Logo
image

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ পৰিয়ালত এজনো চাকৰিয়াল নথকা প্ৰাৰ্থীয়ে নিযুক্তি পৰীক্ষাত ১০ নম্বৰ বেছিকৈ পাব

'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ২৭ এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ গৰম বতাহ সৰ্বত্ৰে চলাৰ লগতে বিটিআৰ অঞ্চলটো পৰিলক্ষিত হৈছে। শনিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মানাহত এক বিশাল নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে ৰাজ্যত পুনৰ নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়া হ’ব৷ যাৰ ঘৰত এজনো চাকৰি নাই, সেইসকল প্ৰাৰ্থীক পৰীক্ষাত ১০ নম্বৰকৈ বঢ়াই দিয়া হ’ব। কলেজত পঢ়া সকলো ল'ৰা-ছোৱালীৰ নামভৰ্তি বিনামূলীয়া হ'ব। ৰেচন কাৰ্ড থকা সকলোকে নতুনকৈ দিব অৰুণোদয় আঁচনি। লগতে তেওঁ 'মোদী ক্যা গেৰেণ্টী, মামা কা ৱাৰেণ্টী' বুলি কৈ কোকৰাঝাৰ সমষ্টিৰ ৰাইজক পদুম ফুলৰ সলনি ট্ৰেক্টৰৰ চিনত ভোট দিবলৈ আহ্বান জনায়।

আনহাতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু বিপিএফক 'কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই' বুলি কটাক্ষ কৰে। তেওঁ আৰু কয় যে বিটিচিৰ ৰাজনীতি সুকীয়া হ’লেও বিটিচিৰ ৰাইজে তেও৷ক মৰম কৰে। ভূপেন বৰাই বিজেপি চৰকাৰক দুৰ্নীতি-ভ্ৰষ্টাচাৰ চৰকাৰ বুলি ক'লেও ৰাইজে নামানে। বিজেপি চৰকাৰৰ দিনত দালাল নোহোৱা হৈছে, সুদখোৰ নোহোৱা হৈছে, ড্ৰাগছ বেপাৰী নোহোৱা হৈছে। ৰাইজে এইবোৰ দেখিছে। সংখ্যালঘু ৰাইজে এইবাৰ বিজেপিক ভোট দিবলৈ ওলাই আহিছে।  

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষধ জয় মুছাহাৰী, মন্টো বড়ো ধীৰাজ দেউৰী সমম্বিতে বহুকেইজন নেতা-কৰ্মীয়ে৷