Logo
image

অৰুণাচলৰ বোজা বহন কৰিব অসমে!ৰাজ্যত তুমুল প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ এপ্ৰিল: অসমক বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত নাগৰিকত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰাক লৈ ‘আমাৰ অসম’ৰ বাতৰিৰ পাছতেই পলমকৈ হ’লেও ৰাজ্যত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলেও বাংলাদেশৰ পৰা প্ৰব্ৰজিত চাকমা-হাজং লোকসকলে অৰুণাচলত কোনো কাৰণতে নাগৰিকত্ব লাভ নকৰে বুলি বিগত ১৭ এপ্ৰিলত ইটানগৰত এখন সংবাদমেলত স্পষ্ট কৰিছিল কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কিৰেণ ৰিজিজুৱে৷   আনকি বাংলাদেশৰ পৰা আহি আশ্ৰয় লোৱা চাকমা-হাজং শৰণাৰ্থীয়ে অৰুণাচল ত্যাগ কৰিব লাগিব বুলি সদৰী কৰি তেওঁলোকক অসমত সংস্থাপন দিয়াৰ কথাও ঘোষণা কৰিছিল কিৰেণ ৰিজিজুৱে৷ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীজনে হাজং-চাকমা শৰণাৰ্থীক নাগৰিকত্বক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰা বুলি মন্তব্য কৰিছিল৷ ৰাজনৈতিক ইছ্যু হোৱাৰ আশংকাত বিদেশীৰ বিষয়টো গোপনীয়ভাৱে অসমৰ চৰকাৰৰ সৈতে আলোচনা কৰি স্থান চিনাক্ত কৰিবলৈ কোৱাৰ লগতে প্ৰয়োজনত চাকমা-হাজং শৰণাৰ্থীক অসমত পুনৰ সংস্থাপন দিলে স্থানীয় লোকৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰা হ’ব বুলিও মন্তব্য কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজহুৱা কৰা বিজেপিৰ এই গোপন অভিসন্ধি প্ৰথমবাৰলৈ ‘আমাৰ অসম’ কাকতৰ ১৮ এপ্ৰিলৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই স্পৰ্শকাতৰ বিদেশী সংস্থাপনৰ বিষয়টোক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাজং-চাকমা শৰণাৰ্থীক অসমত নাগৰিকত্বৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘চাকমা-হাজং শৰণাৰ্থীক সংস্থাপনক লৈ কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানো৷ ভাৰত চৰকাৰে আমাৰ লগত এই বিষয়টো লৈ কোনো কথা পতাও নাই৷ কিৰেণ ৰিজিজুৱে কিবা অৰুণাচলৰ ‘পলিটিক্স’ৰ কাৰণে কৈছে৷ আমাৰ লগত এইবিলাক কথা হোৱাও নাই৷ আমি ক’ত আনিম, ক’ত আমাৰ মাটি আছে? অৰুণাচলৰ চাকমা-হাজং কোনো মানুহে আজিলৈকে মোক লগো কৰা নাই৷ আজিলৈকে এই বিষয়ে একো কথা কোৱাও নাই৷ ভাৰত চৰকাৰেও একো কথা পতা নাই৷ কিৰেণ ৰিজিজুৱে কি কৈছে, মই ইলেকচনৰ পাছত তেওঁৰ লগত পাতি ল’ম৷ কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানো৷ তেওঁ ভাৰত চৰকাৰৰ এনেকুৱা কোনো দায়িত্বতো নাই৷’ অৱশ্যে অৰুণাচল প্ৰদেশত বাস কৰা অসমীয়া মানুহখিনিক অসমৰ পি আৰ চি দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়– ‘অৰুণাচলত যিখিনি অসমীয়া মানুহ আছে সেই মানুহখিনিক অসমৰ নাগৰিকত্ব দিম৷ দাস, কলিতা, গগৈ, কোঁচ, কছাৰী, মৰাণ, মটক এই মানুহখিনিক অসমৰ নাগৰিকত্ব প্ৰদান কৰিম৷ অৰুণাচলত ৬ৰ পৰা ৭ হাজাৰ অসমীয়া মানুহ আছে৷ মৰাণ গাঁও আছে সৰ্বাধিক৷ ইয়াৰে মৰাণ আৰু মটক মানুহখিনিক অসমৰ পি আৰ চি দিয়া হ’ব৷’ লক্ষণীয়ভাৱে অৰুণাচলত আশ্ৰয় লোৱা হাজং-চাকমা শৰণাৰ্থীসকলে তেওঁলোকৰ জনসংখ্যা ৬৭ হাজাৰ বুলি কৈ আহিছে যদিও অৰুণাচলৰ স্থানীয় দল-সংগঠনে বাংলাদেশৰ প্ৰব্ৰজিত চাকমা-হাজং শৰণাৰ্থীৰ সংখ্যা প্ৰায় প্ত লাখ হ’ব বুলি দাবী কৰি আহিছে৷ স্বাভাৱিকতেই সঁচাকৈ যদি বিজেপি চৰকাৰে অৰুণাচলৰ পৰা হাজং আৰু চাকমাসকলক ‘কা’ৰ জৰিয়তে অসমত নাগৰিকত্ব দিয়ে, তেনেহ’লে অসমে আন এক বিদেশীৰ বৃহৎ বোজা বহন কৰিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, চাকমা আৰু হাজং পূৰ্বৰ পূব পাকিস্তানৰ চিটাগং পাহাৰীয়া অঞ্চলৰ বাসিন্দা আছিল৷ ১৯৬০ চনত কাপ্তাই বান্ধ প্ৰকল্পৰ ফলত তেওঁলোকৰ বসতি স্থান পানীত ডুব যোৱাৰ বাবে পলায়ন কৰিবলগীয়া হৈছিল৷ বৌদ্ধ ধৰ্মাৱলম্বী চাকমা আৰু হিন্দু হাজংসকলেও পূব পাকিস্তানত [বৰ্তমান বাংলাদেশ] ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হৈছিল৷ চাকমা আৰু হাজংসকলে অসমৰ তেতিয়াৰ লুছাই পাহাৰ জিলাৰ [বৰ্তমান মিজোৰাম] মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল৷ লক্ষণীয়ভাৱে কিৰেণ ৰিজিজুৰ পূৰ্বেও ২০২৩ চনৰ ২৪ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঘোষণা কৰিছিল যে অসমৰ সৈতে সীমা বিবাদ সমাধানৰ পাছত ভাৰতৰ বিভিন্ন ৰাজ্যত বিতাৰিত কৰি চাকমা-হাজং সমস্যা সমাধান কৰিব৷