Logo
image

ইভিএমতেই বিশ্বাস ৰাখক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ এপ্ৰিল: ইভিএমৰ প্ৰতিটো ভোটৰ সৈতে ভিভিপেটৰ [ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল] শ্লিপ মিলাই চোৱাৰ বাবে নিৰ্দেশ দিবলৈ উচ্ছতম ন্যায়ালয়ত জনোৱা আবেদন দেশৰ সৰ্বোচ্ছ আদালতে খাৰিজ কৰিছে৷ একপ্ৰকাৰ নিৰ্বাচন আয়োগৰ সুৰতে উচ্ছতম ন্যায়ালয়ে কয় যে, এনেদৰে প্ৰতিখন ভিভিপেট শ্লিপ প্ৰতিটো ভোটৰ সৈতে মিলাই চাবলৈ হ’লে নিৰ্বাচনৰ ফলাফল ঘোষণাত অস্বাভাৱিক বিলম্ব ঘটিব৷ ন্যায়াধীশ সঞ্জীব খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে সেই আবেদন খাৰিজ কৰি নিৰ্বাচন আয়োগক অহা ১ মে’ৰ পৰা বলবৎ হোৱাকৈ অন্ততঃ দুটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷ তদুপৰি ভিভিপেট শ্লিপত ৰাজনৈতিক দলৰ ‘বাৰ ক’ড’ ছপা কৰাৰো পৰামৰ্শ দিছে৷ আবেদন খাৰিজ কৰি ন্যায়াধীশ সঞ্জীব খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কয়–অন্ধৰ দৰে কোনো এটা ব্যৱস্থাৰ ওপৰত অবিশ্বাস কৰাটোৱে অযথা সন্দেহৰ সৃষ্টি কৰে৷ গণতন্ত্ৰ হৈছে ঐক্য বৰ্তাই ৰখা এক ব্যৱস্থা আৰু ইয়াৰ আটাইকেইটা স্তম্ভৰ প্ৰতি বিশ্বাস ৰখা প্ৰয়োজন৷ বিশ্বাসৰ সংস্কৃতি গঢ়ি তুলি আমি আমাৰ গণতন্ত্ৰৰ কণ্ঠ শক্তিশালী কৰিব লাগে৷’ উল্লেখ্য, দুদিন শুনানি গ্ৰহণৰ অন্তত যোৱা ১৮ এপ্ৰিলত ৰায়দান স্থগিত ৰাখি উচ্ছতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ৫টা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল৷ আয়োগে সেই উত্তৰ দিয়াৰ পাছতে শুকুৰবাৰে দেশৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই সৰ্বোচ্ছ আদালতে ১০০ শতাংশ ভিভিপেট শ্লিপ পৰীক্ষণৰ বাবে জনোৱা আবেদন খাৰিজ কৰে৷

‘ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল’ বা চমুকৈ ভিভিপেট হৈছে এখন শ্লিপ, য’ত ভোটাৰে যিজন প্ৰাৰ্থী বা যিটো দলৰ হৈ ভোট দান কৰে সেয়া এখন আইনাৰ মাজেৰে মেচিনটোত দেখিবলৈ পায়৷ ভোটদানৰ ৭ চেকেণ্ডৰ ভিতৰত ভোটাৰে ভিভিপেট শ্লিপখন পৰীক্ষা কৰাৰ সুযোগ পায়৷ তাৰ পাছতে শ্লিপখন বাকচৰ ভিতৰত জমা হয়৷ ইয়াক ভোটাৰে স্পৰ্শ কৰিব নোৱাৰে কিম্বা লৈ আহিব নোৱাৰে৷ এতিয়াৰ নিয়ম অনুসৰি ভোট গণনাৰ সময়ত প্ৰতিটো অঞ্চলৰ যিকোনো পাঁচটা বুথৰ ইভিএমৰ সৈতে ভিভিপেট শ্লিপ মিলাই চায়৷ বিৰোধী ৰাজনৈতিক দল আৰু গণতান্ত্ৰিক অধিকাৰ সংগঠনে কেৱল ৫টা বুথৰ পৰিৱৰ্তে ১০০ শতাংশ ভিভিপেট শ্লিপ মিলাই চোৱাৰ নিৰ্দেশৰ আবেদন জনাইছিল৷ উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছিল ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ৰ উপৰি অভয় ভাকচান্দ আৰু অৰুণ কুমাৰ আগৰৱালে৷ বিৰোধী ৰাজনৈতিক দলে এই আবেদনৰ প্ৰতি সমৰ্থন জনাইছিল৷ আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দাঙি ধৰি কৈছিল, ইউৰোপৰ অধিকাংশ দেশে ইভিএমৰ পৰিৱৰ্তে বেলট ভোট আৰম্ভ কৰিছে৷ ভাৰতো বেলট ভোটৰ যুগলৈ উভতি যাব পাৰে বা ভিভিপেট শ্লিপ ভোটাৰৰ হাতত দিব পাৰে৷ ভোটাৰে সেই শ্লিপ বেলট বাকচত জমা কৰিব৷ সৰ্বোচ্ছ আদালতে এই দুয়োটা আৰ্জি খাৰিজ কৰে৷ উচ্ছতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক দুটা নিৰ্দেশ দি কয়–[ৰ] ইভিএমত প্ৰতীক ‘লোড’ কৰাৰ পাছত ‘ছিম্বল লোডিং ইউনিট’ ছীল কৰি ৰাখিব লাগিব আৰু [২] দ্বিতীয় তথা তৃতীয় অৱস্থানৰ প্ৰাৰ্থীৰ অনুৰোধত ফলাফল ঘোষণাৰ পাছত ইভিএম মাইক্ৰ’কণ্ট্ৰোলাৰ [যাৰ মাধ্যমত ভিভিপেট শ্লিপ পোৱা যায়] পৰীক্ষা কৰিব পাৰিব৷ অৱশ্যে তাৰ খৰছ সংশ্লিষ্ট প্ৰাৰ্থীজনে ভৰিব লাগিব৷

উচ্ছতম ন্যায়ালয়ৰ এই ৰায়দানত অস্বাভাৱিকভাৱে উৎফুল্লিত হৈছে বিজেপি৷ নিৰ্বাচনী সভাতে নিজৰ আনন্দৰ আতিশয্য প্ৰকট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্ছতম ন্যায়ালয়ৰ ৰায় বিৰোধী দলৰ গালত প্ৰচণ্ড চৰ বুলি অভিহিত কৰিছে৷ বিহাৰৰ আৰাৰিয়াত আয়োজিত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা উল্লাসক লৈ প্ৰশ্নৰ উদয় হৈছে৷