Logo
image

আছুৰ বাবেই সোণোৱাল জিকিছিল, লুৰীণো জিকিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিল : ছাত্ৰ সন্থাৰ কাৰণেই ডিব্ৰুগড়ৰ পৰা এসময়ত সৰ্বানন্দ সোণোৱাল জিকিছিল৷ ছাত্ৰ সন্থাৰ কাৰণেই এইবাৰ জিকিব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ৷ এই ভাষ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল আয়োজন কৰি বৰাই প্ৰথম পৰ্যায়ৰ নিবাৰ্চনত আগবঢ়োৱা সঁহাৰিৰ বাবে আছু তথা ২৬টা জাতীয় সংগঠনৰ নেতৃত্বক বিশেষভাৱে ধন্যবাদ জনায়৷ তেওঁ আৰু কয়– যি লাখপতি বাইদেউক লৈ বিজেপিয়ে জয়লাভ কৰিম বুলি আশাপালি আছে সেই লাখপতি বাইদেউৱে নিজকে হতাশপতি নাম দিছে৷ আজি অংগনৱাড়ী কৰ্মী, আলোচনা কৰ্মীয়ে মুখ্যমন্ত্ৰীক আঙুলি টোৱাই কথা ক’ব পৰা হ’ল কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুধাৱন কৰা উচিত৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা আহিছিল যদিও ডিব্ৰুগড়লৈ নগ’ল৷ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰচাৰ নচলালে৷ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক উজনিলৈ যাবলৈ নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কেন্দ্ৰীয় মন্ত্ৰী এজনে মুখ খুলিম বুলি মুখ্যমন্ত্ৰীক ধমকি দিয়াৰ প্ৰসংগত কয় যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেকৈ কোৱাৰ কাৰণ আছে যদিও কথাটো ওলাব নোৱাৰে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী আৰু দলৰ সভাপতি অসমলৈ আহিছিল যদিও মুখ্যমন্ত্ৰীয়ে উজনি অসমলৈ যাবলৈ নিদিলে৷ কাৰণ সোণোৱালক পৰাজিত কৰাৰ বাবে যিমানখিনি কাম কৰিব লাগে সিমানখিনি কাম কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজন জয়ী নহয়, জয়ী হ’ব অসমৰ মানুহৰ সিদ্ধান্তৰ বাবে৷ অসমৰ সকলো ভাল মানুহে অসমখন বচাবৰ বাবে মৌনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তা আৰু আচৰণত লজ্জানত ৰাজ্যবাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা-বতৰা আৰু আচৰণত গোটেই ৰাজ্যবাসী লজ্জানত হৈছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয় যে ১৩খন আসনৰ কথা কৈ আহিছিল যদিও এতিয়া শূন্যৰ সংখ্যা বাঢ়ি বাঢ়ি আহি আছে৷ মুখ্যমন্ত্ৰীজনৰ ব্যৱহাৰ বেপেৰুৱা বুলি মন্তব্য কৰি কৰি ভূপেন বৰাই কয় যে আমাৰ মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তা আৰু আচৰণত ৰাজ্যবাসী লজ্জানত হৈছে৷ মুখ্যমন্ত্ৰীৰ এনে আচৰণৰ বাবে নৱপ্ৰজন্মৰ প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতী আজি হতাশ হৈছে৷ মুখ্যমন্ত্ৰীয়ে নিৱনুৱা সমস্যাৰ কথা এবাৰো নক’লে৷ মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মীক ধমকি দিয়ে৷ এজন মুখ্যমন্ত্ৰীয়ে ৰাস্তাত অংগনবাড়ী কৰ্মীৰ সৈতে মুখচুপতি মাৰিবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰীৰ হতাশাই চৰম পৰ্যায় পাইছেগৈ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৭টা বিধানসভা সমষ্টিৰ সাতটা সমষ্টিত বিজেপিৰে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হ’ব৷ বৰাই লগতে কয় যে ৪০টা বিধানসভা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে৷ ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰিয়ংকা গান্ধীকে অনা হৈছিল বুলি তেওঁ সদৰী কৰে৷