Logo
image

ৰাজেন গোঁহাইৰ বিদ্ৰোহঃ বিজেপিয়ে পুৰণা নেতাসকলক উপেক্ষা কৰাৰ পৰিণাম পাব নিৰ্বাচনত

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ এপ্ৰিলঃ বিগত কেইবাটাও লোকসভা নিৰ্বাচনৰ সময়ত যিজন মানুহৰ খাবলৈ-শুবলৈ  সময় নাছিল, সকলো সময়তে দলৰ কৰ্মী-সমৰ্থকে আৱৰি আছিল, সেইজন মানুহজনে আজি নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটদানৰ দিনটোত প্ৰায় অকলেই পাৰ কৰিলে। অকলে গৈয়ে নগাঁও চহৰৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত ভোটকেন্দ্ৰত ভোটদান কৰিলে। তিনি দশকৰ অধিক কাল বিজেপি দলৰ সংগঠন মজবুত কৰাত নিৰবিচ্ছিন্নভাৱে লাগি থকা লোকজনে সংবাদ মাধ্যমৰ আগত দলত উপেক্ষিত পুৰণা কৰ্মীৰ মানসিক অৱস্থা আৰু বিজেপিৰ ভৱিষ্যৎ সম্পৰ্কত ক'লে বহু গুৰুত্বপূৰ্ণ কথা। নিজৰ মন্তব্যৰে ইংগিত দিলে আজি অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সম্ভাৱ্য ফলাফলৰ। তেওঁ হৈছে নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই। 

ৰাজেন গোহাঁইয়ে কয়, "দায়িত্বশীল নাগৰিক হিচাপে ভোটদান প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিব লাগে৷ সেই হিচাপে মই আহি ভোট দিলোঁ। মই কিছুমান কথা অতিৰঞ্জিত কৰি ভাল নাপাওঁ। আগতে নগাঁও লোকসভা সমষ্টিটো হিন্দু মানুহৰ মেজৰিটি আছিল। সেই কাৰণে আমি বিজেপিয়ে ২০ বছৰত বাৰে বাৰে জিকিবলৈ সক্ষম হৈছিলোঁ৷ কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত ইয়াৰ জনবিন্যাস বেলেগ ধৰণে সলনি কৰি দিয়া হ'ল। য'ত সংখ্যালঘু সংখ্যাগৰিষ্ঠ আৰু সংখ্যাগুৰু সংখ্যলঘুত পৰিণত হ'ল। তাৰ ফলত ভোটাৰৰ সংখ্যা হিচাপে নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ হাতলৈ অহাটো কঠিন কাম। তথাপিও যদি ভোট বিভাজনে কিবাকৈ সহায় কৰে, তেন্তে বিজেপি কেনেবাকৈ জিকিব পাৰে।" 

এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত গোহাঁইক কিয় দেখা নগ'ল সেই সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ বিজেপি নেতাজনে কয়, "পুৰণা কাৰ্যকৰ্তা হিচাপে নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ পৰা মই কিয় আঁতৰি আছোঁ, এই প্ৰশ্ন আহে। মই মানসিকভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ পৰা নিজকে আঁতৰাই ৰাখিছোঁ। মই এতিয়া শান্তিৰে থাকিব বিচাৰোঁ। মই যেতিয়া ৰাইজৰ মাজলৈ যাওঁ, ৰাইজে বহু প্ৰশ্ন কৰে। তেওঁলোকৰ দুখবোৰ প্ৰকাশ কৰে৷  তেতিয়া মই অলপ আঘাত পাওঁ। মই ৰাইজৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। কাৰণ তেওঁলোকৰ দুখ শুনি থাকি ময়ো মানসিকভাৱে কষ্ট পাওঁ। মোৰ কিবা এটা ভালো লগা নাই যে দলৰ হৈ আগৰ নিচিনাকৈ কাম কৰিম। মোৰ ওচৰলৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আহিছিল। তেওঁ মোক বিজেপিৰ পুৰণা কাৰ্যকৰ্তাখিনিক গোটাই দিবলৈ কৈছিল। ডাঃ নোমল মমিনেও কৈছিল। সেইমতে গোটেইখিনি নোৱাৰিলেও পঞ্চাশ-ষাঠিজনমান গোটাই দিছিলোঁ। তেওঁলোকে যি পাৰিছে কৰিছে। নগাঁও, ৰহা, লাহৰিঘাট , মৰিগাঁও সমষ্টিত যি কেইজন মূল কাৰ্যকৰ্তা আছে তেওঁলোকে কাম কৰিছে বুলি ভাবোঁ৷ তেওঁলোকো এনেয়ে বহি আছিল। তেওঁলোকক এতিয়া কোনেও নিবিচাৰে। তেওঁলোক কোনোধৰণৰ সাংগঠনিক দায়িত্বত নাই। সাধাৰণতে তেওঁলোকক কোনেও নিবিচাৰে।"

ইয়াৰ লগতে দীৰ্ঘদিন ধৰি অতি কষ্টৰে গঢ়া দলটোৰ কামকাজৰ পৰা আঁতৰি থাকি কি অনুভৱ হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজেন গোঁহায়ে কয়, "সেইবোৰ কথা মই বহুবাৰ কৈছিলোঁ। সেই কথা এতিয়া আৰু কোনেও নুশুনে। নুশুনা বাবে দলৰ বহু পুৰণা মানুহ হতাশা আৰু নিৰাশাত ভুগিছে। ময়ো ভুগিবলগা হৈছে। আন সাধাৰণ কৰ্মীয়েও ভুগিছে। হয়তো তাৰ পৰিণাম এইবাৰৰ নিৰ্বাচনত পাব। অকল ইয়াতে নহয়, সমগ্ৰ ভাৰততে এক বিদ্ৰোহ সূচনা ভিতৰি ভিতৰি হৈছে।  সেই কাৰণে মই কৈ আছিলোঁ, পুৰণা সকলক তেনে ধৰণেৰে উপেক্ষা কৰিব নালাগে৷ আমি তেতিয়ালৈকে নেতা হ'ব নোৱাৰোঁ, আমাক যেতিয়ালৈকে দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে৷ সেইসকলেই একোখন সভা আয়োজন কৰি আমাক মাতি নি পৰিচয় কৰাই দি আমাক নেতা বনাই আহিছে। আজি সেই সকলক মই উপেক্ষা কৰিম। মই মোৰ পুৰণি বন্ধুকহে চিনি পাম৷ পুৰণাখিনিহে মোৰ লগৰীয়া হ'ব। দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যিয়ে ভাবে তাৰ পৰিণাম হয়তো মই নাজানোঁ৷ নিশ্চিতভাৱে মই নাজানোঁ৷ কিন্তু দলৰ যদি কিবা ক্ষতি হয় তেন্তে ক্ষতি তেওঁলোকৰ ভুলৰ বাবেই হৈছে। হয়তো তেওঁলোকে কৰা ভুলৰ বাবে বিজেপিৰ অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে। 

ইফালে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি মন্ত্ৰীসকলে মুছলমান অঞ্চলত ব্যাপক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা সম্পৰ্কত ৰাজেন গোঁহায়ে কয়, "হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত দল এটাই ধৰ্মীয় সংখ্যালঘুৰ এনেকৈ ভোট বিচাৰি ফুৰাটো আমাৰ কট্টৰপন্থী ভোটাৰে ভাল নাপায় । তাৰ প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। সংখ্যালঘুৰ ভোট লাগে আমাক। কিন্তু সেইবুলি তেওঁলোককে অগ্ৰাধিকাৰ দি বাকী সকলক পাহৰি যাব নালাগে৷ হাজাৰ হাজাৰ তেনে মানুহক বিজেপিত যোগদান কৰাই দিয়াত বিৰূপ প্ৰতিক্ৰিয়া হৈছে৷ মানুহৰ ভয় হৈছে তেওঁলোক বিজেপিলৈ আহি আকৌ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি?  তেনেকুৱা চাইক'লজিকেল এফেক্ট এটা হয়। এইবোৰ কথা নিৰ্বাচনত প্ৰভাৱ পৰিবনে নাই নাজানোঁ কিন্তু মানুহৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ।" গোঁহায়ে এইবুলিও কয়, "অৱশ্যে ভোটাৰে ভোট দিবই। যি সকলে ভাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে, বিজেপিক ভোট দিব লাগে, তেওঁলোকে মনত দুখ পালেও ভোটটো দিয়া উচিত বুলি ভাবি বিজেপিক ভোট দিবই। ৰাজনীতিত সৰু সৰু কথাতে দৃশ্যপট হঠাৎ সলনি হৈ যায়৷"