Logo
image

খঙতে মঞ্চৰ পৰা মাইক্ৰ’ফোন দলিয়াই দিলে আজমলে

‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ আকৌ এবাৰ বদৰুদ্দিনৰ খং৷ নিৰ্বাচনী প্ৰচাৰত বৰাকত আহি খঙত অগ্নিশৰ্মা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল৷ সভাত ভোটাৰৰ উদ্দেশ্যে ভাষণ দিয়াৰ পৰিৱৰ্তে খঙত মাইক্ৰ’ফোন দলিয়াই মঞ্চৰ পৰা নামি গ’ল আজমল৷ একেৰাহে দুদিন, দুখন সভাত একে ঘটনাৰ পুনৰাবৃত্তি কৰিলে আজমলে৷ বাৰম্বাৰ আজমলৰ এনে মাইক্ৰ’ফোন দলিয়াই পেলোৱাৰ ঘটনাক লৈ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে বৰাক উপত্যকাত৷ বৰাক উপত্যকাৰ দুই লোকসভা সমষ্টিৰ মাজতে কেৱল মাত্ৰ কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলৰ দল এআইইউডিএফে৷ কিন্তু প্ৰাৰ্থিত্ব ঘোষণা দিয়াৰ প্ৰায় ৪০ দিন পিছত অৱশেষত সোমবাৰে বৰাকত আহে বদৰুদ্দিন আজমল৷ সোমবাৰ নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত আৰু মঙলবাৰে লক্ষ্মীৰবন্দ বাইপাছ এলেকাত দুখনকৈ সভাত ভাগ লয় বদৰুদ্দিন আজমলে৷ কিন্তু দুয়োখন সভাতে সংঘটিত হয় একে ঘটনা৷ দুয়োখন সভাত একে ঘটনাৰ পুনৰাবৃত্তি কৰে আজমলে৷ দুয়োখন সভাত মাইক্ৰ’ফোন দলিয়াই মঞ্চৰ পৰা নামি যায় আজমল৷ মঙলবাৰে পুৱা ১১ বজাৰ পৰা হাইলাকান্দি বাইপাছৰ লক্ষ্মীৰবন্দ এলেকাত আয়োজন হৈছিল আজমলৰ সভাৰ৷ কিন্তু তেওঁ নিজ স্বভাৱ অনুসৰি সভাস্থলীত আহি পালে প্ৰায় আঢ়ৈ বজাত৷ তেতিয়ালৈকে প্ৰায় চাৰি ঘণ্টালৈকে অপেক্ষা কৰি ভাগৰি পৰিছিলে উপস্থিত ৰাইজসহ আন দলীয় কাৰ্যকৰ্তাসকল৷ পিছত মঞ্চত উঠি মাইক্ৰ’ফোন হাতত লৈ একেৰাহে হাইলাকান্দি জিলাৰ নিজৰ দলৰ তিনি বিধায়ক ক্ৰমে জাকিৰ হুছেইন লস্কৰ, সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰীক তীব্ৰ ককৰ্থনা কৰিলে আজমলে৷ তেওঁৰ মন্তব্য হাইলাকান্দিৰ তিনি বিধায়কৰ অকৰ্মণ্যতাৰ বাবে ৰাইজৰ এআইইউডিএফৰ প্ৰতি বিৰূপ মনোভাব হৈছে৷ তেওঁ কয়– ৬ মাহৰ পৰা তেওঁ বিধায়কসকলক গাঁৱে গাঁৱে গৈ ৰাইজৰ কাম কৰিবলৈ কৈছিলে৷ কিন্তু বিধায়কত্ৰয় এইবোৰ পাহৰি নিজৰ কাজিয়ালৈ ব্যস্ত হৈ পৰিছিলে৷ তেওঁ দলীয় প্ৰাৰ্থী ছাহাবুল ইছলামক শেষলৈকে যুদ্ধ চলাই যাবলৈ আহ্বান জনায়৷ ইয়ালৈকে সকলো ঠিকে আছিলে৷ কিন্তু হঠাতে পিছফালৰ পৰা কোনো এজনে আজমলে এইসমূহ কথা মাইকত কৈ দলৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰে৷ ইয়াতেই খঙত অগ্নিশৰ্মা হৈ উঠে আজমল৷ আৰু তৎক্ষণাত হাতত থকা মাইক্ৰ’ফোনটো দলিয়াই পেলাই মঞ্চ ত্যাগ কৰে আজমলে৷ সভাত উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিলেও ক্ষুব্ধ আজমল মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ সোমবাৰ নিশাও একে ঘটনা সংঘটিত হৈছিল আজমলৰ সভাত৷ সোমবাৰ নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰতো মাত্ৰ চাৰি মিনিট ভাষণ দি মাইক্ৰ’ফোন দলিয়াই পেলাই সভাস্থলী ত্যাগ কৰিছিলে আজমলে৷ ইপিনে, আজমলৰ এই খং এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে গোটেই বৰাক উপত্যকাত৷ পিছে কাৰণ যিয়েই নহওক মঞ্চত খং আৰু বিভিন্ন বস্তু দলিয়াই পেলোৱা যেন এতিয়া স্বভাৱত পৰিণত হৈছে আজমলৰ৷