Logo
image

ডিঙিৰ বিষত ভুগিলে ফ্ৰীজত থোৱা খাদ্য নাখাব

বিভিন্ন কাৰণত ডিঙিৰ বিষত ভুগিব লগা হয়৷ কণ্ঠস্বৰৰ প্ৰয়োগ বেছিকৈ হয় বাবে সাধাৰণতে ঠাণ্ডা বতাহৰ প্ৰভাৱ ডিঙিত বেছিকৈ পৰে৷ এই ঠাণ্ডা লগাৰ বাবে কাহ-চৰ্দিৰ লগতে ডিঙিৰ বিষত প্ৰায়েই ভুগিব লগা হয়৷ ধূলি-বালিৰ বাবেও বহু সময়ত ডিঙিৰ বিষ হ’ব পাৰে৷ যাৰ ফলত কেতিয়াবা মাত ভগাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ শুকান বতৰত স্বৰযন্ত্ৰ বিভিন্ন সংক্ৰমণৰ বলি হয়৷ ইয়াৰ ফলতে ডিঙিৰ বিষতো আক্ৰান্ত হ’ব পাৰে৷ এই যন্ত্ৰণাৰ পৰা উপশম পাবৰ বাবে ঘৰুৱাভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷

# আদা, মৌ, নেমু দিয়া চাহ খালে ডিঙিৰ বিষত ভাল ফল পাব পাৰি৷ 

# আদা দিয়া চাহ নিয়মীয়াকৈ খালে ডিঙিৰ বিষৰ পৰা উপশম পোৱাৰ লগতে শৰীৰত ৰোগ-প্ৰতিৰোধ শক্তি বৃদ্ধি পায়৷ 

# আদাৰ সৈতে মৌ মিহলাই খালেও ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰি৷ 

# পৰাপক্ষত ডিঙিত ঠাণ্ডা লাগিবলৈ দিব নালাগে৷ গ্ৰীষ্মকালত বজাৰত উপলব্ধ শীতল পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে৷ ফ্ৰীজত থোৱা খাদ্য ফলমূল খোৱাৰ ফলতো কেতিয়াবা ডিঙিত সংক্ৰমণজনিত বিষ হ’ব পাৰে৷ সেয়ে অতি বেছি ঠাণ্ডা কৰি ৰখা ফলমূল, খাদ্য আদি নোখোৱাই ভাল৷

# কেতিয়াবা গধুৰ সামগ্ৰী আদি উঠোৱাৰ ফলতো ডিঙিৰ বিষ হ’ব পাৰে৷ সেয়েহে ডিঙিৰ বিষত আক্ৰান্ত হ’লে তেনে কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে৷ 

# ডিঙিৰ বিষত আক্ৰান্ত হ’লে কুহুমীয়া পানীৰে গাধোৱা বা গৰম কৰা পেড ব্যৱহাৰ কৰিব লাগে৷ প্ৰশিক্ষিত চিকিৎসকৰ দ্বাৰা ডিঙিৰ মালিচ ল’লে বিষৰ পৰা উপশম পাব পাৰি৷ 

# গাৰু অবিহনে শোৱাৰ অভ্যাস কৰিব লাগে৷ গাৰু ব্যৱহাৰ কৰিলেও ডিঙিৰ উপযোগীকৈ প্ৰস্তুত কৰা গাৰুহে ব্যৱহাৰ কৰিব লাগে৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷