Logo
image

পীয়ূষ হাজৰিকাক ৰাজনীতি এৰি চিনেমাত নমাৰ পৰামৰ্শ গৌৰৱৰ

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২৪ এপ্ৰিলঃ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ বুধবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ কাঠনিত প্ৰচাৰ চলাবলৈ আহি সাংসদ গৌৰব গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। মন্ত্ৰী পীয়ূষ হাজৰিকাই গৌৰৱ গগৈয়ে বিজেপিত যোগদান কৰিবলৈ যোগাযোগ কৰিব বিচৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত তেঁও কয় যে পীয়ূষ হাজৰিকাই দুবছৰৰ পিছত ৰাজনীতি এৰি ভাল চিনেমা বনাওক। কাৰণ তেওঁৰ ডায়লগ ভাল আৰু স্ক্ৰীপ্ট ভাল।

গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত বিজেপিক তীক্ষ্ণ ভাবে সমালোচনা কৰি কয়, "দিল্লী-দিছপুৰত শাসন কৰা বিজেপিয়ে চাৰিওফালে ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰি গাঁৱে-ভূঞে মদৰ দোকান খুলিছে। কংগ্ৰেছ চৰকাৰৰ দিনত বৃদ্ধ পেঞ্চন দিছিল৷ বিজেপিয়ে পেঞ্চন বঢ়াব নোৱাৰিলে, কিন্তু দৰবৰ দাম বৃদ্ধি কৰিলে। বিজেপি আৰু এআইডিইউএফ মিলি আছে, কাৰণ মই নামাজ পঢ়িব যোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বেয়া পালে বাবে বদৰুদ্দিন আজমলেও বেয়া পাই মোক সমালোচনা কৰিলে।"

নিৰ্বাচনী সভাত গৌৰৱ গগৈৰ লগত উপস্থিত থাকে সাংসদ আব্দুল খালেক, বটদ্ৰৱাৰ বিধায়ক শিবামণি বৰা আৰু লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নজৰ। এই নিৰ্বাচনী সভাখনত প্ৰখৰ ৰ'দৰ মাজতো কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। এই সভাতেই বাংলাত ভাষণ প্ৰদান কৰে সাংসদ আব্দুল খালেকে। প্ৰচাৰ সভাত হেলিকপ্টাৰেৰে তিনি গগৈ উপস্থিত হ'ব বুলি প্ৰচাৰ চলিছিল যদিও গাড়ীৰে আহি কেৱল এজন গগৈহে উপস্থিত হ'ল।