Logo
image

ৰকিবুল, আজমলতকৈ শুকুৰ আলীৰ ফলাফল ভাল হ’ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ এপ্ৰিল : ৰকিবুল হুছেইন, বদৰুদ্দিন আজমল নে শুকুৰ আলী? ধুবুৰী লোকসভা সমষ্টিত এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত কোনে জয় লাভ কৰিব? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী–ৰকিবুল, আজমলতকৈ শুকুৰ আলীৰ ফলাফল ভাল হ’ব৷ লক্ষণীয়ভাৱে ধুবুৰী লোকসভা সমষ্টি বিজেপি দলে ইয়াৰ মিত্ৰদল অগপক এৰি দিছে আৰু অগপই প্ৰাক্তন কংগ্ৰেছী জাভেদ ইছলামক টিকট দিছে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰো মিত্ৰদলৰ প্ৰাৰ্থীজনৰ নাম হৰা-জিকাৰ তালিকাত উল্লেখ নকৰিলে৷ বৰং তেওঁ শুকুৰ আলীৰ প্ৰসংগহে অধিক চৰ্চা কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ মন্তব্য– ধুবুৰীত শুকুৰ আলীৰ জিকাৰ সম্ভাৱনা বেছি চলি আছে৷ মই চামগুৰিলৈ গৈছিলো৷ চামগুৰিৰ ল’ৰা বিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো সম্ভাৱনা নাই, আজমলৰো সম্ভাৱনা নাই, প্ৰতিদ্বন্দ্বিতাত আটাইতকৈ আগত শুকুৰ আলী আছে৷ ৰাইজে এইটোকে চিঞৰি আছে৷ আমি ১৩ খন আসনত জিকিম৷ এখন আসন শুকুৰ আলীক দি থলো৷ চামগুৰিৰ ল’ৰা বিলাকে যিহেতু কৈ আছে যে শুকুৰ আলী জিকিব বুলি গতিকে ধুবুৰীলৈ গ’লে গম পাম৷ তেওঁলোকক মই সুধিছিলো ৰকিবুল হুছেইন জিকিব নে আজমল জিকিব৷ তেতিয়া চামগুৰিৰ ল’ৰা বিলাকে কৈছে যে শুকুৰ আলী জিকিব৷ তেওঁলোকে ধুবুৰীৰ পৰা গৈ আহি কৈছে৷ ৰকিবুল হুছেইন জিকিলে মই ভাল পাও বুলি আগৰ পৰা কৈ আছো৷ কিন্তু ৰকিবুল হুছেইনৰ সমষ্টিৰ ল’ৰা বিলাকে কৈ আছে যে শুকুৰ আলী জিকিব বুলি৷ কি কথা নাজানো৷

ভোট গণনাৰ দিনা তিনিখন এম্বুলেন্স লাগিব: আজমল

‘আমাৰ অসম’ৰ আগমনিৰ প্ৰতিবেদক : ধুবুৰী জিলাৰ বেলগুৰিত আজি এআইইউডিএফৰ এখন জনসভা অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে দুই নং ধুবুৰী লোকসভাৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা অধ্যক্ষ বদৰুদ্দিন আজমল কয়– ভোট গণনাৰ দিনা ভুপেন বৰা, গৌৰৱ গগৈ সকলো বেহুচ হ’ব; অকল হুচ থাকিব এআইইউডিএফৰ তলাচাবিৰ৷ ফলাফলৰ দিনা তিনিখন এম্বুলেন্স সাজু কৰি ৰাখিবলৈ কংগ্ৰেছক আজমলে আহ্বান জনাই কয়– এখনত বেহুচ হৈ ভুপেন বৰা হাস্পতালত যাব, এখনত গৌৰৱ গগৈ আৰু আন এখনত যাব ৰকিবুল৷ তেওঁ কয়– ৰকিবুল হুছেইনে সোধে পোন্ধৰ বছৰে আজমলে ধুবুৰীৰ কি কৰিছে৷ খং উজাৰি ৰকিবুলক উদ্দেশ্যি কয়– তোৰ মাথা কৰিছো৷ জানিব ইচ্ছা গ’লে ধুবুৰী ফুলবাৰী দলঙত যা, ধুবুৰী চিকিৎসা মহাবিদ্যালয় যা, ৰূপসী বিমানঘাটি যা, ধুবুৰী টিবি হাস্পতাললৈ যা৷ হেলিকপ্টাৰ যোগে নিৰ্বাচনী সভাত মাত্ৰ বিশ মিনিট থাকি পুনৰ গুচি যায়৷ সভাত কংগ্ৰেছ বিজেপিৰ কেইবাজনো নেতা আনুষ্ঠানিকভাৱে এআইইউডিএফত যোগদান কৰে৷ সভাত পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকি কংগ্ৰেছৰ ভেটিত কঁপনি তোলে৷