Logo
image

‘দৰ্পণ’ মুকলি, উচ্ছতৰ মাধ্যমিকত নামভৰ্তি আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ এপ্ৰিল : ৰাজ্যত আৰম্ভ হ’ল উচ্ছতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া৷ বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো অনলাইন পদ্ধতিৰে হ’ব উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া৷ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ কলেজত নামভৰ্তিৰ বাবে আজিৰে পৰা মুকলি কৰা হৈছে দৰ্পন পৰ্টেল৷ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীৰ জৰিয়তে দৰ্পন পৰ্টেল মুকলিৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে www.darpan.ahseconline.in বা www.ahsec.assam.gov.in গৈ অনলাইন নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব৷ নামভৰ্তিৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২ মে’৷ ৩-৪ মে’ৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট প্ৰস্তুত কৰিব লাগিব৷ ৫মে’ৰ মাজ নিশা প্ৰকাশ পাব মেধাৰ তালিকা৷ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে ৬-৮মে’ত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠানৰ নাম৷ ৯-১০ মে’ত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব নামভৰ্তিৰ প্ৰক্ৰিয়া৷