Logo
image

ৰামদেৱক ৪.৫ কোটি টকা কৰ আদায়ৰ নিৰ্দেশ ছুপ্ৰিম ক’ৰ্টৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ এপ্ৰিল : যোগগুৰু বাবা ৰামদেৱৰ এতিয়া চৌদিশে বিপদ৷ তেওঁৰ মূল বিপদ সম্প্ৰতি আইনী জটিলতা৷ এসময়ত হিমালয়ৰ বিভিন্ন আশ্ৰমত যোগাসন শিকি নামনিলৈ নামি আহি প্ৰথমে যোগবিদ্যাৰ শিক্ষা দিয়া আৰু কালক্ৰমত আয়ুৰ্বেদিক সামগ্ৰীৰে লক্ষ লক্ষ কোটি টকাৰ সাম্ৰাজ্য গঢ়ি তোলা বাবা ৰামদেৱক উচ্ছতম ন্যায়ালয়ে কোনো দিশতে নিস্তাৰ দিয়া নাই৷ ক’ভিডৰ ভুৱা ঔষধ বিক্ৰী কৰি উচ্ছতম ন্যায়ালয়ৰ ৰোষৰ পৰা ৰেহাই নোপোৱা বাবা ৰামদেৱক এইবাৰ সৰ্বোচ্ছ আদালতে ৪.৫ কোটি টকাৰ সেৱাকৰ আদায়ৰ নিৰ্দেশ দিছে৷ ৰামদেৱে যোগশিক্ষাৰ বাবে দেশজুৰি বছৰ বছৰ ধৰি আয়োজন কৰা শিৱিৰৰ প্ৰৱেশ মাছুল হিচাপে যি ধন লৈছিল, তাৰে এটকাও কৰ আদায় দিয়া নাই৷ সেই সেৱাকৰৰ পৰিমাণ হৈছেগৈ ৪ কোটি ৫০ লাখ টকা৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰামদেৱক সেই  ৪.৫ কোটি টকাৰ সেৱাকৰ অনতিবিলম্বে আদায় দিবলৈ নিৰ্দেশ দিছে৷ ৰামদেৱৰ পতঞ্জলি যোগপীঠ ন্যাসক কৰ কৰ্তপক্ষই পূৰ্বেই  ৪.৫ কোটি টকাৰ সেৱাকৰ আদায়ৰ নিৰ্দেশ দিছিল৷ সেই নিৰ্দেশৰ বিৰুদ্ধে তেওঁ কৰ এপিলেট ট্ৰাইবুনেলত আবেদন জনালেও ট্ৰাইবুনেলে ২০২৩ চনৰ অক্টোবৰত সেই আবেদন খাৰিজ কৰিছিল৷ ট্ৰাইবুনেলৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেওঁ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে ট্ৰাইবুনেলৰ নিৰ্দেশ বাহাল ৰাখে৷ ফলত বাবা ৰামদেৱে ২০০৬ চনৰ পৰা ২০১১ চনলৈ দেশজুৰি আয়োজন কৰা যোগশিৱিৰৰ প্ৰৱেশ মাছুলৰ  ৪.৫ কোটি টকাৰ সেৱাকৰ জৰিমনাসহ আদায় দিয়াৰ গত্যন্তৰ নাথাকিল৷