Logo
image

হাৰ্দিক পাণ্ডিয়াৰ ফৰ্মে চিন্তাত ৰাখিছে নিৰ্বাচকক

নতুন দিল্লী, ২৬ এপ্ৰিল: আই পি এলৰ মাজতে টি-টুৱেণ্টী বিশ্বকাপৰ বাবে দল ঘোষণাৰো প্ৰস্তুতি চলাইছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে৷ প্ৰতিযোগিতাখনৰ বাবে দল ঘোষণাৰ বাবে বহু ক্ষেত্ৰত আই পি এলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে নিৰ্বাচক৷ এক সূত্ৰই প্ৰকাশ কৰা মতে দলৰ দ্বিতীয় উইকেটৰক্ষকৰ প্ৰতিদ্বন্দ্বিতাত সঞ্জু ছেমছনতকৈ সামান্য আগুৱাই আছে কে এল ৰাহুল৷ আনহাতে, প্ৰদৰ্শনত ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱৰা হাৰ্দিক পাণ্ডিয়াৰ বেটিং ফৰ্মকলৈ কিছু চিন্তিত নিৰ্বাচক৷ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব লগা টি-টুৱেণ্টী বিশ্বকাপৰ বাবে চলিত মাহৰ শেষলৈ ১৫ জনীয়া সদস্যৰ ভাৰতীয় দল ঘোষণা কৰা হ’ব৷ এজন অতিৰিক্ত বলাৰৰ নিৰ্বাচনৰ বিষয়টোৱেও  দল ঘোষণাৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছে৷ অভেশ খানৰ দৰে এজন অতিৰিক্ত বেগী বলাৰ দলত লোৱা হ’বনে ৱেষ্ট ইণ্ডিজৰ পিটচলৈ লক্ষ্য ৰাখি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ লেগ স্পিনাৰ ৰবি বিষ্ণয় বা দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ পেটেলক  দলত স্থান দিয়া হ’ব সৈই বিষয়ে সিদ্ধান্ত চূড়ান্ত হোৱা নাই৷ দলৰ গাঁঠনি সম্পৰ্কত নিৰ্বাচক কমিটীৰ অধ্যক্ষ অজিত আগৰকাৰৰ সৈতে অধিনায়ক ৰোহিত শৰ্মা আলোচনাত বহিব বুলি জনা গৈছে৷ ১৫ জনীয়া দল ঘোষণাৰ বাবে ১ মে’ চৰম সীমা নিৰ্ধাৰণ কৰি দিছে আই চি চিয়ে৷ আই পি এলত হাৰ্দিকে এতিয়ালৈকে মুম্বাই ইণ্ডিয়ানছৰ হৈ আঠখন মেচত ১৭ অভাৰ বল কৰিছে৷ এই মেচকেইখনত তেওঁ মাত্ৰ সাতটা ছয় কোবাইছে৷ প্ৰতিযোগিতাত এতিয়ালৈকে তেওঁ সংগ্ৰহ কৰিছে মাত্ৰ ১৪২ৰান৷ অৱশ্যে ‘টিনা’ [ডেয়াৰ ইজ নো এলটাৰনেটিভ] বিকল্পৰ ভিত্তিত হাৰ্দিকক নিৰ্বাচকে বিবেচনা কৰিব পাৰে৷ কিয়নো বিশ্বকাপৰ দলত স্থান পাব বুলি আশা কৰা শিৱম ডুৱেই এতিয়াও বল কৰা নাই৷ উল্লেখ্য, চলিত আই পি এলত ৩৪২ ৰান কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰা সকলৰ তালিকাত বুধবাৰ পৰ্যন্ত তৃতীয় স্থানত আছে ঋষভ পণ্ট৷ দলৰ এক নং উইকেটৰক্ষক-বেটাৰ হিচাপে তেওঁ চৰ্চিত হৈছে৷ কিন্তু দ্বিতীয় উইকেটৰক্ষক-বেটাৰ হিচাপে দলত স্থান পোৱাৰ যুঁজ তীব্ৰতৰ হৈ উঠিছে  কে এল ৰাহুল [৩০২ৰান] আৰু ছেমছনৰ [৩১৪] মাজত৷