Logo
image

গৰমত কলেষ্টেৰলৰ মাত্ৰা বাঢ়ে, এইবোৰ খাদ্য গ্ৰহণ কৰক

গৰমত হোৰা-হোৰে বৃদ্ধি পাই কলেষ্টেৰলৰ মাত্ৰা৷ গ্ৰীষ্মকালত ৰক্তবাহী নলীত জমা হয় আপদীয়া কলেষ্টেৰল৷ মূলত গৰম কালি শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ ইয়াৰ বাবেই শৰীৰত নানাত ৰোগে দেখা দিয়ে৷ বিশেষকৈ গৰমত খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অনিয়ম হ’লেই ভোগীব পাৰে কলেষ্টেৰলৰ সমস্যাত৷ 

যিসকলে উচ্ছ কলেষ্টেৰলৰ সমস্যাত ভুগি আছে তেওঁলোকে খাদ্য খোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হ’ব লাগে৷ বিশেষকৈ তেল আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থকা ভাল৷ গৰমত তেল-মচলাযুক্ত খাদ্যই শৰীৰ দুগুণে ৰোগীয়া কৰিব পাৰে৷ গৰমত বিশেষকৈ  তলত উল্লেখ কৰা চাৰিধৰণৰ খাদ্য খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে৷ যাৰ দ্বাৰা সুস্থ্য জীৱন যাপনত সহায়ক হয়৷ সেই কেইবিধ  খাদ্য বস্তু হ’ল – ভেন্দি, তিঁয়হ, তৰমুজ আৰু পটল৷ 

# ভেন্দি : কলেষ্টেৰলৰ মাত্ৰ বাঢ়িলে ফাইবাৰ সমৃদ্ধ খাদ্যৰ ওপৰত জোৰ দিব লাগে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে৷ ই ফাইবাৰ উচ্ছ হাৰত পোৱা যায় ভেন্দিত৷ এইবিধ খাদ্যত ভিটামিন কে, চি, এ, আৰু মেংগানিজৰ দৰে পদাৰ্থ থাকে৷ যি কলেষ্টেৰলৰ মাত্ৰা কমাবলৈ সক্ষম হয়৷ ওজন কমোৱা আৰু কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাত ভেন্দিয়ে বিশেষভাৱে সহায় কৰে৷ 

# তিঁয়হ : গৰমত শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ তিঁয়হৰ মাজত পানীৰ পাৰিমাণ পৰ্যাপ্ত থাকে৷ যি শৰীৰৰ আদ্ৰৰ্তা বজাই ৰাখে৷ তদুপৰি তিঁয়হত ফাইটোষ্টেৰলছ নামৰ এবিধ উপাদান পোৱা যায়৷ যি উচ্ছ কলেষ্টেৰেলৰ সমস্যা কমোৱাত সহায় কৰে৷ 

# তৰমুজ : গৰমত সুস্থ হৈ থাকিবলৈ হ’লে তৰমুজ খাব লাগে৷ তৰমুজত পানীৰ পৰিমাণ অধিক থাকে৷ তৰমুজত থকা লাইকোপেন নামৰ এবিধ যৌগ থাকে, যি কলেষ্টেৰেলৰ মাত্ৰা সঠিক ৰাখে৷ 

# পটল : পটলৰ নাম শুনিলে বহুতে নাক কোচাই৷ কিন্তু কলেষ্টেৰেলৰ মাত্ৰ কমোৱাৰ ক্ষেত্ৰত পটলে বিশেষভাৱে সহায় কৰে৷ এইবিধ খাদ্য সামগ্ৰীত ভিটামিন চি, বি আৰু এ থাকে৷ পটলে তেজত থকা অপ্ৰয়োজনীয় কলেষ্টেৰেল বা এইচডিএলৰ মাত্ৰা সঠিক ৰাখে৷ তদুপৰি পটলে হূদৰোগৰ আশংকা কমায়৷ লগতে ষ্টোকৰ সম্ভাৱনাও পটলে ৰোধ কৰে৷