Logo
image

ৰকিবুলৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকাই, আজি আহিব খৰ্গে

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক,২৭ এপ্ৰিল : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ধুবুৰীলৈ অহাৰ তাৰিখ পৰিৱৰ্তন কৰা হৈছে৷ ১ মে’ৰ দিনা ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী৷ ১ মে’ৰ পুৱা ১১ বজাত বালাজনত ধুবুৰী লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে৷ ইতিমধ্যেই ধুবুৰী লোকসভাৰ চুকে কোনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বই৷ ধুবুৰীত প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব’ কৰাৰো সম্ভাৱনা আছে যদিও সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই৷ উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইয়াৰ পূৰ্বে তেওঁ যোৰহাট লৈ আহিছিল৷ ৪৫ মিনিটৰ বাবে তেওঁ যোৰহাটলৈ আহিছিল কিন্তু এইবাৰ ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধী৷ বালাজনত ৰকিবুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে৷ 

শনিবাৰে বৰপেটালৈ কংগ্ৰেছৰ অধ্যক্ষ খৰ্গে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটা : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাজুৰ্ন খাৰ্গে ২৭ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব৷ বিশেষ বিমানযোগে দিনৰ ১১-৩০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী৷ অসম প্ৰদেশ কংগ্ৰেছৰ বিভাগীয় সূত্ৰই জনোৱা অনুসৰি ইয়াৰ পিছতে খাৰ্গেই মহানগৰীৰ কিৰণশ্ৰী হোটেলত দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এখন সংবাদমেল সম্বোধন কৰিব৷ সংবাদমেল শেষ কৰি দিনৰ ২ বজাত হেলিকপ্টাৰযোগে বৰপেটালৈ ৰাওনা হ’ব আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত কয়াকুছিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব৷ বিয়লি ৪ বজাত গুৱাহাটীলৈ আহি বিশেষ বিমানযোগে ৰাষ্ট্ৰীয় অধ্যক্ষ খাৰ্গে দিল্লীলৈ উৰা মাৰিব৷