Logo
image

অসমখন বিদেশী নাগৰিকৰ ডাষ্টবিন নহয়ঃ মনোৰঞ্জন তালুকদাৰ

'আমাৰ অসম'ৰ বৰভাগৰ প্ৰতিবেদক,২৪ এপ্ৰিলঃ "নাগৰিকত্ব (সংশোধনী) আইনৰ জৰিয়তে লক্ষাধিক বিদেশী নাগৰিকক অসমত নাগৰিকত্ব দিয়া হ'ব। এই কথা আমি কোৱা নাই। এই কথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে কৈছে। অসমখন বিদেশী নাগৰিকৰ ডাষ্টবিন নহয়৷"-  বুধবাৰে বৰভাগৰ বেটকাতাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল বৰপেটা লোকসভা সমষ্টিৰ চি পি আই (এম) দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক৷

তেওঁ আৰু কয় যে দিল্লীত এখন জনমুখী চৰকাৰ গঠন কৰিব লাগিব।  এইবাৰৰ নিৰ্বাচন সংবিধান ৰক্ষা কৰাৰ যুঁজ৷  সভাৰ আৰম্ভণিতে চি পি আই (এম) দলৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰ্যবেক্ষক নিৰংকুশ নাথে কেন্দ্ৰত থকা বিজেপি মৰ্চাৰ চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। নাথে তেওঁৰ ভাষণত জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধি কৰাৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে । বিজেপি চৰকাৰক বৃহৎ পুঁজিপতিৰ চৰকাৰ বুলি অভিহিত কৰাৰ লগতে  বিজেপিয়ে ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। বৰপেটা লোকসভাৰ চি পি আই (এম)ৰ প্ৰাৰ্থীগৰাকীয়ে বৰভাগৰ পাইকাৰকুছি, নাৰপাৰা, দামোদৰধাম সত্ৰ, চমাৰকুছি , বৰগাছা , বৰবুকিয়া, বৰখালা, কালাগ হাটখোলা, কমাৰকুছি, ৰাইমাধা আদি কেইবাখনো গাঁৱত প্ৰচাৰ চলায়৷