Logo
image

পাকিস্তানতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব ৰাহুল! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ৩ মে’: আমাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তেওঁ পুনৰ দেশত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী পাকিস্তানতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব৷ –এই মন্তব্য-কটাক্ষ মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– পাকিস্তানীসকলে ৰাহুল গান্ধীক বহুত ভাল পায়৷ সেইবাবেই পাকিস্তানীসকলে তেওঁক সদায় প্ৰশংসা কৰি থাকে৷ তাত নিৰ্বাচন খেলিলে তেওঁ বিপুল ভোটত জয় লাভ কৰিব পাৰিব৷  কিন্তু পাকিস্তানীসকলৰ চিন্তা-চৰ্চাবোৰ ভাৰতৰ লগত নিমিলে৷ ইয়াৰ বিপৰীতে ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱস্থা বৰ্তমান জয় জয় ময় ময় অৰ্থাৎ বল্লে বল্লে বুলি সাংবাদিকক মন্তব্য কৰে৷ 

উল্লেখ যে শুকুৰবাৰে দিনৰ প্ৰায় ৰ বজাত হেলিকপ্টাৰেৰে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ এই সমাৱেশত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰ, অগপ নেতা ড॰  ৰণজিত ডেকা, পাটাছাৰকুছিৰ পৌৰপতি জলী চৌধুৰী আৰু জয়ন্ত তহবিলদাৰৰ উপৰি বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী, অগপ নেতা জিন্তু চৌধুৰীকে ধৰি বিজেপি, অগপ আৰু ইউপিপিএল দলৰ জ্যেষ্ঠ নেতৃত্ববৃন্দ উপস্থিত থাকে৷ অগপ আৰু বিজেপিৰ এই যৌথ সমাৱেশ মুখ্যমন্ত্ৰী ড॰  শৰ্মাই উপস্থিত হৈ ৰাইজক সম্বোধি কয়– বজালী সমষ্টিত লোকসভা নিৰ্বাচৰ বাবে আমি কোনো চিন্তা নকৰোঁ৷ আমি প্ৰচাৰ নকৰিলেও বজালীৰ ৰাইজে আমাক এনেয়ে ভোট প্ৰদান কৰিব৷ মন্ত্ৰী ৰণজিত দাসেও কৈছে আমাৰ ইয়াত ভোটৰ বাবে কোনো চিন্তা কৰিব নালাগে৷ তথাপি ভোট আৰু বিহুৰ বতৰত ৰাইজক একাষাৰ মাত দিবলৈ এবাৰ বজালীলত উপস্থিত হ’লোঁ৷ আকৌ এবাৰ মোদী চৰকাৰ নিৰ্বাচনী গীতৰ তালে তালে ৰাইজৰ লগত নাচি তেওঁ কয়– এতিয়া অসমৰ চাৰিওফালে শান্তিৰ পৰিৱেশ বিৰাজমান বিৰাজ কৰিছে৷ লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু অগপ দলৰ মিত্ৰজোঁট তথা এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত আয়োজিত সভাখনত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰপেটাত এইবাৰ পদুম মানে হাতী আৰু হাতী মানেই পদুম৷ গতিকে ৰাইজ আমাৰ মুখ্য উদ্দেশ্য হ’ব লাগে যে দিল্লীত বিজেপি চৰকাৰ হ’ব লাগে আৰু নৰেন্দ্ৰ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত নিয়োজিত হ’ব লাগে৷ তদুপৰি আমাৰ ভাৰতবৰ্ষক যদি আমি সুস্থিৰ কৰি ৰাখিব লাগে, ভাৰতখনত যদি আমি প্ৰত্যেক বিপদৰ পৰা ৰক্ষা কৰিব লাগে আৰু আমাৰ অসমখনো যদি সুৰক্ষিত কৰি ৰাখিব লাগে, বিকশিত কৰিব লাগে তেন্তে দিল্লীত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবই৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত যদি আক্ৰমণ হয় তেন্তে কংগ্ৰেছ চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰয়োজনত পাকিস্তানৰ মাজত গৈয়ো বোমা ফটাই আহিব পাৰিছে৷ এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷ আনহাতে, ক’ভিডৰ দৰে ভয়াৱহ মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষীপ গতিৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আমাক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ত যদি মোদীৰ সলনি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলহেঁতেন, তেতিয়া হয়তো আমাৰ আত্মীয় বহুতকে আমি হেৰুৱাবলগীয়া হ’লেহেঁতেন৷ যিটো কথা এতিয়া ভাবিলেই আমাৰ ভয় লাগি যায়৷ গতিকে প্ৰধানমন্ত্ৰী হিচাপে আমি নৰেন্দ্ৰ মোদীক পোৱাৰ বাবে আমি নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিছোঁ৷ নিজকে আমি এটা পৰিয়ালসদৃশ বুলি অনুভৱ কৰিব পাৰিছোঁ৷ সেইবাবেই মোদীক অসমলৈ আহিলেই মিটিঙত ৰাইজক উদ্দেশ্যি প্ৰথমতে, ‘মেৰি পৰিবাৰ গনো’ বুলি সম্বোধন কৰি হে ভাষণ আৰম্ভ কৰে৷ গতিকে তেওঁ কাকো বেলেগ বুলি নাভাবে৷ সকলোকে তেওঁ নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবি লয়৷ 

মুখ্যমন্ত্ৰীয়ে কয়– ২০১৪ চনৰ আগলৈকে অসমত আজি বোলে বড়ো আন্দোলন, আজি বোলে কাৰ্বি আন্দোলন, পৰহি বোলে আলফাৰ আন্দোলন আদিৰে অসমখন এক অশান্তিময় পৰিৱেশ বিৰাজ কৰিছিল৷ কিন্তু এতিয়া অসমৰ চাৰিওফালে কেবল শান্তি আৰু প্ৰগতি৷ মোৰ কাৰ্যকালৰ তিনিটা বছৰত কোনা সংগঠনে অসম বন্ধ নাইবা আন্দোলন কৰা নাই৷ এইবাৰৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত হাতীৰ ছবিত ভোট দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাই কয় যে ‘পেহেলে ভোটদান, বাদ মে জলপান৷ ৰাইজে এইবাৰ পুৱা উঠিয়েই নৰেন্দ্ৰ মোদীক ভোট দিবলৈ ওলাই আহিব৷ আগতে ভোট দিব, ভোটদান কৰি ঘৰত ভাত খাব, নিজৰ নিজৰ কামবোৰ কৰিব৷’ সভাত মুখ্যমন্ত্ৰীয়ে চৰকাৰী আঁচনিসমূহৰ বিয়য়ে উল্লেখ কৰি কয় যি সকল ৰাইজে অৰুণোদয় পোৱা আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম৷ লাখপতি বাইদেউৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷ পত্নীসকল লাখপতি হ’লে গিৰিয়েকসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ বিজেপি বজালী যুৱ মৰ্চাৰ উপ-সভাপতি ৰাজীৱ শৰ্মা আঁত ধৰা নিৰ্বাচনী স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰা সভাত মুখ্যমন্ত্ৰী শৰ্মাই আগন্তুক দিনত আৰু পঞ্চাশ হাজাৰ চাকৰি দিব বুলি সদৰি কৰি এজনো চাকৰিয়াল নথকা পৰিয়ালৰ ল’ৰা-ছোৱালীক ১০ শতাংশ নম্বৰ অতিৰিক্ত দিব বুলি মন্তব্য কৰে৷ সভাত অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু চিপিআইএমক কঠোৰ ভাষাৰে সমালোচনা কৰে৷