Logo
image

আজি প্ৰচাৰ সমাপ্ত, ৪৮ ঘণ্টাৰ বাবে সুৰা নিষিদ্ধ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটলৈ মাজত আৰু দুটা দিন বাকী৷ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিছে৷ অৱশ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা লোকসভা সমষ্টিতে বুধবাৰে বিয়লি ৫ বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব৷ জনপ্ৰতিনিধি আইন-১৯৫১ৰ ১২৬ ধাৰা অনুসৰি ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা পূৰ্বে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ সামৰিব লাগিব৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি উক্ত পাঁচটা সমষ্টিত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব৷ তদুপৰি টেলিভিশ্বন, চিনেমেটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এই সময়ছোৱাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব৷ তদুপৰি অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে সম্পূৰ্ণ ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ কোনো সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো ভোটগ্ৰহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব৷ আনহাতে, ৪ জুনত ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ দিনটো ড্ৰাই ডে’ বাহাল থাকিব৷ ড্ৰাই ডে’ ঘোষণা হোৱা সময়খিনিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ্ভুক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্ৰব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্ৰব্য বিতৰণ বা হোটেলত এনেধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠানত এই ড্ৰাই ডে’ৰ সময়ছোৱাত মদ বিক্ৰী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব৷ তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷