Logo
image

অসমত এইবাৰ কংগ্ৰেছ শূন্য হ'বঃ বদৰুদ্দিন আজমল

'আমাৰ অসম'ৰ যোগীঘোপাৰ প্ৰতিবেদক, ২৫ এপ্ৰিলঃ অসমত কংগ্ৰেছৰ ভৱিষ্যৎ শূন্য৷  ভূপেন বৰাও শূন্য৷- এই মন্তব্য এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বালাপাৰাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত এ আই ইউ ডি এফৰ সভাপতি তথা ২ নং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত থাকি প্ৰচাৰ চলায়। নিৰ্বাচনী সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে অসমত কংগ্ৰেছৰ ভৱিষ্যৎ শূন্য। 

লগতে তেওঁ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰসংগত কয় যে ৰকিবুল হুছেইন বাহিৰত আছিল। নিৰ্বাচনৰ সময়ত তেওঁ এটা ভাল লাইচেন্স পাইছে, ধন সংগ্ৰহ কৰাৰ। তেওঁ ধুবুৰীত আহিছে ধন সংগ্ৰহ কৰিবলৈহে। ৰকিবুল হুছেইনে টকা পাব, কিন্তু ভোট নাপায়। তেওঁ লগতে কয় যে ধুবুৰীৰ পৰা ৰকিবুল হুছেইনে কান্দি কান্দি ওলাই যাব। এ আই ইউ ডি এফৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মোশাৰফ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম উপস্থিত থাকি ৰাইজক উদ্দেশ্যি ভাষণত কয় যে কংগ্ৰেছৰ শাসনকালত বি টি এ ডিত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। তেতিয়া ৰকিবুল হুছেইনে লণ্ডনত অলিম্পিক খেল চোৱাত ব্যস্ত আছিল। আমি সেই কথা পাহৰি যোৱা নাই বুলি উল্লেখ কৰে বিধায়ক ৰফিকুল ইছলামে। 

উক্ত সভাত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক(প্ৰশাসনিক) তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, উপ সভাপতি মুফতি আব্দুল হক, যুৱ মৰ্চাৰ সভাপতি জেহৰুল ইছলাম, এ আই ইউ ডি এফৰ উপ-সভাপতি আউৱাল মজিদ, সম্পাদক আমিনুল হকৰ লগতে দলটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকে। আনহাতে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে খং কমা নাই বদৰুদ্দিন আজমলৰ। এইবাৰ মঞ্চতে গামোচা দলিয়ালে বদৰুদ্দিন আজমলে। সতীৰ্থক গামোচা দলিয়াই দি কৰ্মীৰ ওপৰত খং উজাৰে বদৰুদ্দিন আজমলে। সভাত বদৰুদ্দিন আজমলক দলীয় কৰ্মীয়ে গামোচাৰে সম্বৰ্ধনা জনাবলৈ গৈছিল। ইয়াতে খং উঠে বদৰুদ্দিন আজমলৰ। খঙত অগ্নিশৰ্মা হৈ আজমলে মঞ্চত থিয় হৈ কাষতে থকা সতীৰ্থলৈ তেওঁৰ ডিঙিত থকা গামোচা দলিয়াই দি দলীয় কৰ্মীক উদ্দেশ্যি কয়, হেলিকপ্টাৰৰ অনুষ্ঠান আপোনালোক নাজানে নেকি। মোৰ পলম হৈ আছে। দলীয় কৰ্মীৰ ওপৰত ক্ষোভ উজাৰী বদৰুদ্দিন আজমলে পিছত নিজে ভাষণ দিবলৈ আৰম্ভ কৰে।