Logo
image

ভোটৰ মাজতে আলুৰ দাম হ’লগৈ ৪০ টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ এপ্ৰিল : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ মূল্যবৃদ্ধিয়ে স্পৰ্শ কৰিলে সাধাৰণ জনতাক৷ নিৰ্বাচনৰ অচিলাৰে ভোটৰ মাজতে অতি সংগোপনে বণিক গোষ্ঠীয়ে বৃদ্ধি কৰিছে আলুৰ মূল্য৷ শাসক-বিৰোধী নিৰ্বাচনী প্ৰতিশ্ৰুতিত ভোটাৰ ৰাইজ মগ্ন হৈ থকাৰ  সময়তে প্ৰতিকেজি আলুৰ খুচুৰা মূল্য পালেগৈ ৪০ টকা৷ মাত্ৰ এসপ্তাহৰ ব্যৱধানতে উত্তৰ প্ৰদেশৰ পৰা আমদানিকৃত আলুৰ খুচুৰা মূল্য প্ৰতি কিলোত সৰ্বাধিক ১০টকা বৃদ্ধি পালে৷ দেওবাৰৰ দিনটোত গুৱাহাটীৰ খুচুৰা বজাৰত পশ্চিমবংগৰ আলু প্ৰতি কেজিত ৩০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ আলু ৩৫-৪০ টকাত বিক্ৰী হৈছে৷ অৱশ্যে খুচুৰা বজাৰত আলুৰ মূল্য এসপ্তাহ ব্যৱধানত ৫-১০ টকা বৃদ্ধি পাইছে যদিও পাইকাৰী বজাৰত বিগত এসপ্তাহত আলুৰ মূল্য প্ৰতিকেজিত ২ টকাহে বৃদ্ধি হোৱা বুলি ব্যৱসায়ীসকলে দাবী কৰিছে৷ ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে দেওবাৰে পশ্চিমবংগৰ আলুৰ প্ৰতিকেজিৰ মূল্য হৈছে ১৯-২০ টকা আৰু উত্তৰ প্ৰদেশৰ পৰা আলুৰ প্ৰতিকেজিত মূল্য ২৩-২৪ টকাত বিক্ৰী কৰা হৈছে৷ ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীৰ এই তথ্যৰ পৰা এটা কথা নিশ্চিত হৈ পৰিছে যে ৰাজ্যৰ যোগান বিভাগৰ অকৰ্মণ্যতাৰ সুযোগ লৈ অসাধু ব্যৱসায়ীৱে আলুৰ মূল্যবৃদ্ধিৰে জনতাক ৰাম-টাঙোন শোধাইছে৷ অৱশ্যে, ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীৰ সূত্ৰটোৱে লগতেসদৰী কৰা মতে, উৎপাদনস্থলীত আলুৰ কোনো নাটনি হোৱা নাই যদিও ব্যৱসায়ীসকলে নিৰ্বাচনত ৰাজনৈতিক দলক চান্দা দিবলগীয়া হোৱাৰ বাবেই আলুৰ মূল্য কিছু হ’লেও বৃদ্ধি পাইছে৷ তদুপৰি ৰাজ্যৰ একাংশ সংগঠনে বিহু অনুষ্ঠানৰ নামত ব্যৱসায়ীৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ কৰাৰ বাবেও অসমত আলুকে ধৰি নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীৰ সামান্য মূল্য বৃদ্ধি পোৱা বুলিও ফাঁচী বজাৰৰ ব্যৱসায়ী সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ ইফালে আলুৰ সমান্তৰালভাৱে গুৱাহাটীৰ পাইকাৰী বজাৰত পশ্চিমবংগৰ পিঁয়াজৰ দাম প্ৰতিকেজিত ১৬-১৭ টকা আৰু মহাৰাষ্ট্ৰৰ নাচিকৰ পিঁয়াজৰ দাম প্ৰতিকেজিত ২৩-২৪ টকাত বিক্ৰী হৈছে৷ কিন্তু পাইকাৰী বজাৰৰ প্ৰতিকেজিত ১৬-১৭ টকীয়া পিয়াঁজ খুচুৰা বজাত আজিৰ দিনটোত ৩০ টকাকৈ বিক্ৰী হৈছে৷ যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে বিজেপি আৰু মিত্ৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত বজাৰত চকু ৰাখিবলৈ সময় নোপোৱাৰ বাবেই সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ ভাৰ বহন কৰিবলগীয়া হোৱা বুলিও বিভিন্নজনে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷