Logo
image

ভোট গণনাৰ দিনা ৩ খন এম্বুলেন্স সাজু কৰাৰ আহ্বান আজমলৰ

'আমাৰ অসম'ৰ আগমনিৰ প্ৰতিবেদক, ২৬ এপ্ৰিলঃ ধুবুৰী জিলাৰ বেলগুৰিত শুকুৰবাৰে এ আই ইউ ডি এফৰ এখন জনসভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে ২ নং ধুবুৰী লোকসভাৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা অধ্যক্ষ বদৰুদ্দিন আজমলে ভোট গণনাৰ দিনা কংগ্ৰেছক ৩ খন এম্বুলেন্স সাজু কৰি ৰাখিবলৈ আহ্বান জনায়৷ 

তেওঁ কয় যে ভোট গণনাৰ দিনা ভূপেন বৰা গৌৰৱ গগৈ সকলো বেহুঁচ হ'ব৷ অকল হুচ থাকিব এ আই ইউ ডি এফৰ তলা-চাবিৰ। ফলাফলৰ দিনা তিনিখন এম্বুলেন্স সাজু কৰি ৰাখিবলৈ কংগ্ৰেছক আজমলে আহ্বান জনায়৷ তেওঁ কয় যে ফলাফলৰ পাছ বেহুঁচ হৈ এখন এম্বুলেন্সত ভূপেন বৰা, এখনত গৌৰৱ গগৈ আৰু আন এখনত ৰকিবুল হুছেইন হাস্পতাললৈ যাব। 

তেওঁ আৰু কয় ৰকিবুল হুছেইনে পোন্ধৰ বছৰে আজমলে ধুবুৰীৰ কি কৰিছে বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত ৰকিবুলক উদ্দেশ্যি আজমলে কয়, "তোৰ মাথা কৰিছোঁ। জানিবলৈ ইচ্ছা গ'লে ধুবুৰী ফুলবাৰী দলঙত যা, ধুবুৰী চিকিৎসা মহাবিদ্যালয় যা, ৰূপসী বিমানঘাটি যা, ধুবুৰী টি বি হাস্পতাল যা।" 

হেলিকপ্টাৰযোগে নিৰ্বাচনী সভাত উপস্থিত হোৱাৰ পাছত মাত্ৰ বিশ মিনিট সময়হে সভাত থাকে। সভাত কংগ্ৰেছ আৰু বিজেপিৰ কেইবাজনো নেতাই আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফত যোগদান কৰে। সভাত প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে৷