Logo
image

জিলাই জিলাই শ শ চৰকাৰী স্কুলত তলা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ এপ্ৰিল : কোনো পূৰ্ব ঘোষণা নকৰাকৈ শনিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ছেবাই ঘোষণা কৰা ফলাফলৰ তালিকা অনুসৰি এইবাৰৰ মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত  সৰ্বাধিক নম্বৰ লাভ কৰা শীৰ্ষ ৫ পৰীক্ষাৰ্থীয়েই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ৷অৰ্থাৎ চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানৰ বিপৰীতে এইবাৰৰ মেট্ৰিক পৰীক্ষাত ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান চমক পদ সাফল্য লাভ কৰা পৰিলক্ষিত হয়৷ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান দোপতদোপে নিম্নগামী হোৱাৰ অভিযোগ উত্থাপনৰ মাজতে ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে একত্ৰীকৰণৰ নামত পুনৰ শ শ বিদ্যালয়ত তলা ওলোমাই দিছে৷ এইবাৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, শ্বহীদ ভূপেন ডেকা, কৰ্মচাৰীৰ নবীন চন্ত বৰদলৈ, শ্বহীদ অৰুণ বৰা আদি মনীষীৰ নামত স্থানীয় ৰাইজে কেওঁ ঘাম মাটিত পেলাই নিৰ্মাণ কৰা বিদ্যালয়কো বন্ধৰ জাননী জাৰি কৰিছে৷ বিগত ১৫ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালিকাই এটা নিৰ্দেশনা যোগে দৰং আৰু শোণিতপুৰ জিলাৰ সৰ্বমুঠ ২৪৩ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে৷ শিক্ষা বিভাগে মূল বিদ্যালয় কেইখনত  চিৰদিনৰ বাবে তলা লগাই সমীপৱৰ্তী আন চৰকাৰী শিক্ষানুষ্ঠানৰ সৈতে চামিল কৰি দিছে এই সমূহ শিক্ষানুষ্ঠানক৷ বিভাগীয় নিৰ্দেশনা অনুসৰি তলা বন্ধ কৰা বিদ্যালয়সমূহৰ একাংশ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত উচ্ছ প্ৰাথমিক বিদ্যালয় আৰু আন একাংশ হৈছে অপ্ৰাদেশীকৃত নিম্ন প্ৰাথমিক বিদ্যালয়৷ শিক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি শোণিতপুৰ জিলাত সৰ্বাধিক ১৫৫ প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰি সমীপৱৰ্তী চৰকাৰী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিছে৷ একেদৰে দৰং জিলাত সৰ্বমুঠ ৮৮ খন বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে চামিল কৰি দিয়ে৷ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত কৰ্মৰত প্ৰাদেশীকৃত টিউটৰ সকলকো ‘বেছ স্কুল’লৈ বদলি কৰা হৈছে৷ চৰকাৰী তথ্য অনুসৰি তলা ওলোমাই দিয়া এইসমূহ বিদ্যালয়ত সৰ্বাধিক ৩-৪ জন পৰ্যন্ত প্ৰাদেশীকৃত টিউটৰ নিয়োজিত হৈ আছিল৷ বন্ধ কৰি দিয়া নিম্ন আৰু উচ্ছ প্ৰাথমিক বিদ্যালয়সমূহক সমীপৰ আন আন প্ৰাথমিক, মজলীয়া হাইস্কুলৰ সৈতেও সংলগ্ন কৰা হৈছে৷ উল্লেখ্য, বিগত বিধানসভা অধিৱেশনত বিজেপি চৰকাৰৰ বিগত ৮ বছৰীয়া কাৰ্যকালত সৰ্বমুঠ ৮,০৬৬ খন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণৰ অজুহাতেৰে বন্ধ কৰি দিয়াৰ তথ্য প্ৰকাশ কৰিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ একেদৰে এই সময়চোৱাত ২১৪ খন মাধ্যমিক, উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক  বিদ্যালয়ো বন্ধ কৰি দিছে শিক্ষা বিভাগে৷ ইয়াৰ পাছত পুনৰ এইবাৰ শিক্ষা বিভাগে দুখন জিলাৰ আন প্ৰায় আঢ়ৈ শ ভেঞ্চাৰ আৰু স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত তলা ওলোমাই দিয়ে৷ অৱশ্যে আন আন জিলাকো বহু বিদ্যালয় বন্ধ কৰাৰ কথা জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে অসমত বিভিন্ন পৰ্যায়ৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শোচনীয় অৱস্থাৰ বিপৰীতে দোপতদোপে আগবাঢ়ি হৈছে ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠান৷