Logo
image

মুখ্যমন্ত্ৰী পত্নীৰ নিৰ্বাচনী প্ৰচাৰঃ জালুকবাৰীত ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত খিলঞ্জীয়া মুছলমানৰ বিজেপিত যোগদান

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক,২৫ এপ্ৰিলঃ অসমত ১৯ এপ্ৰিলত অনুষ্ঠিত লোকসভাৰ  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হৈ যোৱা পাঁচখন আসনৰ পাঁচখনেই লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰাকে ধৰি  মিত্ৰজোঁটৰ নেতাসকলে দাবী কৰি আহিছে। তাৰ পাছতেই বাকী থকা আসন কেইখনো যাতে মিত্ৰজোঁটে লাভ কৰিব পাৰে, তাৰ বাবে বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৃহত্তৰ আজাৰা অঞ্চলৰ খিলঞ্জীয়া মুছলমান লোকৰ বসতি প্ৰধান ধাৰাপুৰ মজলী, বঙৰা ইছলামপুৰ, আজাৰাৰ লোৱাৰ মিৰ্জাপুৰ আৰু হাটখোৱাপাৰাৰ পুৰুষ-মহিলা নিৰ্বিশেষে কংগ্ৰেছ দলৰ নেতা ক্ৰমে - কাচিম আলী, দাদুল আলী, আবেদ আলী, ফাতেজা বেগমৰ নেতৃত্বত প্ৰায় এক হাজাৰৰো অধিক কংগ্ৰেছ আৰু আন দলৰ কৰ্মী-সমৰ্থকে বৃহস্পতিবাৰে বিজেপি দলৰ নীতি-আদৰ্শত আস্থা ৰাখি দলটোত যোগদান কৰে। 

এই উপলক্ষে আজাৰা হাটখোৱাপাৰাৰ ঈদগাহ ময়দানত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিশাল যোগদান সমাৰোহত বিজেপিত যোগদান কৰা সকলক দলীয় চিহ্নযুক্ত বস্ৰ আৰু টুপী পিন্ধাই আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী  ৰিণিকী ভূঞা শৰ্মাই। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত সভাত ভাষণ প্ৰসংগত ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিক কিয় ভোট দিব লাগে তাৰ বিশদ বাখ্যা দাঙি ধৰি কয় যে বিৰোধী দলে সমালোচনা কৰাৰ দৰে বিজেপি দলে হিন্দু-মুছলমানৰ ৰাজনীতি নকৰে। বিজেপিয়ে উন্নয়নৰ ৰাজনীতি কৰে। অৰুণোদয় আচঁনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আদি আঁচনি ৰূপায়ণ আদিয়েই জলন্ত উদাহৰণ৷ আনহাতে ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈও সকলোকে আহ্বান জনায়। 

সভাত বিজেপিৰ কিষাণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, গুৱাহাটী  জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি টি ৰাজীৱ আহমেদ, বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰ, মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইছলাম আলী, সাধাৰণ সম্পাদক সম্পাদক জেহেৰুল ইছলাম প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত থাকে। সভাত কেইবাজনো নেতাই চৰকাৰৰ জনমুখী আঁচনি আৰু উন্নয়নৰ অংশীদাৰ হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কিদৰে অধিক ভোটত বিজয়ী কৰিব পাৰি তাৰ বাবে হাতে-কামে নামি পৰিবলৈ আহ্বান জনায়। সভাত অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিক ক্ৰমে - হাজী চাহাবুদ্দিন আহমেদ, মহচিন আলীকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। ইফালে, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰা সভাখন ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি মৰা হয়।