ২৭ কিলোমিটাৰ পথ উৰিয়েই ৭ মিনিটত অতিক্ৰম কৰিব পাৰিব যাত্ৰীয়ে, যি পথ অতিক্ৰম কৰিবলৈ সচৰাচৰ ডেৰ ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ দিল্লীৰ পৰা নজফগড় হৈ প্ৰচণ্ড যান-জঁটত প্ৰতি ইঞ্চি পথ দখলৰ প্ৰতিদ্বন্দ্বিতাত নমা গাড়ীৰ চালকৰ বাবে এই পথৰ যাত্ৰা বহু সময়ত দুৰ্বিষহ৷ দুৰ্বিষহ হৈ পৰে কাৰণ, বহু ক্ষেত্ৰত সময়ত কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰে কৰ্মচাৰী, ‘মিছ’ কৰে নিৰ্দিষ্ট সময়ৰ বিমান৷ এই যন্ত্ৰনা হ্ৰাস কৰাৰ বাবে আগবাঢ়ি আহিছে ইণ্ডিগো এয়াৰলাইন্সৰ মূল সংস্থা ইণ্টাৰগ্লোব এণ্টাৰপ্ৰাইজেছ৷ তেওঁলোকে এই পথত চলাব, প্ৰকৃততে পথত নহয় আকাশত চলাব এয়াৰ টেক্সি৷ আমেৰিকাৰ আৰ্চাৰ এভিয়েচনৰ সৈতে লগ লাগি ইণ্টাৰগ্লোবে দিল্লী-গুৰুগ্ৰামৰ মাজত চলাব এয়াৰ টেক্সি৷ ইণ্টাৰগ্লোবে জনোৱা অনুসৰি এই আকাশপথ অতিক্ৰম কৰিবলৈ সময় লাগিব মাথোঁ ৭ মিনিট৷ এই দূৰত্বৰ বাবে প্ৰতিজন যাত্ৰীয়ে ভাৰা হিচাপে খৰচ কৰিব লাগিব ২-৩ হাজাৰ টকা৷ গাড়ীৰে কৰা যাত্ৰাত টেক্সিত এই পথত খৰচ হয় ১৫০০ টকা৷ ইণ্টাৰগ্লোবে গুৰুগ্ৰাম-দিল্লীৰ পাছত এই সেৱা প্ৰচলন কৰিব মুম্বাই আৰু বেংগালুৰুত৷ দুয়োখন চহৰৰ যান-জঁট পৰিহাৰ কৰি প্ৰায় ইমূৰ-সিমূৰলৈ চলোৱা হ’ব এই সেৱা৷ এনে একোখন এয়াৰ টেক্সিত পাইলটসহ ৫জন যাত্ৰী বহাৰ আসন থাকে৷ দেশৰ বিমান পৰিৱহণ সংস্থাৰ [ডিজিচিএ] সৈতে এই সেৱা আৰম্ভ কৰাৰ বাবে আলোচনা কৰি আছে ইণ্টাৰগ্লোবে৷ ধাৰণা কৰা হৈছে, ডিজিচিএই দেশৰ পৰিৱহণ ব্যৱস্থাত বিপ্লব অনাৰ বাবেই সংস্থাটোক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ আৰ্চাৰ এভিয়েচনৰ চি ই অ’ আডান গ’ল্ডষ্টিনে জনোৱা অনুসৰি আমেৰিকাৰ ফেডাৰেল এভিয়েচনৰ সৈতে ভাৰতৰ অসামৰিক উৰণ নিয়ামক সংস্থা ডিজিচিএই এয়াৰ টেক্সিৰ যাত্ৰীৰ সুৰক্ষা আৰু আন আনুষংগিক বিষয়ত আলোচনা চলাই আছে৷ গ’ল্ডষ্টিনৰ মতে ২০২৬ চনৰ ভিতৰত এই এয়াৰ টেক্সি সেৱা আৰম্ভ হ’ব৷ প্ৰসংগতঃ, সম্প্ৰতি ডুবাইত জ’বি এভিয়েচনে এনে এয়াৰ টেক্সি চলাই আছে, যিখন যানৰ গতি ঘণ্টাত ৩২১ কিলোমিটাৰ৷