Logo
image

মুখ্যমন্ত্ৰীৰ নাচত খোজ মিলাবলৈ গৈ ভৰি ভাগিল নুৰুলৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কমলপুৰৰ প্ৰতিবেদক, ২৫ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাচা-জোনাবৰ ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলায়৷ নগাঁও আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মূলতঃ ধৰ্মীয় সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই৷ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰিঘাট, মৰিগাঁও আৰু দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত কমলপুৰ, মাজবাট, দলগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী শৰ্মাই৷ কেউখন সভাত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক তুলাধূনা দিয়াৰ সমান্তৰালভাৱে দিয়ে কেইবাটাও নিৰ্বাচনী টোপ৷ প্ৰায়কেইখন সভাত মুখ্যমন্ত্ৰী শৰ্মাই নাচি বাগি ভোট ভিক্ষা কৰে৷ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ নাচত খোজ মিলাবলৈ গৈ ভৰি ভাগিল এজন বিজেপি সমৰ্থকৰ৷ ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতৰ তালে তালে মুখ্যমন্ত্ৰীৰ লগে লগে সংখ্যালঘু ৰাইজে নাচি থকা অৱস্থাত মৈৰাবাৰীৰ নুৰুল হক নামৰ এজন লোকৰ ভৰি ভাগে৷ অৱশ্যে বিজেপিৰ কৰ্মীয়ে লগে লগে আহত নুৰুল হকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, অহা চ্ছ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি বিয়লি সামৰণি পৰে৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় কমলপুৰৰ দগাওত৷ এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই চ্ছ্ৰনং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থীয়ে পাচখন আখনৰ আটাইকেইখন আখনতে জয়যুক্ত হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত দিয়া ভাষণত কয়– দিলীপ শইকীয়াক ভোটটো দিলেহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাত সহায়ক হ’ব৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’লে অসমখন পাচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম এখন হ’ব৷ চলিত বৰ্ষতে আৰু ৫০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিব৷ ইপিনে, প্ৰতিটো পৰিয়ালৰ মুৰব্বী গৰাকীৰ বাবে চৰকাৰে জীৱন বীমা আচনিত অন্তৰ্ভুক্ত কৰিব৷ ছোৱালীৰ ভাগিনৰ বাবে মামাই পঢ়াৰ দায়িত্ব লৈছে আৰু লৰা ভাগিন সকলৰ বাবে পিতৃ-মাতৃয়ে দায়িত্ব ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে এই ঘোষনা কৰিলে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই মঞ্চতে নিৰ্বাচনী প্ৰচাৰৰ গীতৰ তালে-তালে নৃত্য কৰিলে উপস্থিত ৰাইজৰ সৈতে৷

‘আমাৰ অসম’ৰ প্ৰতিবেদক, বাইহাটা চাৰিআলি : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি ৰাজ্যৰ অক্লান্ত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টি তথা নৱগঠিত দৰং-ওডালগুৰি লোক সভা সমষ্টিৰ নৱগঠিত কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বেজেৰাত এক বিশাল নিৰ্বাচনী সভাত অংশলৈ দেশক বিশ্বগুৰুৰ আসনত অধিষ্ঠিতকৰণ আৰু ৰাজ্যৰ সৰ্বাংগীণ প্ৰগতিৰ স্বাৰ্থত পদুম ফুলত ভোট দান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ 

‘আমাৰ অসম’ৰ ওৰাঙৰ প্ৰতিবেদক : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ আজি অন্তিম দিন আৰু বিয়লি অন্ত পৰিল প্ৰচাৰ কাৰ্যসূচী৷ এই উদ্দেশ্যে দৰং ওদালগুৰি সমষ্টিৰ বিভিন্ন স্থানত আজি মাৰাথান প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজি দৰং ওদালগুৰি সমষ্টিৰ দলগাৱঁৰ পৰা লাহৰিঘাটৰ এক জনসভা সম্বোধন কৰি মাজবাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰীগৰাকী৷ কেইবা সহশ্ৰাদিক ৰাইজৰ উপস্থিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিপিএফ দলক সমালোচনা কৰি কটা হাতৰ কাম নাই নাঙলৰ দাম নাই বুলি তীব্ৰ কটাক্ষ কৰে৷ যদিও দ্বিতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰ কাৰ্য্যৰ শেষৰটো দিনলৈ হাগ্ৰামা মুহিলাৰীৰ বিপিএফ দুৰ্গ অক্ষত অবস্থাত থাকিল৷ কিয়নো মুখ্যমন্ত্ৰীৰ অন্তিমটো মাৰাথান প্ৰচাৰ অভিযান আজি ওদালগুৰি জিলাৰ মাজবাট ইণ্ডাষ্ট্ৰী খেল পথাৰত অনুষ্ঠিত হৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই জনসভাত বিটিআৰৰ বড়ো জনগোষ্ঠীৰ ভোটাৰসকলৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ সৰহ সংখ্যক ভোটাৰে মুখ্যমন্ত্ৰীৰ জনসভাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ আনহাত মাজবাট বিধানসভা সমষ্টিৰ সাতখন চাহ বাগিছাৰ শ্ৰমিকসকলৰ লগতে সমষ্টিটোৰ আদিবাসী অধ্যুষিত অঞ্চলৰ পৰাও মুখ্যমন্ত্ৰীৰ সভাত আশানুৰূপ ভাবে অংশ গ্ৰহণ দেখা পোৱা নগ’ল৷ এই কথা উমান পায়ে সম্ভৱত হয়তো মুখ্যমন্ত্ৰীৰ এইজন সভাত বিজেপিৰ দৰ্লীয় কৰ্মীসকলে লোকসভা নিৰ্বাচন শেষ হোৱা সমষ্টিসমূহৰ পৰা মানুহ ভাৰাত আহিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত মুখ্যমন্ত্ৰীৰ এখন নিৰ্বাচনী জনসভাত যিমান মানুহ হ’ব লাগে সেই অনুপাতে নোহোৱাত সেৰেঙা সভাতে ভাষণ দি নাচি বাগি গীত গাই ভোট ভিক্ষা কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীজনে৷

‘আমাৰ অসম’ৰ ভূৰাগাঁৱৰ প্ৰতিবেদক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ অন্তিম দিনা ৯নং লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত লাহৰীঘাট সমষ্টিত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ উপস্থিতিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লাহৰীঘাটৰ তিনিচুকীয়াস্থিত ৰাজীৱ গান্ধী খেল পথাৰত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মঞ্চত ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতৰ তালে নাচিবলৈ ধৰোঁতা উপস্থিত হাজাৰ হাজাৰ সংখ্যালঘু পুৰুষ মহিলাই মুখ্যমন্ত্ৰীৰ সমানে সমানে নাচিবলৈ ধৰে৷ নিৰ্বাচনী সভাত নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যু বৰদলৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়– প্ৰদ্যু বৰদলৈ হৈছে ইংলিচ মানুহ৷ আমি ৰাতিপুৱা নাস্তা কৰোঁ, কিন্তু প্ৰদু্যৎ বৰদলৈয়ে ব্ৰেকফাষ্ট কৰে৷ ৰাতি আমি ভাত খাওঁ, কিন্তু  প্ৰদ্যু বৰদলৈয়ে ডিনাৰ কৰে৷ প্ৰদ্যু বৰদলৈৰ ঘৰত কোনেও যাব নোৱাৰে৷ বৰদলৈৰ ঘৰ কত আৰু কেইটা সন্তান আছে কোনেও নাজানে৷ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা সহজ সৰল মানুহ৷ সুৰেশ বৰা দুখীয়া গৰীৱৰ ঘৰলৈ আহিব, নিমন্ত্ৰণ খাব৷ সুৰেশ বৰাৰ ঘৰ নগাঁৱত সকলোৱে চিনি পায়৷ সকলোৱে পদুমৰ চিহ্নত ভোট দি আমাক মৰম দিব৷ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম বিজেপিয়ে কৰিব৷ চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব৷ দুখীয়া গৰীৱক মাটিৰ পট্টা বিজেপিয়ে দিব পাৰিব৷

কংগ্ৰেছৰ বৰ্তমানৰ নীতি ‘গান্ধীবাদৰ সলনি 

মাওবাদ’ : প্ৰদেশ বিজেপি

গুৱাহাটী : ‘তুষ্টিকৰণৰ ৰাজনীতিত নিমগ্ন কংগ্ৰেছ দলে ৬০ বছৰৰো অধিক কালজুৰি দেশৰ জনসাধাৰণৰ ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰি আহিছিল, যাৰ বাবে স্বৰাজোত্তৰ ৬ দশকৰো অধিক কাল কংগ্ৰেছ শাসনত থকাৰ পিছতো দেশৰ অৱস্থা তথৈবচ আছিল৷ অৱশ্যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছত দেশৰ সৰ্বদিশতে বিপুল পৰিৱৰ্তন সাধন সম্ভৱ হৈছে৷’– এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ৷ আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত আয়োজিত এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰজনে কয়– কংগ্ৰেছ দলৰ বৰ্তমান নীতি ‘গান্ধীবাদৰ সলনি মাওবাদ’হে৷ কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা কেইবাটাও সিদ্ধান্তই দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু দেশৰ আভ্যন্তৰীণ বিধি ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি সংবাদ মেলত বৰুৱাই উল্লেখ কৰে৷ বিশেষকৈ দেশৰ নাগৰিকৰ ব্যক্তিগত জমা পুঁজি, সম্পত্তি আনকি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকৰ ভৱিষ্যত নিৰাপত্তাৰ সম্বলস্বৰূপ ফিক্সড ডিপজিট পৰ্যন্ত অনুসৰণৰ সিদ্ধান্ত নাগৰিকৰ মৌলিক অধিকাৰৰ পৰিপন্থী লগতে মাতৃ সমাজৰ আভূষণ স্বৰূপ আ-অলংকাৰৰ তথ্য সংগ্ৰহৰ ঘোষণাও কংগ্ৰেছৰ মাওবাদী চৰিত্ৰৰ প্ৰকাশেই মাথোঁ৷ উল্লেখযোগ্য যে পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ আমোলত ১৯৬৩ আৰু ১৯৭৪ চনত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একেধৰণৰ আইন প্ৰণয়ন কৰিছিল৷ Compulsory deposite scheme actৰ অধীনত সকলো কৰদাতা, সম্পত্তিধাৰী আৰু চৰকাৰী কৰ্মচাৰীয়ে উপাৰ্জনৰ ১৮ শতাংশ চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল৷ এইবেলিৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰকাশিত ইস্তাহাৰেও পূৰ্বৰ সেই ভয়াৱহ দিনৰে ইংগিত বহন কৰিছে৷ আকৌ তাহানিৰে পৰা এতিয়ালৈ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত তুষ্টিকৰণৰ অসংখ্য প্ৰতিশ্ৰুতিৰে ভৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰে৷ পৰিয়ালতন্ত্ৰত বিশ্বাসী কংগ্ৰেছ দলৰ নেতাসকলে দেশক লুটপাত কৰি নিজৰ সাম্ৰাজ্যৰ সৃষ্টি কৰিছে, কিন্তু দেশক একো দিব পৰা নাই৷ কংগ্ৰেছী সকলে জনসাধাৰণৰ ধন আৰু দেশ লুণ্ঠনক জন্মগত অধিকাৰ বুলি গণ্য কৰে৷ মুখ্য মুখপাত্ৰজনে পুনৰাই কয় যে কংগ্ৰেছী সকলৰ এনে শোষণ আৰু বঞ্চনাৰ বিপৰীতে বিগত দহটা বছৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো উন্নয়নৰ বন্যা বৈছে৷ বিগত দহ বছৰত ২৭ বাৰ অসম ভ্ৰমণ আৰু ৫০ বাৰতকৈ অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণেৰে মোদী ডাঙৰীয়াই অঞ্চলটোলৈ বিকাশৰ অমোঘ মন্ত্ৰ লৈ আহিছে৷ বিগত দহ বছৰত অসমৰ যোগাযোগ, যাতায়ত, আন্তঃগাঁথনি, কৃষি, শিক্ষা, স্বাস্থ্যকে ধৰি সকলো খণ্ডতে বিপুল প্ৰগতি সম্ভৱ হৈছে৷ কেৱল ৰে’ল খণ্ডতে ২০১৪ চনৰ তুলনাত বিত্তীয় আৱণ্টন ২৬৩ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাটো এটা মাথোঁ উদাহৰণ মাত্ৰ৷ দেশৰ বৈদেশিক নীতিৰ জৰিয়তে বিশ্বৰ আৰ্থ-সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব প্ৰদান, চন্দ্ৰযান- ৩ ৰ সফল অৱতৰণ, আদিত্য এল ৰ সৌৰযানৰ সফল প্ৰক্ষেপনৰ জৰিয়তে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত সফলতা, বিশ্বৰ অৰ্থনীতিত দেশৰ পঞ্চম স্থানলৈ উত্তৰণ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত বৈপ্লৱিক পদক্ষেপ আদিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীলৈ বলিষ্ঠ নেতৃত্বৰ বিশেষ বতৰা দিবলৈ সক্ষম হৈছে৷ একেধৰণে এসময়ত বন্ধ, ধৰ্ণা, সন্ত্ৰাসবাদেৰে অধ্যুষিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো আজি শান্তিৰ বতাহ বলিছে৷ অসমৰ বড়ো, কাৰ্বি, ডিমাচা, আদিবাসী বিদ্ৰোহী গোট আৰু আলফাৰ সৈতে পাঁচখনকৈ ঐতিহাসিক চুক্তিৰে ৰাজ্যখনত শান্তিৰ প্ৰতিষ্ঠা সম্ভৱ কৰি তুলিছে৷ ইয়াৰ ফলত অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন [আফস্পা]ৰ পৰিসৰ মাত্ৰ চ্ছ্ৰখন জিলাতহে আৱদ্ধ হৈছে৷ আনকি সমগ্ৰ উত্তৰ-পূৰ্বৰে ৭৫ শতাংশ অঞ্চল বৰ্তমান আফস্পা মুক্ত হৈ পৰিছে৷ সেয়েহে শান্তি আৰু বিকাশৰ স্বাৰ্থত দেশৰ জনসাধাৰণে ইতিমধ্যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সপক্ষত থিয় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে বুলি সংবাদ মেলত বিজেপিয়ে প্ৰকাশ কৰে৷ আজি সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ৩ায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল৷

জাতিৰ ভৱিষ্যতৰ বাবে বিজেপিক ভোট দিয়ক : আইমী বৰুৱা

গুৱাহাটী : আমাৰ পৰিয়ালটোক যিখিনি আশীৰ্বাদ কৰিছে, আপোনালোকৰ বাবে আজি যিখিনি পাইছো, তাৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ মাত্ৰ অতি গৌৰৱেৰে কওঁ যে আপোনালোকৰ পৰিয়ালৰ এটা অংশ হৈ আছিলো, আছো আৰু সদায় থাকিম৷ – এই মন্তব্য মোহময়ী অভিনেত্ৰী তথা মন্ত্ৰী পীয়ূষ হাজিৰকাৰ পত্নী আইমী বৰুৱাৰ৷ আজি জাগীৰোডত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পত্নী তথা অভিনেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে৷ তেওঁ আৰু কয় যে যেতিয়াই শুনিছো কাৰোবাৰ ঘৰত কিবা অসুবিধা হৈছে, মাতষাৰ লগাবলৈ চেষ্টা কৰিছো৷ কোনোবা ঢুকাইছে মাতষাৰ লগাইছো, কাৰোবাৰ বিয়া হৈছে মাতষাৰ লগাইছো আৰু এইখিনি কাম এইবাবেই কৰো কাৰণ আমি নিজকে আপোনালোকৰ পৰিয়াল বুলি ভাবো৷ স্বামীৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে আপোনালোকক লৈ যি সপোন তেখেতৰ, যিধৰণে আগুৱাই যাব খোজে, সেইখিনি শুনাৰ পাছত নিজেও জাগীৰোডবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো৷ সভাত ৰাইজৰ বিপুল উপস্থিতি সঁহাৰি-সমৰ্থন সেয়া দেখি অভিনেত্ৰীগৰাকীয়ে কয় যে এই উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে ৰাইজ কাৰ লগত আছে৷ এই বিষয়ে নতুনকৈ একো ক’বলগীয়া নাই৷ নিৰ্বাচনৰ সময়ত তেওঁ সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আমি সকলোৱে বিজেপিক সমৰ্থন কৰো যদিও নিৰ্বাচনৰ সময়ত আমি সদায় একেখিনি ভুল কৰো যে আমি সকলোৱে ভোট দিবলৈ নাযাওঁ, কাৰোবাক নহয় কাৰোবাক ঘৰ ৰখীয়া কৰি থৈ ভোট দিবলৈ যাওঁ৷ আপোনালোকে এইবাৰ এই ভুল নকৰিব৷ এনেকুৱা কৰিলে এজন এজন ঘৰ ৰখীয়া গৈ ১০০জন ঘৰ ৰখীয়াৰ ভোট লাভৰ পৰা আমি বঞ্চিত হওঁ আৰু সেই ১০০জন ঘৰ ৰখীয়াৰ ভোটকেইটা নোপোৱাৰ বাবে হয়তো আমি নিবিচৰা এজন প্ৰাৰ্থী জয়ী হয় অহা প্তটা বছৰৰ বাবে৷ ফলত কাম নকৰা এজন লোক নিৰ্বাচিত হোৱাৰ ফলত পাঁচটা বছৰে আমি হা-হুমুনিয়াহ কাঢ়ি থাকিব লাগিব৷ সেয়ে তেওঁ এইবাৰ কাকো ভোটটো পিছত দিম বুলি ৰৈ নাথাকিবলৈ আহ৩ান জনায়৷ তেওঁ প্ৰত্যককে নিজৰ নিজৰ ধুনীয়া ৰাস্তাটোৰ নামত, নিজৰ নিজৰ ধুনীয়া মথাউৰিটোৰ নামত, নিজৰ নিজৰ ল’ৰা-ছোৱালীয়ে পইচা নিদিয়াকৈ পোৱা চাকৰিটোৰ নামত, নিজৰ নিজৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ নামত, অনুষ্ঠানৰ নামত, জাতিটোৰ ভৱিষ্যতৰ নামত অভিনেত্ৰীগৰাকীয়ে বিজেপিক ভোট দিবলৈ আহ৩ান জনায়৷

আজীৱন আপোনালোকৰ বিধায়ক হৈ থাকিম : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ প্ৰতিবেদক, বাইহাটা চাৰিআলি : আপোনালোকৰ মৰম-আশীৰ্বাদৰ বাবে আজি ৰাজনৈতিক ক্ষেত্ৰখনত এই অৱস্থান পাইছো৷ আপোনালোকৰে সৈতে মোৰ সম্পৰ্ক অকল ৰাজনৈতিকতেই সীমাৱদ্ধ হৈ থকা নাই৷ এয়া আত্মিকতালৈ ৰূপান্তৰ হৈছে৷ মই য’তে নাথাকো কিয়, আজীৱন আপোনালোকৰে বিধায়ক হৈ থাকিম৷ জালুকবাৰী সমষ্টিৰ পৰা কৰ্তন হোৱা শত-সহস্ৰজনৰ প্ৰতি প্ৰতিশ্ৰুতি, মৰম আৰু আন্তৰিকতাৰে ভৰপূৰ এই বাৰ্তা মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আৱেগ-বিহ৩লভৰা মনৰ বতৰা প্ৰকাশ কৰি কৰি কয় যে সমষ্টি পুনৰ গঠন হোৱাত জালুকবাৰী সমষ্টিৰ পৰা কৰ্তন হোৱা শত-সহস্ৰজনৰ কিছুসংখ্যক লোকে তেওঁলোকৰ ভৱিষ্যতে কি হ’ব অথবা মোক বিধায়ক হিচাপে পাব নে নাপাই সেয়া ভাবি দুখ কৰি থাকে৷ তেওঁলোকক তেনেবোৰ কথা নাভাবিবলৈ অনুৰোধ জনাই লগতে কয় যে মোৰ আপোনালোকৰ লগত অকল বিধায়কৰে সম্পৰ্ক নহয়, এয়া এক আজীৱন সম্পৰ্ক৷ গতিকে ইয়াত কোন বিধায়ক আছে, কোন নাই অথবা কোন থাকিব সেইবোৰ পিছৰ কথা৷ যেতিয়ালৈ মই জীয়াই আছো, তেতিয়ালৈ মই ইয়াৰ জনতাৰ বিধায়ক হৈ থাকিম৷ নিৰ্বাচন আহিব আৰু যাব৷ কিন্তু ইয়াত বিধায়ক ময়ে হৈ থাকিম৷ আজীৱন থাকিব আমাৰ এই সম্পৰ্ক৷ কেৱল উৎসাহ- আগ্ৰহেৰে পদুম ফুলৰ ছবিত ভোট দিব৷ ইয়াৰ আৰ্শীবাদ মোৰ মূৰৰ ওপৰতো পৰিব৷ প্ৰথম আৰ্শীবাদ নৰেন্দ্ৰ মোদীয়ে পাব৷ দ্বিতীয়টো মোৰ গাৰ ওপৰত পৰিব৷ নিৰ্বাচনত বিজেপি জিকিব, ভিটামিন আৰু আশীৰ্বাদ মই পাম৷ সেই আৰ্শীবাদে দুগুণ উৎসাহৰে আমাক আগুৱাই নিব৷ এইবাৰ নিৰ্বাচনৰ পিছতেই আপোনালোকৰ গাওঁবোৰলৈ আহি সমস্যাবোৰৰ বুজ লৈ সমাধানৰ চেষ্টা কৰিম৷ মোৰ অনুপস্থিতিতো নিজে-নিজে দায়িত্ব লৈ অতি উৎসাহৰে কাৰ্যালয় খুলি প্ৰচাৰ চলাই কষ্ট কৰিলে৷ ইয়াৰ বাবে সকলোকে ধন্যবাদ জনালো৷ জালুকবাৰী সমষ্টিত এতিয়া যি কাম হৈ আছে ভৱিষ্যতেও হৈ থাকিব৷ আপোনালোকৰ আশীৰ্বাদে মোৰ শক্তি৷