Logo
image

পুনে চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ’ব ‘বেলকনিত ভগৱান’

আমাৰ অসম, ১০ মাৰ্চঃ দেশে-বিদেশে সুখ্যাতি অৰ্জন কৰা নুৰুল চুলতান প্ৰযোজিত আৰু বিশ্বজিৎ বৰা  পৰিচালিত নতুন অসমীয়া ছবি ‘বেলকনিত ভগৱানে’ আন এক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰজত কমল প্ৰাপক ছবিখন ১১-১৮ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ১৯সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হ’ব৷ উল্লেখ্য, একেখন আয়োজক সমিতিয়ে ২০-২৫ মাৰ্চলৈ মুম্বাইত আয়োজন কৰা ১১সংখ্যক যশোৱন্ত আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱলৈও আমন্ত্ৰণ লাভ কৰিছে ‘বেলকনিত ভগৱানে৷’ তদুপৰি ১১-২৪ মাৰ্চলৈ যোধপুৰ আৰু জয়পুৰত অনুষ্ঠিত হ’বলগা ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত প্ৰদৰ্শন হোৱাৰ লগতে স্পেইনৰ মাদ্ৰিদত মে’ মাহত এই অসমীয়া ছবিখন প্ৰদৰ্শিত হ’ব৷