Logo
image

ৰাহুল সাংসদ নহয়, পৰ্যটকহে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ এপ্ৰিল : ‘ৰাহুল গান্ধী ৱেইনাড়ৰ সাংসদ নহয়, তেওঁ টুৰিষ্টহে৷ টুৰিষ্ট যেনেদৰে আহে আৰু যায়, তেনেদৰে ৰাহুল গান্ধী ৱেইনাড়লৈ আহে আৰু যায়৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে কেৰালাত ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৱেইনাড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুন্নুম্মল সুৰেন্দ্ৰনৰ হৈ নিৰ্বাচনী প্ৰচাৰ তথা ৰোড শ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘কেৰালাত মানুহক দেখুৱাবলৈহে চিপিআই আৰু কংগ্ৰেছে ফাইট কৰে৷ প্ৰকৃততে কংগ্ৰেছ, চিপিআই এটাই৷ দিল্লী পায়েই আই লাভ ইউ বুলি কয়৷ সমগ্ৰ দেশতে চিপিআই আৰু কংগ্ৰেছৰ ইলু ইলু আছে৷ নৰেন্দ্ৰ মোদী দেশত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব৷ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে ২০২৬ত কেৰালাত বিজেপিৰ চৰকাৰ হ’ব৷ ইণ্ডিয়ান মুছলিম লীগে অসমত ধমকি দিলে তেওঁলোকক পাকিস্তানলৈ পঠিয়াই দিম৷ শাৰী শাৰী নাৰিকল আৰু তামোলেৰে অসম আৰু কেৰালাৰ ঘৰুৱা দৃশ্য একেই৷ কেৰালাত ৪০-৪২ শতাংশ মুছলমান, অসমত ৪৬ শতাংশ মুছলমান৷ দুয়োখন ৰাজ্যৰ জনসংখ্যাৰ গাঁথনিও প্ৰায় একে৷ মাথোন অসমত বিজেপিৰ শাসন আছে, কেৰালাত নাই৷ অসমত বিজেপি স্থায়ীকৈ বহিল৷ কংগ্ৰেছে এটা সম্প্ৰদায়ৰ কথাহে চিন্তা কৰে৷ বিজেপিয়ে সকলোৰে কথা চিন্তা কৰে৷’ উল্লেখ্য, কেৰালাৰ এৰ্নাকুলামত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰোড শ্ব’তো ভাগ লয়৷