Logo
image

অচ্ছে দিন অহা নাই অমিত শ্বাহৰো? হাতত মাত্ৰ ২৪ হাজাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ¸ প্ৰতিবেদক, ২২ এপ্ৰিল: কেন্দ্ৰত বিজেপি চৰকাৰৰ কাৰ্যকালত ‘অচ্ছে দিন’ আহিল অসমৰ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ৷ কিয়নো মোদী চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালত এআইইউডিএফ দলৰ সাংসদ বদৰুদ্দিন আজমলৰ অবিশ্বাস্যভাৱে ১১২ কোটি টকাৰ সা-সম্পত্তি বৃদ্ধি পালে৷ একেদৰে বিগত ৮ বছৰত কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰো ২১ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে৷ সাংসদ বদৰুদ্দিন আজমলৰ তিনি গুণতকৈ অধিক সম্পত্তি বৃদ্ধি পোৱাৰ বিপৰীতে বিধায়ক ৰকিবুল হুছেইনৰ প্ৰায় ৫গুণ সম্পত্তি বৃদ্ধি পোৱাৰ তথ্য শপতনামাত প্ৰকাশ পাইছে৷ কিন্তু বিজেপি চৰকাৰৰ দিনত সাংসদ বদৰুদ্দিন আজমল বা বিধায়ক ৰকিবুল হুছেইনৰ ‘আচ্ছে দিন’ আহিল যদিও ‘আচ্ছে দিন’ নাহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ দ্বিতীয় শীৰ্ষ নেতা অমিত শ্বাহৰ৷ কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত বিগত ৫বছৰত তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ গুণহে বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে অমিত শ্বাহৰ সম্পত্তি দুগুণ বৃদ্ধি পালেও ইয়াৰ পৰিমাণ কিন্তু এলাপেচা নহয়৷ বিজেপি ৰাষ্ট্ৰীয় নেতাজনৰ পাঁচবছৰত সৰ্বমুঠ ৩৫.১৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি পাইছে৷ ২০১৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত অমিত শ্বাহৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০.৪৯ কোটি টকা আছিল যদিও বিগত ৫ বছৰত স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৬৫.৬৭ কোটি টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ এই সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ দুগুণতকৈ অধিক পৰিমাণৰ সম্পত্তি বৃদ্ধি পালে৷ গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত নিজৰ সম্পত্তিৰ এই তথ্য প্ৰকাশ কৰিছে শ্বাহে৷ আচৰ্যজনক বিষয়টো হৈছে ৬৫কোটি টকা সম্পত্তিৰ মালিক যদিও অমিত শ্বাহৰ নিজৰ নামত নাই কোনো বাহন৷ অসমকে ধৰি সমগ্ৰ দেশতে বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত  থকা অমিত শ্বাহে নগদ মাত্ৰ ২৪হাজাৰ টকা লৈ নিৰ্বাচনী ৰণত  নমাৰ কথা প্ৰকাশ কৰিছে৷ শপতনামাত দাখিল কৰা তথ্য অনুসৰি অমিত শ্বাহৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২০কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৬ কোটি টকা৷ একেদৰে কেন্দ্ৰীয় মন্ত্ৰীজনৰ পত্নী সোণাল শ্বাহৰ অস্থাৱৰ সম্পত্তি ২২.৪৬ কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৯ কোটি টকা৷ শপতনামাত অমিত শ্বাহে ২৫৮টা  কোম্পানীত ৬১২৬টা শ্বেয়াৰৰ বিপৰীতে ধন বিনিয়োগ কৰিছে বুলিও প্ৰকাশ কৰিছে৷ অমিত শ্বাহে শ্বেয়াৰত সৰ্বমুঠ বিনিয়োগ কৰিছে  ১,৩৫৫০,৪৫২ টকা৷ লক্ষণীয়ভাৱে অমিত শ্বাহে শ্বেয়াৰ ক্ৰয় কৰা ৭৯টা কোম্পানী শ্বেয়াৰ বজাৰৰ তালিকাভুক্ত নহয়৷ অমিত শ্বাহৰ নিজৰ কোনো বাহন নাথাকিলেও ৭২লাখ টকাৰ মূল্যৰ আ-অলংকাৰ আছে৷ অৱশ্যে অমিত শ্বাহৰ বিপৰীতে তেওঁৰ পত্নীৰ ১.১০ কোটি টকাৰ সোণ-হীৰাৰ গহনা আছে৷ ইফালে অমিত শ্বাহে ১৭.৭৭ লাখ টকা ঋণ থকা বুলিও শপতনামত প্ৰকাশ কৰিছে৷