Logo
image

মণিপুৰৰ বিভীষিকাৰ এবছৰ প্ৰাণ হেৰুৱালে ২ শতাধিকে

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ মে’:  মে’! এই ৩ মে’ৰ দিনটো উত্তৰ-পূৰ্বাঞ্চলৰ এখন ৰাজ্য মণিপুৰৰ বাবে ক’লা দিন হিচাপে চিহ্নিত হৈ ৰৈছে৷ বিগত বৰ্ষৰ উক্ত দিনটোতেই মণিপুৰত আৰম্ভ হৈছিল গোষ্ঠী সংঘৰ্ষ৷ মেইটে আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা গোষ্ঠী সংঘৰ্ষই শুকুৰবাৰে সম্পূৰ্ণ এবছৰ অতিক্ৰম কৰিলে যদিও আজিও মণিপুৰলৈ উভতি অহা নাই শান্তি৷ মণিপুৰ এই গোষ্ঠী সংঘৰ্ষত দুয়োটা জনগোষ্ঠীৰে ২২১ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে ৪৫ জন লোক আজিও সন্ধানহীন হৈ আছে৷ সংঘৰ্ষৰ পৰিণতিত ৫০ হাজাৰ লোকে ঘৰ-ভেটি হেৰুওৱাবলগীয়া হেৰুওৱাই আজিও আশ্ৰয় শিবিৰতে সময় পাৰ কৰিবলগীয়া হৈছে৷ এই সংঘৰ্ষত ১৩ হাজাৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰা হ’ল নতুবা জ্বলাই দিয়া হৈছে৷ অভিযোগ অনুসৰি বিগত বৰ্ষৰ এপ্ৰিলৰ শেষৰ ফালে মণিপুৰৰ এখন সংৰক্ষিত বনাঞ্চল কুকিসকলৰ বেদখলৰ পৰা উদ্ধাৰ কৰাক লৈ চেপা উত্তেজনা বিৰাজ কৰিছিল ইয়াৰ মাজতে বিগত বৰ্ষৰ তিনি মে’ত মণিপুৰ উচ্ছ ন্যায়ালয়ে মেইটেসকলক জনজাতিৰ মৰ্যাদাৰ সন্দৰ্ভত এটা ৰায় প্ৰদানৰ পাছতেই পাহাৰীয়া জিলাসমূহত মেইটে সম্প্ৰদায়ে জনজাতি সংহতি সমদল বাহিৰ কৰিছিল৷ মেইটেসকলৰ এই সমদলৰ পাছতেই কুকি জো আৰু মেইটেৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল৷ এই সংঘৰ্ষৰ দাবানল যেন আজিও নিৰ্বাপিত হোৱাৰ কোনো চিন-মোকাম নাই মণিপুৰত৷ গোষ্ঠী সংঘৰ্ষৰ বৰ্ষপূৰ্তিৰ দিনটোত শুকুৰবাৰে কুকি এলেকাত ক’লা দিৱস পালন কৰি সৰ্বাত্মক বন্ধ ঘোষণা কৰা হয়৷ আনহাতে মেইটেসকলেও আজিৰ দিনটোক চীনা কুকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বৰ্ষপূৰ্তি দিন হিচাপে পালন কৰাৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবত মেইটে সমাজে সংবাদ মেলো সম্বোধন কৰে৷ ইফালে একে সময়তে কুকি জনগোষ্ঠীয় ছাত্ৰ সমাজে শুকুৰবাৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ এই সংঘৰ্ষৰ অচিলাৰে দুবৃৰ্ত্তই মণিপুৰ আৰক্ষীৰ পৰা ৫,৬৮২টা অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়াৰ ঘটনাও সংঘটিত হয়৷ বৰ্তমানলৈ ইয়াৰে মাত্ৰ ২,০৩০  বিধি অস্ত্ৰ-শস্ত্ৰহে উদ্ধাৰ কৰিছে অৰ্ধ সামৰিক বাহিনীয়ে৷ কেন্দ্ৰীয় চৰকাৰে গোষ্ঠী সংঘৰ্ষ দমনৰ বাবে ৬০ হাজাৰ সেনা তথা অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰাৰ পাছতো মণিপুৰত এই মুহূৰ্ততো গোষ্ঠী সংঘৰ্ষজনিত ঘটনা অব্যাহত আছে৷ তাৎপৰ্যপূৰ্ণভাৱে মেইটে জনগোষ্ঠীয় মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ মন্ত্ৰীসভাৰ সমৰ্থনত ৭ বিজেপি বিধায়কসহ ১০ কুকি বিধায়ক-মন্ত্ৰী আছে যদিও বিগত এবছৰ ধৰি চৰকাৰ আৰু মন্ত্ৰী সভাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই৷ চীনা কুকি জো উগ্ৰপন্থীৰ সমান্তৰালভাৱে মেইটেৰ আৰাম্বাই টেংগল নামৰ উগ্ৰপন্থী গোটেও এই সংঘৰ্ষক সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছে৷ মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ঘটনাৰ লগতে কুকি মহিলাক মেইটেৰ উন্মত্ত লোকে উলংগ কৰি ৰাজপথত সমদল বাহিৰ কৰা ঘটনাৰ ইতিমধ্যে চি বি আয়ে তদন্ত কৰি অভিযোগনামাও দাখিল কৰিছে৷ এই অভিযোগনামাত দুগৰাকী অসহায় মহিলাক ধৰ্ষণ আৰু উলংগ কৰি সমদল বাহিৰ কৰাত মণিপুৰ আৰক্ষীয়ে সহযোগ কৰা কাৰ্যও পোহৰলৈ আহে৷ ইফালে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই এটা বছৰ অতিক্ৰম কৰিলে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰবাসীৰ ওপৰত উপস্থিত হ’বলৈ সাহস নকৰিলে৷ আনকি বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়টো এৰাই চলাৰহে চেষ্টা কৰে৷ ইফালে ইম্ফল ভেলীৰ পৰা দুৰ্বৃত্তই মণিপুৰ আৰক্ষীৰ পৰা ৫ হাজাৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়াই নহয়, এতিয়াই দুবৃৰ্ত্তই বেংকৰ পৰা দিনৰ পোহৰতে ধন লুটৰ ঘটনাও সংঘটিত কৰিছে৷ বুধবাৰে চূড়াচাঁন্দপুৰ জিলাৰ কে চালবুংস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখাত দিনৰ দুই বজাত পাঁচজনীয়া অস্ত্ৰধাৰী দলে প্ৰৱেশ কৰি ২০ লাখ টকা লুট কৰি নিয়ে৷ মাস্ক পৰিধান কৰি অহা দলটোৱে শূণ্যলৈ গুলীচালনাও কৰে৷

মেইটেইক অনুসুচিত জনজাতিৰ স্বীকৃতি দিয়াৰ দাবী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : মেইটেইসকলক সাংবিধানিক সুৰক্ষা আৰু অনুসুচিত জনজাতিৰ স্বীকৃতি দিয়াৰ দাবী জনাইছে বিশ্ব মেইটেই পৰিষদৰ, অসম শাখাই৷ শাখাৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বিশ্ব মেইটেই পৰিষদৰ, অসম শাখাৰ সভাপতি নৱ কিশোৰ য়ুমনামে কয়–বিগত বৰ্ষৰ এই দিনটোত মণিপুৰত কুকি চীন জনগোষ্ঠীয়ে  মণিপুৰৰ খিলঞ্জীয়া মেইটেইসকলক আক্ৰমণ কৰিছিল৷ আজি সেই ঘটনাই এবছৰ সম্পূৰ্ণ কৰিলে৷ সমগ্ৰ বিশ্বত থকা মৈইটেইসকলৰ বাবে দুৰ্ভাগ্যজনক দিনটোত যেতিয়া কুকি-চীন অবৈধ অনুপ্ৰৱেশকাৰীয়ে অস্ত্ৰ লৈ চুড়াচাণ্ডপুৰ আৰু ম’ৰে মেইটেই গাঁৱত আক্ৰমণ কৰে৷ নিৰীহ মেইটেই গাঁৱৰ মানুহে কেতিয়াও ভবা নাই যে তেওঁলোকে যিসকল ওচৰ-চুবুৰীয়াক আশ্ৰয় দিছিল আৰু দশক দশক ধৰি শান্তিপূৰ্ণভাৱে জীয়াই আছে, তেওঁলোক হত্যাকাৰীৰ ৰূপ ল’ব৷ আমি সকলোৱে প্ৰত্যক্ষ কৰিছো যে এবছৰ পাৰ হৈ গ’ল কিন্তু এই দুখন ঠাইৰ পৰা স্থানচু্যত হোৱা মেইটেই গাঁৱৰ মানুহে ঘৰলৈ উভতি যাব নোৱাৰিলে৷ অত্যাচাৰৰ মাত্ৰা শিখৰত আছে আৰু এই কুকি-চীন অবৈধ অনুপ্ৰৱেশকাৰীসকলে তেওঁলোকৰ ১০জন বিধায়কৰ সমৰ্থনত, আৰু যিসকল উগ্ৰপন্থী যিসকল এছঅ’ অ’ৰ অধীনত আছে যদিও কেন্দ্ৰটোৰ সৈতে তেওঁলোকৰ এছঅ’ডি চুক্তিৰ ম্যাদ ২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শেষ হৈছিল, তেওঁলোকে ইম্ফললৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহ বন্ধ কৰি দিছে আৰু ই ইম্ফলত বাস কৰা যিকোনো সম্প্ৰদায়ৰ স্বাভাৱিক জীৱন ব্যাহত কৰিছে৷ আজি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মেইটেইসকলে এ শোক প্ৰকাশ কৰিছে আৰু বিগত বৰ্ষত মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত হিংসাৰ আক্ৰমণত প্ৰাণ হেৰুৱা, স্থানচু্যত মেইটেইসকলৰ প্ৰতি ‘গ্ল’বেল ছলিডাৰিটি’ত প্ৰদৰ্শন কৰিছে৷ অসম ইউনিটৰ বিশ্ব মেইটেইপৰিষদৰ সদস্যসকলেও এই ঘটনাত শোক প্ৰকাশ কৰি অন্যান্য চি এছ অ’ৰ সৈতে মিলি ‘গ্ল’বেল ছলিডাৰিটি”ত যোগদান কৰে৷ বিশেষভাৱে গুৱাহাটীত এই সংবাদমেল অনুষ্ঠিত কৰাৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য আছে৷ চুবুৰীয়া দেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে কেইটামান দশক আগতে একেধৰণৰ কঠিন সময়ৰ সন্মুখীন হোৱা অসমৰ জনসাধাৰণো ইয়াৰ ব্যতিক্ৰম নহয়৷ কিন্তু মণিপুৰৰ প্ৰত্যাহ৩ান অসমতকৈ বহু বেছি কাৰণ মণিপুৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ ভাবুকি নাৰ্কো-সন্ত্ৰাসবাদ, ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা আদিৰ জড়িত থকাৰ বাবে বহুত বেছি জটিল হৈ পৰিছে৷ অসমৰ সংবাদ মাধ্যমলৈ আমাৰ আহ৩ান যিহেতু  ইতিমধ্যে অসমত এনে অত্যাচাৰ নিকট দৃষ্টিৰে সকলোৱে প্ৰত্যক্ষ কৰিছে৷ ‘জ’-কাউণ্ট্ৰৰী’ গঠনৰ বাবে কুকি-চীন মানুহৰ মূলমন্ত্ৰই নি(য় এতিয়ালৈকে গম পাইছে যে মণিপুৰৰ গোষ্ঠীগত হিংসাৰ মূল কাৰণ কোনটো৷ তদুপৰি ২ মে’ত ‘দ্য আছাম ট্ৰিবিউন’ত কাকতত প্ৰকাশিত একপক্ষীয় লেখনিৰে বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখিমে দায়িত্বহীনতাৰ পৰিচয় দিলে৷ সেই লেখা আৰু কুকি-চীন জনগোষ্ঠীক সহায় কৰা অপপ্ৰচাৰ ভৱিষ্যতে কোনো মিডিয়া হাউছে পুনৰাবৃত্তি কৰিব নালাগে৷ মেইটেই সকল মণিপুৰৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু আজি তেওঁলোকৰ পৰিচয় ভাবুকিৰ সন্মুখীন হ’বলৈ ধৰিছে৷ মণিপুৰত যদি মেইটেইক ৰক্ষা নকৰে তেন্তে তেওঁলোকৰ পৰিচয় বিশ্বৰ পৰা হেৰাই যাব৷ সমগ্ৰ বিশ্বৰ পৰা অহা মেইটেইসকলে এক কণ্ঠৰে থিয় দিছে যে মণিপুৰৰ মেইটেইসকলক সুৰক্ষিত কৰিবলৈ তেওঁলোকক সাংবিধানিক সুৰক্ষাৰ অধিকাৰ অৰ্থাৎ মণিপুৰৰ মৈটেইক অতি সোনকালে অনুসূচিত জনজাতিৰ স্বীকৃতি দিয়া উচিত৷ মণিপুৰ চৰকাৰৰ তৰফৰ পৰা জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, দিল্লী লৈ বিগত একদশকৰো অধিক ধৰি মণিপুৰৰ মেইটেইৰ শেহতীয়া আৰ্থ-সামাজিক জৰীপৰ প্ৰতিবেদন প্ৰেৰণ কৰাত এতিয়াও পলম হৈছে৷ সেয়ে আমি চৰকাৰক আহ৩ান জনাইছো এই দুখন প্ৰতিবেদন কোনো পলম নকৰাকৈ প্ৰেৰণ কৰিবলৈ৷ দুয়োখন চৰকাৰৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে ৰাজ্য আৰু কেন্দ্ৰৰ ন্যায় মেইটেইসকল প্ৰদান কৰা হ’ব৷ মেইটেইৰ ন্যায় অবিহনে মণিপুৰলৈ স্থায়ী শান্তি ঘূৰি অহা অসম্ভৱ সংবাদ মেলত বিশ্ব মেইটেই পৰিষদ অসম শাখাৰ সাধাৰণ সম্পাদক ই. হৰি সিংহৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷