নিৰ্বাচনী সভাত মোদী-ৰাহুলৰ উত্তপ্ত বাক্যযুদ্ধ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শুকুৰবাৰে সম্পন্ন হৈ যোৱাৰ পাছত ক্ৰমশঃ উত্তপ্ত হৈছে ৰথী-মহাৰথীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ৷ প্ৰথম পৰ্যায়ৰ আগলৈকে ব্যক্তিগত আক্ৰমণত নামি নপৰা শীৰ্ষনেতাই দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ আৰম্ভণিতে ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰি ৭ দফীয়া লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ অধিক উত্তপ্ত হোৱাৰ ইংগিত দিছে৷ শনিবাৰে ব্যক্তিগত আক্ৰমণৰ সূচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধী আমেঠিৰ দৰে ৱেইনাড় সমষ্টিৰ পৰাও পলাই যাবলগীয়া হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ আনহাতে, ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ দুৰ্নীতিৰে দলীয় বৰঙণি সংগ্ৰহ কৰা স্কুল বন্ধ কৰি দিব বুলি হুংকাৰ দিছে৷ দলৰ একাংশ নেতাই ৰাহুল গান্ধীক কেতিয়াবা ‘বাচ্ছা’ আৰু কেতিয়াবা ‘আমুল বেবী’ বুলি মন্তব্য কৰি গুৰুত্বহীন কৰাৰ চেষ্টা কৰিলেও নৰেন্দ্ৰ মোদীৰ যে ৰাহুল গান্ধীয়েই প্ৰধান প্ৰতিদ্বন্দ্বী, সেয়া তেওঁৰ নিজৰ বক্তব্যৰে স্পষ্ট কৰি দিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট˜ৰ নান্দেড়ৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ শনিবাৰে কয়– ‘কংগ্ৰেছৰ শ্বাহজাদাৰ ৱেইনাড়তো সংকটজনক পৰিস্থিতি বুলি জানিবলৈ পাইছোঁ৷ তেওঁ আৰু সংগীসকলে টালি-টোপোলা বান্ধি ২৬ এপ্ৰিলৰ ৱেইনাড়ৰ ভোট শেষ হোৱালৈ বাট চাই আছে৷ তাৰ পাছত তেওঁ আমেঠিৰ দৰে ৱেইনাড়ৰ পৰাও পলায়ন কৰিবলগীয়া হ’ব৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে যি ভাষাৰে তেওঁক আক্ৰমণ কৰিছে, ময়ো তেনে ভাষা কেতিয়াও ব্যৱহাৰ কৰা নাই৷ যি দেখিছোঁ, কংগ্ৰেছে শ্বাহজাদাৰ বাবে আন এখন নিৰাপদ আসনৰ সন্ধান কৰিবলগীয়া হ’ব৷’
আনহাতে, ৰাহুল গান্ধীয়ে মোদীক আক্ৰমণ কৰি কয়– ‘মোদীয়ে দুৰ্নীতিৰ স্কুল খুলি বহি আছে৷ কিদৰে তদন্তকাৰী দল পঠিয়াই তালাচী চলাই কোম্পানীৰ পৰা ‘দান’ বলপূৰ্বক সংগ্ৰহ কৰিব পাৰি তাৰ স্কুল খুলিছে মোদীয়ে৷ স্কুলত তেওঁৰ বিষয়টো হৈছে ‘এনটায়াৰ কৰাপচন ছায়েন্স’, য’ত ‘ডনেচন বিজিনেছ’ অন্তৰ্ভুক্ত হৈ আছে৷ সেই দুৰ্নীতিৰ স্কুল আমি বন্ধ কৰি দিম৷’