Logo
image

২৬ হাজাৰ ‘ছাৰ’ হঠাৎ বেকাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ এপ্ৰিল : দেশৰ লোকসভাৰ নিৰ্বাচন আৰম্ভ হওঁতেই পশ্চিবংগৰ মমতা বেনাৰ্জী চৰকাৰক বিষম আঘাত দি কলিকতা উচ্ছ ন্যায়ালয়ে প্ৰায় ২৬ হাজাৰ শিক্ষকৰ চাকৰি অবৈধ বুলি ৰায় দি নিযুক্তি বাতিল কৰিছে৷ নিযুক্তি বাতিল কৰা এই ২৫,৭৫৩ শিক্ষকৰ যিসকলে এছএছচি পেনেলৰ ম্যাদ উকলাৰ পাছত নিযুক্তি লাভ কৰিছিল তেওঁলোকক ইমান বছৰে লাভ কৰা দৰমহা বছৰি ১২ শতাংশ সূদসহ ৪ সপ্তাহৰ ভিতৰত ঘূৰাই দিবলৈ আদালতে নিৰ্দেশ দিছে৷ কলিকতা উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাংশু বসাক আৰু মহম্মদ ছাব্বেৰ ৰুছিদিৰ খণ্ড বিচাৰপীঠে ২০১৬ চনত মমতা বেনাৰ্জীৰ চৰকাৰে এছএছচি-ৰ পৰীক্ষাৰ জৰিয়তে প্ৰদান কৰা শিক্ষক নিযুক্তি বাতিল কৰাত ৰাজ্য চৰকাৰেই নহয়, সমগ্ৰ পশ্চিম বংগতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মানবিক কাৰণত এই নিযুক্তি বাতিল হোৱা প্ৰায় ২৬ হাজাৰ শিক্ষকৰ মাজৰ সোমা দাসৰ চাকৰি তেওঁ কৰ্কট ৰোগত ভূগি থকাৰ বাবে বাতিল নকৰা বুলি আদালতে ৰায়দান কৰিছে৷ পশ্চিমবংগৰ এছএছচি নিয়োগ কেলেংকাৰিৰ তদন্ত চলাই থকা চিবিআইক গোচৰৰ তদন্তৰ প্ৰয়োজনত চৰকাৰৰ যিকোনো অভিযুক্তক জিম্মাত লৈ তদন্তৰ বাবে আদালতে অনুমতি প্ৰদান কৰাত লোকসভা নিৰ্বাচনৰ মাজতে মমতা বেনাৰ্জী চৰকাৰৰ অধিক মন্ত্ৰীক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰাৰ আশংকা সৃষ্টি হৈছে৷ প্ৰসংগতঃ শিক্ষক নিযুক্তি কেলেংকাৰিত অভিযুক্ত মমতা বেনাৰ্জী কেবিনেটৰ পাৰ্থ চেটাৰ্জী ইতিপূৰ্বে এই গোচৰত কাৰাবন্দী হৈ আছে৷ ২০১৬ চনত যেতিয়া এই অবৈধ নিযুক্তি হৈছিল, তেতিয়া পশ্চিমবংগৰ শিক্ষামন্ত্ৰী আছিল ব্ৰাত্য বসু৷ সোমবাৰে তেওঁক সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত ব্ৰাত্য বসুৱে উত্তৰ দিবলৈ অস্বীকাৰ কৰি কয়– ‘আমি কলিকতা উচ্ছ ন্যায়ালয়ৰ ৰায় প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ত আবেদন জনাম৷ সেয়ে এই সন্দৰ্ভত মন্তব্য কৰা এতিয়া অৰ্থহীন৷’ উল্লেখ্য, বিগত কেইবছৰত পশ্চিম বংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰিয়ে ৰাজ্য তল-ওপৰ কৰি আছে৷ এতিয়া লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী হোৱা কলিকতা উচ্ছ ন্যায়ালয়ৰ পদত্যাগী ন্যায়াধীশ অভিজিৎ গাংগুলীয়ে পূৰ্বে ৮ হাজাৰোধিক শিক্ষকৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছিল৷  খণ্ড বিচাৰপীঠতো সেই নিৰ্দেশ বাহাল থকাত গোচৰ উচ্ছতম ন্যায়ালয় পাইছিলগৈ৷ উচ্ছতম ন্যায়ালয়ে সেই সকলো গোচৰ পুনৰ কলিকতা উচ্ছ ন্যায়ালয়লৈ ঘূৰাই পঠিয়াই মে’ৰ ভিতৰত শুনানি সম্পন্ন কৰাৰ নিৰ্দেশ দিছিল৷ সোমবাৰে আদালতে ৰায় ঘোষণা কৰি ২৮১ পৃষ্ঠাৰ ৰায় পঢ়ি শুনায়৷ চাকৰি বঞ্চিত একাংশ প্ৰাৰ্থীয়ে নিযুক্তিৰ ক্ষেত্ৰত অনিময় সংঘটিত হোৱা, ভূৱা শূন্যপদ সৃষ্টি কৰি নিযুক্তি দিয়া  আৰু এছএছচি পেনেলৰ ম্যাদ উকলি যোৱাৰ পাছতো ২০১৬ চনত নিযুক্তি প্ৰদান কৰাকে ধৰি একাধিক অভিযোগত মমতা বেনাৰ্জী চৰকাৰৰ এই নিযুক্তিৰ বিৰুদ্ধে কলিকতা উচ্ছ ন্যায়ালয়ত আবেদন জনাইছিল৷ সেই বঞ্চিত প্ৰাৰ্থীয়ে গান্ধীমূৰ্তিৰ পাদদেশত ১১৩৫ দিন ধৰি বিক্ষোভ অব্যাহত ৰাখিছে৷ অভিযোগ অনুসৰি খালীপদ নথকা স্বত্বেও ‘ছুপাৰনিউমেৰিক পদ’ বা অতিৰিক্ত পদ সৃষ্টি কৰি ৰাজ্য চৰকাৰে নিযুক্তিৰ অনুমতি দিছিল৷ এই সন্দৰ্ভত আদালতে কয়– ‘ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাই এছএছচি-ৰ বেআইনী চাকৰি প্ৰদান-ৰক্ষা কৰাৰ স্বাৰ্থত যি যি সিদ্ধান্ত লৈছিল, সেয়া বিস্ময়কৰ৷ এই নিয়োগ পেনেলবহিৰ্ভূত আৰু পেনেলৰ ম্যাদ অন্ত পৰাৰ পাছতো দিয়া হৈছে৷’