সাহস আছে যদি প্ৰদ্যুৎ বৰদলৈয়ে কামাখ্যা মন্দিৰত শপত খাওকঃ কিয় প্ৰত্যাহ্বান জনালে মন্ত্ৰী পীয়ূষ হাজৰিকাই?
'আমাৰ অসম'ৰ জুৰীয়াৰ প্ৰতিবেদক, ২১ এপ্ৰিলঃ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক যিকোনো প্ৰকাৰে জয়ী কৰাবলৈ ষ্টাৰ কম্পেইনাৰ হিচাপে সংখ্যালঘু অধ্যুষিত অঞ্চলত নামি পৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকা। দেওবাৰে জুৰীয়াৰ শিঙীয়া খেল পথাৰত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।
সভাত ৰাইজক উদ্দেশ্যি মন্ত্ৰী হাজৰিকাই কয় যে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষত উন্নয়নৰ নতুন গতি আৰম্ভ হৈছে। তদুপৰি বিশ্বত ভাৰতবৰ্ষ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত হৈছে। এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আগন্তুক লোকসভা নিৰ্বাচনত পদুমৰ ছবিত ভোট দিয়ক৷ পদুম ফুলত দিয়া প্ৰতিটো ভোটেই নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব। দেশ আৰু জাতিৰ স্বাৰ্থত বিজেপিক ভোট দিয়াটো জৰুৰী বুলি উল্লেখ কৰি কয় যে বিজেপি চৰকাৰে 'সবকা সাথ সবকা বিকাশ' নীতিৰে কাম কৰা বাবেই আজি সকলো সম্প্ৰদায়ৰ লোকৰ সম-উন্নয়ন হৈছে। সংখ্যালঘু লোকসকলেও অন্য সম্প্ৰদায়ৰ দৰে চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
মন্ত্ৰীগৰাকীয়ে ষ্টেজৰ পৰা নামি গৈ প্ৰখৰ ৰ'দত খেলপথাৰত বহি থকা ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে ৰাইজৰ মাজৰ পৰাই ভাষণ প্ৰদান কৰে। ইপিনে সাংবাদিকৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰা বুলি মন্তব্য কৰে৷ লগতে তেওঁ এই কথা যদি মিছা তেন্তে কাইলৈ পুৱা প্ৰদ্যুৎ বৰদলৈক কামাখ্যা মন্দিৰলৈ আহি শপত খাবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ কয় যে কামাখ্যা মন্দিৰলৈ ময়ো যাওঁ, তেৱোঁ আহক৷ তাতেই সকলো স্পষ্ট হৈ পৰিব।
ইফালে বিজেপিয়ে নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকা সময়ত অৰুণোদয় ফৰ্ম বিতৰণ কৰা বুলি কংগ্ৰেছ দলে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী হাজৰিকাই কয় যে বিজেপিয়ে কোনোধৰনৰ ফৰ্ম বিতৰণ কৰা নাই৷ অৰুণোদয়ৰ আঁচনিৰ সুবিধা কোনে কোনে পোৱা নাই, তাৰহে এক ছাৰ্ভে চলি আছে৷ অৰুণোদয় ফৰ্ম বিতৰণ কৰাটো সম্পূৰ্ণ মিছা। সভাত নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত আছিল।