Logo
image

জে’লতে ইনছুলিন পৰীক্ষা সম্পন্নঃ ৭ মে’লৈ কাৰাগাৰতে থাকিব কেজৰিৱাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ এপ্ৰিলঃ আম আদমি পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত বিচাৰাধীন অভিযুক্ত হিচাপে অহা ৭ মে’ পৰ্যন্ত কাৰাগাৰত থাকিব লাগিব৷ মঙলবাৰে কেজৰিৱালৰ পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদৰ অন্ত পৰিছিল৷ দিল্লীৰ ৰাউছ এভিনিউ আদালতত এই গোচৰৰ তদন্তকাৰী ইডি আৰু চিবিআয়ে কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰে৷ উভয়পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত ইডি-চিবিআইৰ বিশেষ আদালতৰ বিচাৰক কাবেৰী বাৱেজাই কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৭ মে’লৈ বৃদ্ধি কৰে৷ ফলত দেশত চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰচাৰত আপৰ মুৰব্বীয়ে অহা ১৪ দিনলৈ ভাগ ল’ব নোৱাৰাটো নিশ্চিত হৈ পৰে৷ উল্লেখ্য, দিল্লীত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব অহা ২৫ মে’ত৷ মঙলবাৰে একেটা নিৰ্দেশতে তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা আৰু গোৱাৰ নিৰ্বাচনত আপৰ পুঁজি পৰিচালনা কৰা চনপ্ৰীত সিঙৰ ন্যায়িক জিম্মাৰ ম্যাদো ৭ মে’লৈ বৃদ্ধি কৰে আদালতে৷ কে কবিতাও একে গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে৷
ইপিনে কাৰাবন্দী অৰবিন্দ কেজৰিৱালক সোমবাৰে বিয়লি এইমছৰ চিকিৎসকৰ পৰামৰ্শক্ৰমে দুটা পালি ইনছুলিন কাৰাগাৰতে প্ৰদান কৰা হয়৷ ডায়েবেটিছত ভুগি থকা কেজৰিৱালক তিহাৰ কাৰাগাৰ কতৃৰ্পক্ষই ইনছুলিন ল’বলৈ নিদিয়া বুলি অভিযোগ কৰিছিল আপে৷ তেওঁ কাৰাগাৰৰ পৰা দৈনিক ১৫ মিনিটকৈ এজন চিকিৎসকৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত চিকিৎসাৰ পৰামৰ্শ ল’বলৈ জনোৱা আবেদন খাৰিজ কৰি আদালতে সোমবাৰে কেজৰিৱালৰ স্বাস্থ্য পৰীক্ষাৰ বাবে এইমছৰ চিকিৎসকৰ দ্বাৰা এখন মেডিকেল বৰ্ড গঠনৰ নিৰ্দেশ দিছিল৷